নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ওদালগুৰি জিলা সাহিত্য সভাৰ ‘নিজৰ দিন’ পালন

🔹 ৫ জ্যেষ্ঠ ব্যক্তিক বিহুৰ ওলগ-সন্মান

নিয়মীয়া বাৰ্তা, ১৫ এপ্ৰিল : পহিলা ব’হাগৰ দিনটোত ওদালগুৰি জিলা সাহিত্য সভাই পালন কৰে ‘নিজৰ দিন ‘। অসম সাহিত্য সভাৰ বিশেষ কাৰ্যসূচীৰ অংশ হিচাপে পালন কৰা এই ‘নিজৰ দিন’ উপলক্ষে সাহিত্য-সংস্কৃতি, শৈক্ষিক, সামাজিক ইত্যাদি ক্ষেত্ৰত সমাজ জীৱনলৈ অৰিহণা আগবঢ়োৱা জিলাখনৰ কেইবাগৰাকীও জ্যেষ্ঠ ব্যক্তিক বিহুৰ ওলগ আৰু সন্মান জনায় ওদালগুৰি জিলা সাহিত্য সভাই । জিলা সাহিত্য সভাৰ সভাপতি গৌৰীশংকৰ দাসৰ নেতৃত্বত সাহিত্য সভাৰ এটা প্ৰতিনিধি দলে জিলাখনৰ প্ৰান্তে প্ৰান্তে পৰিভ্ৰমণ কৰি খৈৰাবাৰী সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ফজলুল হক চৌধুৰী, অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক পদ্ম ৰাম ৰাভা (ভেৰগাঁও), অৱসৰী শিক্ষয়িত্ৰী লাৱণ্য বৰুৱা ( সাৰেং ), সাহিত্য সংগঠক বিনন্দ চন্দ্ৰ ডেকা (জলাহ ) আৰু ভোগেশ্বৰ শইকীয়াক (পুৰন্দিয়া) একোখনকৈ ওলগনি পত্ৰ আৰু ফুলাম গামোচাৰে বিহুৰ ওলগ জনায় । জ্যেষ্ঠজনক সন্মান, পাৰস্পৰিক শ্ৰদ্ধা-ভক্তিৰ মাজেৰে মানুহৰ মাজত ভাতৃত্ববোধ সুদৃঢ় কৰাৰ উদ্দেশ্যে সাহিত্য সভাই পালন কৰি আহিছে এই কাৰ্যসূচী । ইপিনে, ওদালগুৰি জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট লেখক, গল্পকাৰ হৰেশ্বৰ কলিতাক পহিলা ব’হাগৰ দিনটোত বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে জিলা সাহিত্য সভাই । কলিতাৰ বাসগৃহত গৈ সম্বৰ্ধনা পত্ৰ আৰু ফুলাম গামোচাৰে এই সন্মান জনায় সাহিত্য সভাৰ প্ৰতিনিধি দলটোৱে । ৰাভা শিল্পী আৰু লেখক মঞ্চ, অসমৰ সম্পাদক তথা বিশিষ্ট লেখক সুৰেন্দ্ৰ মোহন ৰাভা, বিশিষ্ট কবি চিদানন্দ শৰ্মা, সাহিত্য সংগঠক দিলীপ বৰুৱা আৰু সংবাদ কৰ্মী ধীৰেন মহলীয়ায়ো পহিলা ব’হাগৰ দিনটোত অংগবস্ত্ৰ, ফুলাম গামোচাৰে বিহুৰ শুভেচ্ছা আৰু শ্ৰদ্ধা জ্ঞাপন কৰে বিশিষ্ট গল্পকাৰগৰাকীক । জিলা সাহিত্য সভাৰ প্ৰতিনিধি দলটোত সভাপতি গৌৰীশংকৰ দাসৰ সৈতে আছিল উপ-সভাপতি ভদ্ৰ কান্ত শৰ্মা, সম্পাদক নিৰ্মল চন্দ্ৰ নাথ আৰু সহকাৰী সম্পাদক ৰমেন শৰ্মা ।

প্ৰেৰক ধীৰেন মহলীয়া

You might also like