নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভালকৈ নেদেখাকৈয়ে ১২ কিঃমিঃ গাড়ী চলাই ৰক্ষা কৰিলোঁ প্রাণ

কর্মজীৱনৰ দ্বিতীয় দিনাই আক্রমণৰ বলি ডাঃ সেউজ সেনাপতি

নিয়মীয়া বাৰ্তা ৩ জুনঃ কোনোধৰণৰ প্রশ্ণৰ অৱতাৰণা নকৰাকৈ ১০–১৫জনীয়া দলটোৱে কেৱল প্রহাৰ কৰি গৈছিল মোক৷ ৰড, লাঠী, চৰিয়াৰ লগতে সমুখতে পোৱা যিকোনো বস্তুৰে কেৱল প্রহাৰ কৰি গৈছিল মোক৷ প্রাণৰ তাড়নাত চিঞৰাৰ বাহিৰে আন উপায় নাছিল৷ তেনেদৰে আধামৰা হৈ কোনোমতে ওলাই আহিবলৈ সক্ষম হৈছিলোঁ৷ –ৰাজ্য জোকাৰি যোৱা হোজাই জিলাৰ ফুলতলীস্থিত ক’ভিড হাস্পতালত কালি এদল দুর্বৃত্তৰ আক্রমণত গুৰুতৰভাৱে আহত হোৱা ডাঃ সেউজ সেনাপতিৰ ভাষ্য এয়া৷ ভয়াৱহ আক্রমণৰ সন্মুখীন হৈ প্রায় মুমূর্ষু অৱস্থাৰে নগাঁৱত উপস্থিত হোৱা চিকিৎসকজনক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভর্তি কৰোৱাই প্রাথমিক চিকিৎসা কৰাৰ পাছত নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ (জি এম চি এইচ) স্থানান্তৰ কৰা হয়৷

মুখৰ হাড় ভাগি যোৱাৰ লগতে নাক, কাণ, চকুত বেয়াকৈ আঘাত পোৱা সেউজ সেনাপতি বর্তমান সংকটমুক্ত যদিও আঘাত গুৰুতৰ হোৱা বাবে কিছুদিন চিকিৎসাধীন হৈ থাকিব লাগিব৷ হোজাইৰ ক’ভিড চিকিৎসালয়খনত এজন ৰোগীৰ মৃত্যুক কেন্দ্র কৰি একাংশ লোকে চলোৱা এনে ভয়াৱহ আক্রমণৰ কথা সুঁৱৰি ডাঃ সেনাপতিয়ে আজি কয়– দুপৰীয়াৰ ভাগত হঠাৎ চিকিৎসালয়খনত ক’ৰ পৰা ইমান লোক আহি উপস্থিত হ’ল ধৰিবই নোৱাৰিলোঁ৷ এই লোকসকল উপস্থিত হৈয়ে চিকিৎসালয়খন এফালৰ পৰা ভাঙিবলৈ আৰম্ভ কৰে৷ দর্জা–খিৰিকীৰ আয়না ভঙাৰ লগতে সামগ্রী লণ্ডভণ্ড কৰি এফালৰ পৰা মহটিয়াই আনিছিল আক্রমণকাৰী দলটোৱে৷

ঘটনাৰ তৎ ধৰিব পৰাৰ পূর্বেই মোৰ ওপৰত চলিল আক্রমণ৷ ইয়াৰ পূর্বৰ ঘটনা সন্দর্ভত সেনাপতিয়ে কয়– কালি মোৰ চিকিৎসালয়খনত দিনৰ ১.৩০ বজাৰ পৰাই ডিউটী আছিল৷ ডিউটীৰ বাবে মই নির্ধাৰিত সময়ত গৈ উপস্থিত হোৱাৰ পাছত এজন ৰোগীৰ অভিভাৱকে আহি মোক ক’লে যে ৰোগীজনে প্রস্রাৱ কৰিব পৰা নাই আৰু বিষত ছট্ফটাই আছে৷ লগে লগে মই ৰোগীজনক চিকিৎসাৰ বাবে হাতত গ্লোভ্ছ পিন্ধি কেথেডাৰ লৈ ৰোগীজনৰ ওচৰত উপস্থিত হওঁ৷ কিন্তু ইতিমধ্যে ৰোগীজনৰ মৃত্যু হৈছিল৷ ৰোগীজনৰ মৃত্যুৰ কথা কোৱাৰ লগে লগে ওচৰতে থকা কেইজনমান লোকে চিঞৰ–বাখৰ কৰি বস্তু ভঙা আৰম্ভ কৰে৷ লগে লগে আন কিছু লোকো উক্ত স্থানত উপস্থিত হয়৷ ইমান মানুহ ক’ৰ পৰা গোট খালে মই গমেই নাপালোঁ৷ এফালৰ পৰা এই লোকসকলে চিকিৎসালয়খনৰ সা–সম্পত্তি লণ্ডভণ্ড কৰাৰ লগতে দর্জা–খিৰিকীৰ আইনা ভাঙি এক ভয়াৱহ পৰিস্থিতি সৃষ্টি কৰে৷ ৱার্ডৰ ভিতৰতেই মোক বগৰাই লৈ প্রথমতে চৰ, গোৰ শোধাই প্রচণ্ড মাৰপিট আৰম্ভ কৰে৷ সমান্তৰালভাৱে আন একাংশই ৰড, লাঠী আৰু চৰিয়াৰে মোৰ পিঠি–বুকু–মুখ আৰু মূৰত প্রহাৰ কৰে৷ মই নিজকে বচাবলৈ চিঞৰি থকাৰ সময়তে আক্রমণকাৰীয়ে মোৰ ডিঙিত থকা সোণৰ চেইনডাল টানি নিয়াৰ লগতে ম’বাইল ফোনটোও লৈ যায়৷ কোনোমতে ৱার্ডৰ পৰা ওলাই আহোঁ যদিও চিকিৎসালয়খনৰ বাহিৰত পুনৰ আক্রমণৰ বলি হওঁ৷ একেধৰণে ১০–১৫জনীয়া একাংশ লোকে মোক উপর্যুপৰি প্রহাৰ কৰাৰ লগতে বগৰাই দিয়ে৷ মই পিন্ধি থকা চচ্মা ছিটিকি পৰাত চচ্মাযোৰ ভাঙি পেলায়৷ তেনে অৱস্থাৰে কোনোমতে প্রাণ লৈ গাড়ীত উঠি পলাবলৈ চেষ্টা কৰোঁ৷ কিন্তু চচ্মা ভাঙি পেলোৱাত চকুৰে ভালকৈ দেখা নোপোৱাকৈয়ে প্রায় ১২ কিলোমটাৰ গাড়ী চলাই নগাঁৱত উপস্থিত হওঁ৷

উল্লেখ্য যে আক্রমণকাৰীৰ প্রহাৰত গুৰুতৰভাৱে আহত হোৱা ডাঃ সেউজ সেনাপতিক কালি নিশাই জি এম চি এইচলৈ অনা হয়৷ নিশা প্রায় ১.৪৫ বজাত জি এম চি এইচত উপস্থিত হোৱা চিকিৎসকগৰাকীক কালি নিশাই অধ্যক্ষ অচ্যুত বৈশ্যৰ তত্ত্বাৱধানত এদল চিকিৎসকে চিকিৎসা আগবঢ়ায়৷ এই সন্দর্ভত জি এম চি এইচৰ অধ্যক্ষ বৈশ্যই জানিবলৈ দিয়া মতে, ডাঃ সেনাপতিৰ মুখৰ এডাল হাড় ভাগিছে৷ তদুপৰি তেওঁ পিঠিত গুৰুতৰভাৱে আঘাত পাইছে৷ চিকিৎসালয়ত উপস্থিত হোৱাৰ সময়ত তেওঁৰ নাকত তেজ বিৰিঙি আছিল৷ নিশাই তেওঁক চার্জাৰী বিভাগত ভর্তি কৰোৱা হয় আৰু ই এন টি বিভাগে নাক, কাণ, মুখমণ্ডল পৰীক্ষা কৰে৷ আজি তেওঁৰ আঘাত পোৱা অংশৰ চিটি স্কেন কৰা হৈছে আৰু সেই অনুসৰিয়েই তেওঁক চিকিৎসা প্রদান কৰা হ’ব৷

মন কৰিবলগীয়া যে কর্মজীৱনৰ দ্বিতীয় দিনটোতে ডাঃ সেউজ সেনাপতিয়ে নিকৃষ্ট মানসিকতাৰ একাংশ লোকৰ বর্বৰ আক্রমণৰ বলি হ’ব লগা হ’ল৷ নগাঁও জিলাৰ দক্ষিণপাট বালিগাঁৱৰ যুৱক সেউজ সেনাপতিয়ে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা এম বি বি এছ পাঠ্যক্রম সম্পন্ন কৰি হোজাই জিলাৰ ফুলতলী আদর্শ চিকিৎসালয়ত চিকিৎসক হিচাপে যোগদান কৰি কর্মজীৱন আৰম্ভ কৰিছিল৷ কিন্তু মঙলবাৰৰ দিনটোত এজন ক’ভিড ৰোগীৰ মৃত্যুক কেন্দ্র কৰি একাংশই চলোৱা আক্রমণত গুৰুতৰভাৱে আঘাতপ্রাপ্ত হৈ চাকৰি জীৱনৰ দ্বিতীয় দিনটোতে চিকিৎসাধীন হ’ব লগা হয় যুৱক চিকিৎসকগৰাকী৷ আনকি দুর্বৃত্তৰ আক্রমণত গুৰুতৰভাৱে আহত হয় কর্তব্যৰত নার্ছ ললিতা ভৰালী৷

You might also like