নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত বনৰীয়া কাঠফুলা খাই এজনৰ মৃত্যু : সংকটজনক পাঁচ

বিশেষ বাৰ্তা, ১০ এপ্ৰিল : নগাঁৱত বনৰীয়া কাঠফুলা খাই এজনৰ মৃত্যু হোৱাৰ লগতে পাঁচজনৰ অৱস্থা সংকটজনক। নগাঁৱৰ বৰজুৰি কেলেংবে গাঁৱৰ এটা পৰিয়ালে বনৰীয়া কাঠফুলা খোৱাৰ পাছৰে পৰা অসুস্থ হৈ পৰে। বমি আৰু পাতল পায়খানা হৈ আজি মালং বে নামৰ এটি দহ বছৰীয়া শিশু মৃত্যুমুখত পৰাৰ লগতে দুৰ্গা বেপী, লক্ষী বেপী, মানিষা লাকথাপী, কাচি সিংগাপি গুৰুতৰভাৱে অসুস্থ হৈ পৰাত ওচৰৰে চিমনাবস্তি প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। কিন্তু আটাইৰে অৱস্থা সংকটজনক হোৱাত নগাঁও মেডিকেল কলেজলৈ প্ৰেৰণ কৰে। এটা পৰিয়াললৈ নামি অহা এই কাল অমানিশাক লৈ গাঁওখনৰ ৰাইজ চিন্তিত হৈ পৰিছে।

প্ৰেৰক কনক হাজৰিকা

You might also like