নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰাত বিজুলী কলিতা মেধিৰ প্ৰচাৰ অভিযান

নিয়মীয়া বাৰ্তা, ১০ এপ্ৰিল : সন্মুখত বেছি দিন নাই। ৭ মে’লৈ আঙুলি মূৰত গণি যুদ্ধকালীন তৎপৰতাৰে ৫নং গুৱাহাটী লোকসভা সমষ্টিতো চলিছে প্ৰাৰ্থীৰ প্ৰচাৰ অভিযান | নৱগঠিত বকো-ছয়গাঁও সমষ্টিৰ অন্তৰ্গত নগৰবেৰাত আজি প্ৰচাৰ চলাবলৈ উপস্থিত হয় বিজেপি দলৰ প্ৰাৰ্থী বিজুলী কলিতা মেধি | প্ৰথমেই প্ৰাৰ্থীগৰাকীয়ে মা কালী মন্দিৰত সেৱা নিবেদনৰ বাবে দুপৰীয়া উপস্থিত হয় মেধিপাৰা শগুনবাহী কালীমাইৰ থানত | অৱশ্যে প্ৰাৰ্থীগৰাকীতকৈ কিছু আগ ধৰি গাঁওখনত উপস্থিত হয় সাংসদ কুইন ওজা | গাঁৱত প্ৰৱেশ কৰিয়েই প্ৰাৰ্থী বিজুলী কলিতা মেধিয়ে পদূলিয়ে পদূলিয়ে কলপুলি দেখি সন্তোষ পায় আৰু গাঁৱৰ ৰাইজেও তেওঁক উষ্ম সম্বৰ্ধনা যাচে। পৰৱৰ্তী সময়ত মালঞ্চা গাঁৱৰ এখন ৰাজহুৱা সভাতো অংশ লয় তেওঁ | আজিৰ এই প্ৰচাৰ অভিযানৰ পৰত দক্ষিণ কামৰূপ জিলা বিজেপিৰ সভাপতি অঞ্জন গোস্বামী, নগৰবেৰা মণ্ডল বিজেপিৰ সভাপতি গিৰিৰাজ তিমচিনাকে প্ৰমুখ্য কৰি ভালেসংখ্যক দলীয় কৰ্মী-সমৰ্থক তথা ভালেসংখ্যক স্থানীয় লোক উপস্থিত থাকে | সাংবাদিকৰ প্ৰশ্নোত্তৰত বিজয় নিশ্চিত আৰু ৰাইজৰ মৰম-আদৰ দেখি অভিভূত হোৱা বুলিও উল্লেখ কৰি জয়ৰ ক্ষেত্ৰত এশ শতাংশই আত্মবিশ্বাস গঢ়ি উঠা বুলিও কয় তেওঁ | ৰাইজৰ মৰম-আদৰ দেখি উৎফুল্লিত হৈ বিজেপি দলৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিয়ে এফাঁকি বিহুগীতো পৰিৱেশন কৰে আৰু পৰৱৰ্তী সময়ত পিজুপাৰা শালগ্ৰাম মন্দিৰ প্ৰাংগণ, হেকৰা বৈৰাগী বাবাৰ মন্দিৰ আৰু পুৰণি মালিবাৰী অঞ্চলত নিৰ্বাচনী সভাত অংশ ল’বলৈ বুলি ৰাওনা হয় |

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like