নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মঙলদৈ–ৰূপহীহাট-বাক্সাত পথ দুর্ঘটনাত মৃত্যু

নিয়মীয়া বাৰ্তা,  ১৮ নৱেম্বৰঃ মঙলদৈ চহৰৰ সমীপৱর্তী বান্দিয়াত কালি পুৱা সংঘটিত এক দুর্ঘটনাত এজন যুৱকৰ মৃত্যু হয়৷ যুৱকজন দোকানলৈ চাউল নিবলৈ আহিছিল৷ মৃত্যু যুৱকজন হ’ল আবিদুৰ ৰহমান৷ অনুজ্ঞাপত্রবিহীন চালক এজনে পুৱাতে তীব্রবেগেৰে চলাই যোৱা এ এছ ৩ চি ৬৩৭৪ নম্বৰৰ ট্ৰেক্টৰখনে ১৫ নং ৰাষ্ট্রীয় ঘাইপথৰ পৰা বান্দিয়া অভিমুখে যাত্রা কৰাৰ সময়তে বান্দিয়া চ’কত আবিদুৰক মহটিয়াই লৈ যায়৷ ট্রেক্টৰৰ খুন্দাত থিতাতে প্রাণ হেৰুৱায় যুৱকজনে৷  স্থানীয় ৰাইজে অবৈধভাৱে মাটি কাটি থকা টেক্টৰসমূহক আৰক্ষী–প্রশাসনে নাকী লগোৱাত ব্যর্থ হোৱাৰ বাবেই এই শোকাৱহ দুর্ঘটনা সংঘটিত হ’ব পালে বুলি অভিযোগ কৰে৷
ৰূপহীহাটত পথ দুর্ঘটনাত এজনৰ মৃত্যু
ৰূপহীহাটত কালি মাটিভর্তি ডাম্পাৰৰ খুন্দাত থিতাতে মৃত্যু হয় ৫৫ বছৰীয়া এজন লোকৰ৷ লোকজন ৰূপহী ভকত গাঁৱৰ পল্টু সাহা৷ চাৰি সন্তানৰ পিতৃ আছিল পল্টু সাহা৷ সাহাই এখন হোটেলত কাম কৰি পোহপাল দি আছিল পৰিয়ালটোক৷ দুর্ঘটনা সংঘটিত কৰা গাডীখনৰ নম্বৰ এছ–০২–ই–৭৪৪০৷ ৰূপহীহাট আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্রেৰণ কৰিছে৷
বাক্সাৰ বাঁহবাৰীত টাটা মেজিক–বাইকৰ মুখামুখি সংঘর্ষত এজনৰ মৃত্যু
বাক্সা জিলাৰ মানাহ ৰাষ্ট্রীয় উদ্যানৰ গাতে লাগি থকা বাঁহবাৰী বজাৰত কালি এটা পথ দুর্ঘটনা সংঘটিত হয়৷ দুর্ঘটনাটোত এজন যুৱকৰ মৃত্যু হয়৷ আবেলি বাঁহবাৰীত এ এছ–২৫–বি চি–৬৬৪২ নম্বৰৰ টাটা মেজিক বাহনৰ লগত বিপৰীত দিশৰ পৰা অহা এ এছ–১৫ কিউ–৩৪২৭ নম্বৰৰ পালছাৰ বাইকৰ মুখামুখি সংঘর্ষ হয়৷ সংঘর্ষত গিয়াতি গাঁৱৰ গিৰিশ দাসৰ পুত্র লংকু দাস ছিটিকি পৰে৷ বাঁহবাৰী উপ–আৰক্ষী চকীৰ বিষয়াসহ আৰক্ষীৰ দলে গুৰুতৰভাৱে আঘাতপ্রাপ্ত প্রথমাৱস্থাত নিমুৱা চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে বৰপেটালৈ প্রেৰণ কৰাৰ নির্দেশ দিয়ে৷ পৰৱর্তী সময়ত গোৱর্ধনা আৰক্ষীৰ সহযোগত বৰপেটালৈ প্রেৰণ কৰা হয় যদিও যুৱকজনৰ মৃত্যু হয়৷

You might also like