সমাগত নির্বাচনঃ বিভাগে বিভাগে বিষয়া বদলিৰ ধুম
নিয়মীয়া বাৰ্তা, ১৮ নৱেম্বৰঃ আসন্ন বিধানসভা নির্বাচনৰ সময় চমু চাপি অহাৰ লগে লগে ৰাজ্য চৰকাৰৰ বিভাগসমূহত আৰম্ভ হৈছে বিষয়া বদলিৰ ধুম৷ নির্বাচন আয়োগৰ নির্দেশনা অনুসৰি গৃহ জিলাত কর্মৰত বিষয়া তথা একেই স্থানত তিনি বছৰ কর্মৰত বিষয়াসকলক বদলি কৰাটো বাধ্যতামূলক৷
নির্বাচনৰ সৈতে জড়িত হ’বলগীয়া বিষয়াসকলক সেই কাৰণেই লোকসভা বা বিধানসভা নির্বাচনৰ প্রাক্ক্ষণত বদলি কৰা হয়৷ অসমতো অহা এপ্রিল মাহত হ’বলগীয়া বিধানসভা নির্বাচনৰ পৰিপ্রেক্ষিতত ইতিমধ্যে বিষয়া বদলিৰ প্রক্রিয়া আৰম্ভ হৈছে৷ পিছে, নির্বাচনকেন্দ্রিক এই বদলিৰ ফলত প্রশাসনত এক অচলাৱস্থাৰ সৃষ্টি হৈছে৷
কাৰণ গৃহ জিলাত কর্মৰত তথা একেই স্থানত কর্মৰত বিষয়াসকলৰ বহুতেই প্রশাসনৰ এনে গুৰুত্বপূর্ণ পদবীত অধিষ্ঠিত আছিল, এতিয়া তেওঁলোকক সেই পদবীৰ পৰা বদলি কৰা হ’ল যদিও সেই স্থানত আন বিষয়া নিযুক্তি নিদিয়াত জনসাধাৰণহে সমস্যাত ভুগিবলগীয়া হৈছে৷ এইক্ষেত্রত চক্র বিষয়াৰ কথাই উনুকিয়াব পাৰি৷ সম্প্রতি ৰাজ্যখনৰ বিভিন্ন স্থানত বিষয়া বদলৰি ফলত চক্র বিষয়াৰ পদ খালী হৈ পৰিছে৷