নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মোক অসম সাহিত্য সভাই আৰু কুৰি বছৰ আয়ুস দিলে : ব্ৰজবালা দেৱী

🔹 পাটাছাৰকুছি শাখা সাহিত্য সভাৰ ‘নিজৰ দিন’ পালন 

নিয়মীয়া বাৰ্তা,  ১৫ এপ্ৰিল : অসম সাহিত্য সভাই মোক আজি যি দিলে, সেয়া মোৰ এই এশ এক বছৰীয়া জীৱনত সৰ্বোত্তম প্ৰাপ্তি আৰু সন্তুষ্টি । ইমানদিনে আনে বিচাৰি নোপোৱা মোৰ দৰে এগৰাকী শতায়ু গৰকা বৃদ্ধাক বিচাৰি উলিয়াই অসম সাহিত্য সভাৰ মজিয়াত যি সন্মান দিলে সিয়ে মোক আৰু কুৰি বছৰ জীয়াই থকাৰ প্ৰেৰণা আৰু খোৰাক যোগালে, যাৰ বাবে পাটাছাৰকুছি শাখা সাহিত্য সভাৰ বৰ্তমানৰ কৰ্মকৰ্তাসকলক মই হিয়াভৰি আশীৰ্বাদ দিলোঁ । মোৰ দৰে তেওঁলোকেও এনেবোৰ ভাল কৰ্মৰ ফল ভোগ কৰি শতায়ু গৰকি যাওক৷ অসম সাহিত্য সভা আৰু পাটাছাৰকুছি শাখা সাহিত্য সভা দীৰ্ঘজীৱী হওক ।- অসম সাহিত্য সভাৰ আহ্বানত পাটাছাৰকুছি শাখা সাহিত্য সভাই পাটাছাৰকুছিস্থিত বজালী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ত শাখা সাহিত্য সভাৰ সভাপতি দিলীপ কুমাৰ ৰয়ৰ সভাপতিত্বত পালন কৰা “নিজৰ দিন”ৰ লগত সংগতি ৰাখি অনুষ্ঠিত সভাত সমাজৰ ভিন ভিন ক্ষেত্ৰত স্বকীয় পাৰদৰ্শিতাৰে নিজৰ জীৱন সমুজ্জ্বল কৰা সাতত্ৰিশগৰাকী বৰেণ্য ব্যক্তিৰ অন্যতম এশ এক বছৰীয়া আজিও বিতচকু অবিহনে সকলো কৰ্মতে নিপুণ ব্ৰজবালা দেৱী নামৰ সৰবৰহী আইতা এগৰাকীয়ে এইদৰে মন্তব্য কৰে । অসমৰ সংবাদ ক্ষেত্ৰ আৰু সাহিত্য ক্ষেত্ৰত সমান্তৰাল ব্যুৎপত্তিৰে অসমীয়া ভাষাক চহকী কৰা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কনকসেন ডেকা আৰু প্ৰাক্তন প্ৰধান সম্পাদক ড°জগদীশ পাটগিৰীৰ ২০০৫ চনৰ এক অনন্য চিন্তাৰ ফচল হিচাপে অসম সাহিত্য সভাই অসমীয়া জাতিৰ আয়ুস ৰেখা ব’হাগ মাহৰ পহিলা দিনটো অসমীয়া জাতিৰ “নিজৰ দিন” হিচাপে আজিকোপতি পালন কৰি অহাৰ সুবাদতে এইবেলিও অসম সাহিত্য সভাৰ আহ্বানত অসমৰ প্ৰতিখন জিলা আৰু শাখা সভাৰ লগতে অসম সাহিত্য সভাৰ অন্যতম শতদল স্বীকৃত পাটাছাৰকুছি শাখা সাহিত্য সভায়ো শাখাটোৰ ইতিহাসত নজিৰবিহীনভাৱে সাতত্ৰিশগৰাকীকৈ সমাজৰ ভিন্ন স্তৰত নিজস্ব পাৰদৰ্শিতাৰে অৱদান আগবঢ়াই যোৱা বৰেণ্য ব্যক্তিক অসম সাহিত্য সভাৰ ওলগনি পত্ৰ আৰু শাখা সভাৰ পৰা একোখনি বিহুৱানেৰে ব’হাগৰ দ্বিতীয় দিনটোত অৰ্থাৎ গোসাঁই বিহুৰ দিনাখন গোসাঁই তুল্য বিশিষ্ট লোকসকলক সেৱা-সম্ভাষণ জনায় আৰু বৰেণ্যসকলে শাখা সভাৰ প্ৰতিগৰাকী বিষয়বৱীয়াকেই হিয়াভৰাই আশিস প্ৰদান কৰে । সম্বৰ্ধনা জনোৱা বৰেণ্যসকলৰ ভিতৰত এশ এক বছৰীয়া সৰবৰহী মহিলা ব্ৰজবালা দেৱী, বিশিষ্ট ব্যৱসায়ী ৰোহিণী গোস্বামী, প্ৰখ্যাত জুনা নামৰ পাঠক পুষ্পৰাম দাস, বিশিষ্ট পুথি প্ৰকাশক, লেখক আৰু ক্ৰীড়া সংগঠক তথা হিতৈষী সভ্য শ্ৰীপদ চৌধুৰী, আদৰ্শ কৃষক হৰেন্দ্ৰ নাথ দাস, হজফেৰৎ বিশিষ্ট সমাজসেৱী তথা আজীৱন সভ্য কাচিম আলী, কৃতী শিক্ষক তথা আজীৱন সভ্য ভবেন্দ্ৰ ৰামচিয়াৰী, লেখিকা আৰু সু-নামতী নিৰ্মলা দেৱী, সুদক্ষ ফুটবল ৰেফাৰী আৰু দিল্লীৰ গণৰাজ্য দিৱসত এন চি চিৰ সৰ্বাধিনায়ক হিচাপে পেৰেডত অংশগ্ৰহণকাৰী তথা আজীৱন সভ্য বীৰেন্দ্ৰ নাথ কলিতা, অৱসৰী ৰাজ্যিক পুৰস্কাৰপ্ৰাপ্ত অধ্যক্ষ তথা হিতৈষী সভ্য বিনন্দ নাথ শীল, লেখিকা, সু-নামতী তথা আজীৱন সভ্য প্ৰতিভা দেৱচৌধুৰী, অৱসৰী অধ্যক্ষ তথা হিতৈষী সভ্য গিৰীশ ঠাকুৰীয়া, কৃতী ফুটবল খেলুৱৈ তথা আজীৱন সভ্য হৰেশ্বৰ দাস, সত্ৰাধিকাৰ শশীমোহন গোস্বামী, লেখিকা বিজয়লক্ষ্মী দেৱী, পাটাছাৰকুছি শাখা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক তথা হিতৈষী সভ্য ডিম্বেশ্বৰ শৰ্মা, কৃতী শিক্ষক তথা হিতৈষী সভ্য অতুল চন্দ্ৰ ৰয়, মহাপুৰুষ দামোদৰদেৱৰ একান্ত ভকত অৰবিন্দ গোস্বামী, কৃতী শিক্ষক আহমেদ আলী আৰু পাটাছাৰকুছিস্থ বজালী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° হোমেশ্বৰ দাস প্ৰণিধানযোগ্য । ড° দাসে পাটাছাৰকুছি শাখা সাহিত্য সভাৰ যি অনিৰুদ্ধ গতি সিয়ে এই অঞ্চলত নিঃসন্দেহে আমাৰ দৰে এলাহপ্ৰিয় লোকক লেখক হিচাপে সৃষ্টি কৰিছে বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰি শাখা সভাখনৰ এই অগস্তি যাত্ৰাত সকলোৱে হাত উজান দিয়াটো এক পৰম কৰ্তব্য হিচাপে গ্ৰহণ কৰিব লাগে বুলি উপস্থিত সকলোকে আহ্বান জনায় । উল্লেখ্য যে বিশিষ্ট সাহিত্যিক ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী, অৱসৰী মুখ্য অভিযন্তা আৰু অক্লান্ত সমাজসেৱী কৈলাশ চন্দ্ৰ ৰয়, কৃতী শিক্ষয়িত্ৰী তথা আজীৱন সভ্য লীলাৱতী দেৱী , বিশিষ্ট চিকিৎসক , আজীৱন সভ্য ডাঃ অতুল চন্দ্ৰ শৰ্মা, বিশিষ্ট চিকিৎসক তথা হিতৈষী সভ্য ডাঃ নিৰ্মালি দেৱী, কৃতী অৱসৰী ক্ৰীড়া বিষয়া, আজীৱন সভ্য ভূপেন দেৱচৌধুৰী, বিশিষ্ট চিকিৎসক তথা হিতৈষী সভ্য ডাঃ দিলীপ কুমাৰ শৰ্মা, অৱসৰী অধ্যক্ষ অমূল্য কুমাৰ দেৱচৌধুৰী, লেখিকা, কৃতী শিক্ষয়িত্ৰী, হিতৈষী সভ্য তথা পাটাছাৰকুছি শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পদুমী দেৱী, অৱসৰী কৃতী প্ৰধান শিক্ষক সুশীল কুমাৰ শৰ্মা, কৃতী শিক্ষক অতুল চন্দ্ৰ শৰ্মা ,অৱসৰী অধ্যক্ষ তথা আজীৱন সভ্য কুমুদ চন্দ্ৰ পাঠক, কৃতী শিক্ষয়িত্ৰী তথা হিতৈষী সভ্য সৰলা দেৱী চৌধুৰী, বিশিষ্ট সংস্কৃত পণ্ডিত শৰৎ চন্দ্ৰ শৰ্মা, বিশিষ্ট সমাজসেৱক হৰিশ কলিতা, কৃতী শিক্ষয়িত্ৰী তথা আজীৱন সভ্য গীতিকা দেৱী অনুষ্ঠানত বিশেষ কাৰণত অনুপস্থিত থকাত সেইসকলক শাখা সভাৰ কৰ্মকৰ্তাসকলে সময় আৰু সুবিধা অনুসৰি ঘৰে ঘৰে গৈ সম্বৰ্ধনা জনাব বুলি সভাপতি দিলীপ কুমাৰ ৰয়ে জনাইছে । প্ৰণিধানযোগ্য যে ২০০৫ চনত আৰম্ভ কৰা “নিজৰ দিন” যদিও ব’হাগৰ পহিলা দিনটোতে সীমাবদ্ধ আছিল, এইবেলি অসম সাহিত্য সভাৰ সভাপতি ড° সূৰ্যকান্ত হাজৰিকা আৰু সম্পাদক ড° উপেন্দ্ৰজিৎ শৰ্মাৰ আহ্বান মৰ্মে ব’হাগৰ প্ৰথম তিনিটা দিন ‘নিজৰ দিন’ হিচাপে পালন কৰিবলৈ আহ্বান জনাইছিল । সভাত শ্ৰীপদ চৌধুৰী , কাচিম আলী , বিনন্দ নাথ শীল , গিৰীশ ঠাকুৰীয়া, শশীমোহন গোস্বামী, ডিম্বেশ্বৰ শৰ্মা, ভাবিত চন্দ্ৰ হালৈ, হৰেকৃষ্ণ গোস্বামী, নলিনী কুমাৰ শৰ্মাই নিজৰ দিনত মনৰ অনুভৱ ব্যক্ত কৰি পাটাছাৰকুছি শাখা সাহিত্য সভাক ভূয়সী প্ৰশংসা কৰে । সভাৰ আঁত ধৰে সম্পাদক হীৰেন্দ্ৰ নাথ শৰ্মাই আৰু সহযোগ কৰে উপ-সভাপতিদ্বয় হিতেশ চন্দ্ৰ গোস্বামী আৰু ভবেশ গোশ্বামীৰ লগতে সহকাৰী সম্পাদক গৌতম গোস্বামীয়ে । শতাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত সভাখনৰ আৰম্ভণিতে উপ-সভাপতি ভবেশ গোস্বামীৰ পৰিচালনা আৰু আজীৱন সভ্য গীতিকা পাঠক ৰয় আৰু ড° চন্দনা দেৱীৰ সহযোগত ‘চিৰ চেনেহী মোৰ ভাষা জননী’ আৰু শেষত ‘অ’ মোৰ আপোনাৰ দেশ’ পৰিৱেশন কৰা হয় । উপস্থিত আটাইকে শেষত দৈ চিৰা-গুৰ-পিঠা আদিৰে আপ্যায়ন কৰা হয় ।

প্ৰেৰক উৎপল মেধি

You might also like