নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আক্রমণৰ বলি নার্ছৰ শিহৰণকাৰী ভাষ্যঃ ডিঙি চেপি হত্যাৰ চেষ্টা কৰিছিল উন্মত্ত আক্রমণকাৰীয়ে

নিয়মীয়া বাৰ্তা ৩ জুনঃ হোজাই জিলাৰ ফুলতলীস্থিত ক’ভিড কেয়াৰ চেণ্টাৰত কালি গিয়াছুদ্দিন নামৰ এজন ক’ভিড ৰোগীৰ মৃত্যুক কেন্দ্র কৰি ৰোগীৰ আত্মীয়ই চিকিৎসালয়খনত চলোৱা আক্রমণত চিকিৎসক ডাঃ সেউজ সেনাপতি গুৰুতৰভাৱে আহত হোৱাৰ লগতে কর্তব্যৰত এগৰাকী নার্ছৰ ওপৰতো চলিছিল ভয়াৱহ আক্রমণ৷ ডিঙি চেপি হত্যাৰ চেষ্টা চলাইছিল নার্ছ ললিতা ভৰালীক৷ চিকিৎসালয়ত কালি আক্রমণৰ বলি হোৱা ললিতা ভৰালীয়ে ভয়াৱহ ঘটনাৰ বর্ণনা দি আজি সাংবাদিকৰ আগত কয়– কালি ৬–৭জনীয়া দল এটাই মোক লুকাই থকা অৱস্থাৰ পৰা টানি উলিয়াই আনি ডিঙি চেপি হত্যাৰ চেষ্টা কৰে৷

লংকাৰ ফৰেষ্ট গেটত থকা নিজ গৃহত শাৰীৰিক আৰু মানসিকভাৱে অসুস্থ হৈ শয্যাগত হৈ থকা এ এন এম নার্ছগৰাকীয়ে কালিৰ ঘটনাৰ বর্ণনা দাঙি ধৰি কয়– কালি পুৱাৰ ভাগত এগৰাকী ক’ভিড ৰোগীক পৰিচর্যা কৰি থকাৰ সময়তে ৬–৭জন লোকে অসুস্থ অৱস্থাত থকা এজন লোকক চিকিৎসালয়খনলৈ লৈ আহে৷ পি পি ই কিট পৰিধান কৰি ৰোগীক চাই থকা অৱস্থাতে মই অসুস্থ লোকজনৰ কি হৈছে সেয়া জানিবলৈ বিচাৰিছিলোঁ যদিও লোকজনে কোনো উত্তৰ দিব পৰা নাছিল৷ পাছত লগত অহা আত্মীয়ই ক’লে তেওঁৰ প্রস্রাৱ বন্ধ হৈ গৈছে৷ এনে অৱস্থাত দুই নং পিপল পুখুৰী গাঁৱৰ পৰা অহা গিয়াছুদ্দিন নামৰ ৰোগীজনৰ লগত মোৰ সহকর্মী নাগেশ্বৰ চৌহানে ব্যস্ত হৈ পৰে যদিও তেওঁৰ লগত অহা আত্মীয়সকলে চৌহানক দুর্ব্যৱহাৰ কৰা আৰম্ভ কৰে৷

বিষয়টো মই দায়িত্বত থকা চিকিৎসক ডাঃ সেউজ সেনাপতিক অৱগত কৰাত তেওঁ ৰোগীজনক চিকিৎসা প্রদান কৰিব খোজাৰ সময়তে ৰোগীজনৰ মৃত্যু হয়৷ ইয়াকে লৈ ৰোগীৰ আত্মীয়সকলে চিকিৎসালয়খনৰ আচবাব ভাঙিবলৈ আৰম্ভ কৰে৷ আনকি ডাঃ সেনাপতিকো আক্রমণ কৰে আত্মীয়সকলে৷ ১০–১৫জনীয়া দলটো কেইবাটাও ভাগত বিভক্ত হৈ চিকিৎসালয়ৰ সামগ্রী হাতত লৈ মোক আক্রমণ কৰিবলৈ আগবাঢ়ি অহাত মই নার্ছ ডিউটী ৰুমত প্রৱেশ কৰি দুৱাৰখন বন্ধ কৰি দিওঁ৷ দুর্বৃত্তৰ দলটোৱে ৰুমৰ দর্জাখন খুন্দিয়াই খুন্দিয়াই ভাঙি দিয়াত ভঙা দর্জা আহি মোৰ মূৰত পৰে৷ তেনে অৱস্থাৰে মই দৌৰি গৈ শৌচাগাৰত প্রৱেশ কৰোঁ৷

কিন্তু আক্রমণকাৰী দলটোৱে শৌচাগাৰৰ দুৱাৰ ভাঙি মোক ডিঙিত চেপি ধৰি বাহিৰলৈ উলিয়াই আনে আৰু চিকিৎসকৰ ফোন নম্বৰ বিচাৰে৷ মই উপায়হীন হৈ তেওঁলোকৰ হাতে–ভৰিয়ে ধৰি মোক হত্যা নকৰিবলৈ কাকূতি–মিনতি কৰোঁ৷ এনে অৱস্থাতে একাংশই ডাঃ সেনাপতিক আক্রমণ কৰিবলৈ খেদি যোৱাত সুযোগ বুজি মই পলায়ন কৰি আন এটা শৌচাগাৰত প্রৱেশ কৰি জীৱন বচাওঁ৷ এই শৌচাগাৰৰ পৰাই দলটোৱে ডাঃ সেনাপতিক মাৰধৰ কৰা আৰু তেওঁৰ প্রাণৰ মমতাত চিঞৰি থকা শুনি আছিলোঁ৷ ভয়তে মই সংজ্ঞাহীন হৈ পৰোঁ৷ পাছত চিকিৎসালয়ৰ অন্য সহকর্মীসকল উপস্থিত হোৱাৰ লগতে আৰক্ষী উপস্থিত হ’ল যদিও মোক বিচাৰি নাপাই ফোন কৰিবলৈ ধৰে৷ ম’বাইল বাজি উঠাত মোৰ জ্ঞান অহাত শৌচাগাৰৰ পৰা মই ওলাই আহোঁ৷ পাছত মোক এম্বুলেঞ্চৰে নিশা ঘৰলৈ লৈ আহে৷ সমগ্র ঘটনাটোক লৈ যথেষ্ট ভীতিগ্রস্ত হোৱা ললিতা ভৰালীয়ে আজি ডাঃ সেউজ কুমাৰ সেনাপতিক আক্রমণ কৰা ঘটনাৰো দুখ প্রকাশ কৰে৷

You might also like