🔹 সাংবাদিকৰ সৈতে তৰ্কযুদ্ধত লিপ্ত প্ৰধান শিক্ষক
নিয়মীয়া বাৰ্তা, ১৩ ডিচেম্বৰ : শিক্ষা বিভাগক অংগুষ্ঠ দেখুৱাই একাংশ প্ৰধান শিক্ষকে চলাইছে অবাধ দুৰ্নীতি, অবাধ অনিয়ম । ক’ত গ’ল প্ৰাথমিক শিক্ষাখণ্ডৰ শিক্ষা বিষয়া ? নে প্ৰধান শিক্ষকৰে কমিছনৰ ভাগ লৈ নিমাতী কইনাৰ ভাও ধৰি আছে খৈৰাবাৰী শিক্ষাখণ্ডৰ শিক্ষা বিষয়াই ? কণ কণ শিশুৰ মুখৰ ভাত কাঢ়ি খাইছে একাংশ বিদ্যালয়ৰ প্ৰধান শিক্ষকে ৷ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ ধনত লোলুপ দৃষ্টি এগৰাকী প্ৰধান শিক্ষকৰ ৷ প্ৰতিমাহে চৰকাৰে ধন দিছে বিদ্যালয়ৰ শিশুক দুপৰীয়াৰ আহাৰ খুৱাবলৈ। কিন্তু সেই ধন ছাত্ৰ-ছাত্ৰীৰ পৰিৱৰ্তে গো গ্ৰাসে গিলিছে ভোকাতুৰ প্ৰধান শিক্ষকে ৷ বাৰকুৰি তেৰটা অজুহাত দেখুৱাই মাহৰ পাছত মাহ দুপৰীয়াৰ আহাৰৰ পৰা বঞ্চিত কৰি আহিছে কণ কণ ছাত্ৰ-ছাত্ৰীক ৷ আনকি ঘটনাৰ অনুসন্ধানৰ বাবে বিদ্যালয়ত উপস্থিত হোৱা সাংবাদিককো অশালীন ব্যৱহাৰ কৰি তৰ্কযুদ্ধত লিপ্ত হয় স্বয়ম্ভু প্ৰধান শিক্ষক ধনেশ্বৰ ডেকা ৷ ইফালে, হিন্দী শিক্ষক অবিহনে বছৰ বছৰ ধৰি চলি আছে পাঠদান । ওদালগুৰি জিলাৰ ভেৰগাঁও মহকুমাৰ অন্তৰ্গত খৈৰাবাৰী প্ৰাথমিক শিক্ষাখণ্ডৰ অধীনস্থ ডিমাকুছিৰ ৰজাগড় শ্বহীদ আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়। পিছে বিদ্যালয়ৰ প্ৰধান শিক্ষক ধনেশ্বৰ ডেকাৰ কৰ্ম-কাণ্ডই হতবাক কৰি তুলিছে সচেতন মহলক । বিদ্যালয়ৰ বিভিন্ন কাম-কাজত প্ৰধান শিক্ষকজনে অনিয়মৰ আশ্ৰয় লোৱাৰ অভিযোগ আজিৰ নহয়, দীৰ্ঘদিনীয়া ৷ প্ৰধান শিক্ষক ধনেশ্বৰ ডেকাই বিদ্যালয়ৰ আন্তঃগাঁথনি সুদৃঢ়কৰণৰ বাবে আবণ্টিত চৰকাৰী পুঁজিৰ সিংহভাগ আত্মসাৎ কৰাৰ বাবেই বিদ্যালয়ৰ আন্তঃগাঁথনি আজিও পুতৌজনক অৱস্থা । অকল ইমানতে শেষ হোৱা নাই বিদ্যালয়খনৰ প্ৰধান শিক্ষক ধনেশ্বৰ ডেকাৰ দুৰ্নীতিৰ দস্তাবেজ । বিদ্যালয়ৰ মধ্যাহ্ন ভোজন আঁচনিতো বিয়াগোম কেলেংকাৰিৰ অভিযোগ আছে এইগৰাকী প্ৰধান শিক্ষকৰ বিৰুদ্ধে ৷ মাহে মাহে মধ্যাহ্ন ভোজনৰ মোটা অংকৰ ধনৰাশি হৰলুকী, বিদ্যালয়ত পানী নাই, চৰকাৰে টকা দিয়া নাই আদি নানান অজুহাতেৰে প্ৰতিদিনে ছাত্ৰ-ছাত্ৰীক দুপৰীয়াৰ আহাৰৰ পৰা বঞ্চিত কৰি আহিছে দুৰ্নীতিৰ সদাগৰ ধনেশ্বৰ ডেকাই । মাহত এদিন মধ্যাহ্ন ভোজন দি সিংহভাগ ধন আত্মসাৎ কৰি নিজৰ জেপ গধুৰ কৰি আহিছে ৰজাগড় শ্বহীদ আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক ধনেশ্বৰ ডেকাই । অকল সেয়াই নহয়, মধ্যাহ্ন ভোজনৰ চাউল ক’লা বজাৰত বিক্ৰী কৰাৰো অভিযোগ আছে এইগৰাকী প্ৰধান শিক্ষকৰ বিৰুদ্ধে । বস্তাই বস্তাই চাউল পোকে ধৰি নিগনিয়ে খাই নষ্ট কৰি খোৱাৰ অনুপযোগী কৰি তুলিছে একমাত্ৰ প্ৰধান শিক্ষকৰ হেমাহিৰ বাবে। বিভিন্ন সময়ত স্থানীয় ৰাইজে শিক্ষকজনৰ এই অনিয়মৰ বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষক অভিযোগ দাখিল কৰি আহিছে যদিও কাণসাৰ নাই, বৰং ৰহস্যজনকভাৱে খৈৰাবাৰী প্ৰাথমিক শিক্ষাখণ্ডৰ শিক্ষা বিষয়াগৰাকীয়ে শিক্ষক ধনেশ্বৰ ডেকাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ পৰা আঁতৰি থকা পৰিলক্ষিত হৈছে ৷ শিক্ষা বিভাগৰ নিৰ্লিপ্ততাৰ বাবেই প্ৰধান শিক্ষকগৰাকীয়ে দুৰ্নীতিৰে বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ বিনষ্ট কৰি অহাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় দল-সংগঠন আৰু সচেতন ৰাইজে ৷ বিদ্যালয়ত সংঘটিত হোৱা দুৰ্নীতিৰ বিষয়ে প্ৰধান শিক্ষকগৰাকীক জবাবদিহি কৰাৰ বাবেই সাংবাদিকৰ ওপৰত খৰ্গহস্ত হৈ পৰা প্ৰধান শিক্ষকগৰাকীয়ে সাংবাদিকৰ দলটোৰ সৈতে তৰ্কযুদ্ধত লিপ্ত হৈ অশালীন ব্যৱহাৰ কৰে ৷ ইয়াকে লৈ জাঙুৰ খাই উঠিছে স্থানীয় সংবাদকৰ্মীসকলৰ লগতে স্থানীয় ৰাইজ, দল-সংগঠন ৷ প্ৰধান শিক্ষকজনৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্ত কৰি শীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে সাংবাদিক, অভিভাৱক, দল-সংগঠনৰ লগতে স্থানীয় ৰাইজে ।
প্ৰেৰক পিংকু কলিতা