মই মোৰ ভৰিৰ তলৰ মাটি এৰি নিদিওঁ
- এনআৰচি পুনৰীক্ষণ হ’ব–খুলি দিয়া নহয় মাদ্রাছা
- প্রয়োজনত দৰমহা নলওঁ, তথাপি ৰেহাই দিয়া হ’ব মাইক্র’ফাইনেঞ্চৰ ঋণ
- গণি গণি এক লাখ নিবনুৱাকো চাকৰি
- ৰাজ্যক বানমুক্ত কৰিবলৈ আইআইটিৰ অভিযন্তাৰে বিশেষ গোট গঠনৰ পদক্ষেপ
- বর্তমানৰ চৰকাৰৰ দিনত কোনো ছিণ্ডিকেট নচলে
- সত্র–মছজিদৰ মাটি বেদখল হোৱাটো চৰকাৰে বিচৰা নাই
নিয়মীয়া বাৰ্তা, ২৫ মেঃ নির্বাচনৰ সময়ত অসমৰ জনসাধাৰণক দিয়া প্রতিশ্রুতিৰ লগতে অনাগত পাঁচটা বছৰত চৰকাৰখনে অসমৰ জনসাধাৰণৰ আশা–আকাংক্ষাৰ বাস্তৱ ৰূপ দিয়াৰ বাবে প্রতিদিনে ২৪ ঘণ্টাই নিৰন্তৰভাৱে কাম কৰি যাব৷ সোমবাৰে সদনত ৰাজ্যপালৰ ভাষণৰ ধন্যবাদসূচক প্রস্তাৱৰ বিতর্কৰ উত্তৰত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই ঘোষণা কৰে৷ এন আৰ চিৰ পুনৰীক্ষণৰ প্রসংগ উত্থাপন কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এন আৰ চি পুনৰীক্ষণ হ’ব লাগে৷ অসম–বাংলাদেশ সীমান্তৱর্তী জিলাসমূহত ২০ শতাংশ আৰু আন জিলাসমূহত ১০ শতাংশ পুনৰীক্ষণৰ প্রতিশ্রুতি দিয়া হৈছিল৷ নির্বাচনত জনসাধাৰণে আমাক জনাদেশ দিছে৷ এতিয়া আমি আমাৰ প্রতিশ্রুতি পালন কৰিম৷ সেইদৰে বন্ধ কৰা মাদ্রাছাসমূহ খুলি নিদিয়াৰো প্রতিশ্রুতি দিয়া হৈছিল৷ সেই প্রতিশ্রুতিও পালন কৰিম৷
মুখ্যমন্ত্রী ড০ শর্মাৰ স্পষ্ট কথা– ‘মই মোৰ ভৰিৰ তলৰ মাটি এৰি নিদিওঁ৷ বিৰোধীয়েও ভৰিৰ তলৰ মাটি এৰি নিদিব৷’ সেইদৰে নির্বাচনৰ সময়ত প্রতিশ্রুতি দিয়াৰ দৰে মাইক্র’ ফাইনেঞ্চৰ ঋণ ৰেহাই দিব বুলি সদনক স্পষ্টভাৱে মত ব্যক্ত কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে প্রয়োজনত আমি দৰমহা নলওঁ৷ তথাপি প্রতিশ্রুতি পালন কৰি মাইক্র’ ফাইনেঞ্চৰ ঋণ মাফ কৰিম৷ একেদৰে নির্বাচনী প্রতিশ্রুতি পালন কৰি এক লাখ নিবনুৱাক চাকৰি দিয়া হ’ব বুলি সদনত ঘোষণা কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এক লাখ ল’ৰা–ছোৱালীক গণি গণি চাকৰি দিম৷ ক’ৰবাত এজন বেছি হ’ব তথাপি কম নহয়৷ সেই অনুষ্ঠানত বিৰোধী দলপতি দেৱব্রত শইকীয়াক বিশিষ্ট অতিথি হিচাপে মাতি আনিব৷ বানমুক্ত অসমৰ প্রসংগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বানমুক্ত অসম নির্মাণৰ বাবে জলসম্পদ বিভাগে কাম কৰিব৷ কিন্তু মথাউৰি নির্মাণৰ কাৰণে আই আই টি ইঞ্জিনীয়াৰক লৈ বেলেগ এটা এজেন্সী গঠন কৰা হ’ব৷ সেই মথাউৰিৰ ওপৰত লোকনির্মাণ বিভাগে পকী পথ নির্মাণ কৰিব৷ বৰাকৰ খনন ইতিমধ্যে হৈ গৈছে৷ ব্রহ্মপুত্র খনন সম্ভৱ নহ’লেও উপনৈসমূহ খননৰ ব্যৱস্থা কৰা হ’ব৷ একেদৰে বর্তমান চৰকাৰৰ দিনত কোনো ছিণ্ডিকেট নহয় বুলি সদনত স্পষ্ট কৰি দি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে গৰুৰ ব্যৱসায়ো চলিবলৈ দিয়া নহ’ব৷ ভাৰতীয় সংবিধানে গো–হত্যা কৰিব নালাগে বুলি কোৱা বুলি উল্লেখ কৰি তেওঁ কয় যে ফাঁচীবজাৰ, শান্তিপুৰ, গান্ধীবস্তি আদি ঠাইত হোটেল মদিনা হোৱাৰ প্রয়োজন নাই৷ কোনোবাই সত্রৰ মাটি দখল কৰা, কোনোবাই মছজিদৰ মাটি দখল কৰা সমাজ আমি বিচৰা নাই৷ যেতিয়া এ আই ইউ ডি এফে ক’ব– কোনেও সত্রৰ মাটি দখল কৰিব নালাগে, তেতিয়া নতুন সমাজ সৃষ্টি হ’ব৷ ব্রহ্মপুত্রৰ দুয়োপাৰে এক্সপ্রেছ হাইৱে’ নির্মাণৰ কথা নির্বাচনী ইস্তাহাৰত উল্লেখ নথকাৰ বিষয়ে উনুকিয়াই তেওঁ কয় যে সেই কল্পনাও অসাধ্য সাধন এদিন কৰিম৷ তিনি বছৰত সেই কাম হ’ব বুলি ক’তো কোৱা নাই৷ সদনত মুখ্যমন্ত্রী ড০ শর্মাই প্রাক্তন মুখ্যমন্ত্রী হিতেশ্বৰ শইকীয়া, তৰুণ গগৈ আৰু সর্বানন্দ সোণোৱালৰ অৱদান স্মৰণ কৰি কয় যে হিতেশ্বৰ শইকীয়াৰ আশীর্বাদত তেওঁ ৰাজনৈতিক জীৱন আৰম্ভ কৰে৷
তৰুণ গগৈৰ মন্ত্রীসভাত দীর্ঘদিন ধৰি কাম কৰাৰ সৌভাগ্য হয়৷ সর্বানন্দ সোণোৱালৰ মন্ত্রীসভাত পাঁচ বছৰ কাম কৰাৰ সুযোগ লাভ কৰে৷ তেওঁলোকে দেখুৱাই যোৱা আদর্শৰে অসমবাসীৰ সেৱা আগবঢ়াই যাব৷ মহাপুৰুষ শংকৰদেৱে জাতিৰ প্রাণ–ঐতিহ্যক একতাৰ ডোলেৰে বান্ধিছিল৷ সেই প্রৱহমান ঐতিহ্যই অসমক সদায় চহকী কৰি ৰাখিছিল৷ নতুন চৰকাৰত তেওঁ মুখ্যমন্ত্রীৰ দায়িত্ব পাইছে যদিও সর্বানন্দ সোণোৱালে আৰম্ভ কৰা উন্নয়নৰ যাত্রাক খৰস্রোতা কৰিব৷ সোণোৱাল চৰকাৰৰ উন্নয়নৰ ধাৰাবাহিকতা আগত ৰাখি কাম কৰি যাব৷ বিজেপি মিত্রজোঁটৰ পূর্বে অসমত গোলাপ বৰবৰা আৰু প্রফুল্ল কুমাৰ মহন্তৰ নেতৃত্বত অকংগ্রেছী চৰকাৰ গঠন হৈছিল৷ কিন্তু তেওঁলোক ধাৰাবাহিকভাৱে বিজয়ী হোৱা নাছিল৷ বিজেপিয়েহে ধাৰাবাহিকভাৱে দুবাৰ বিজয়ী হৈ অসমৰ ৰাজনীতিত নতুন অধ্যায় আৰম্ভ কৰে৷
সোণোৱাল চৰকাৰ অসমীয়া জাতীয় জীৱনৰ সফল চৰকাৰ বুলি উল্লেখ কৰি তেওঁ কয় যে সোণোৱালে মূল্যবোধৰ ৰাজনীতি কৰিলে৷ তেওঁ আৰু কয় যে কল্যাণমুখী ৰাষ্ট্রৰ ধর্ম হৈছে যিসকল যুগে যুগে পিছপৰি আছে, তেওঁলোকৰ উন্নতিৰ বাট দেখুওৱা৷ চাহ জনগোষ্ঠীৰ উন্নয়নৰ কাৰণে চৰকাৰখনে নিৰন্তৰ কাম কৰি অহাৰ কথা উল্লেখ কৰি যোৱা পাঁচটা বছৰে বৰাক–ব্রহ্মপুত্র, পাহাৰ–ভৈয়ামৰ যি উন্নয়নৰ কথা কোৱা হৈছিল সেই উন্নয়নৰ গতি আৰু অধিক খৰতকীয়া কৰা হ’ব৷ চাহ জনগোষ্ঠী–নুসূচিত জাতি জনজাতি–সংখ্যালঘু সম্প্রদায়ৰ মহিলাসকলৰ জনমুখী যাত্রা আমাৰ চৰকাৰৰ প্রাণ হ’ব, আত্মা হ’ব৷ তেওঁলোকক কেন্দ্র কৰি পাঁচটা বছৰ নিৰন্তৰ যাত্রা কৰা হ’ব৷ সদনত মুখ্যমন্ত্রী ড০ শর্মাই ভৰত নৰহ, ৰকিবুল হুছেইনকে ধৰি কংগ্রেছৰ একাংশক ক্ষুৰধাৰ সমালোচনা কৰি তেওঁলোকক তাত্ত্বিক কথা কোৱাৰ আহ্বান জনায়৷ এই সম্পর্কত তেওঁ কয় যে বিৰোধীৰ সেয়া দায়িত্ব৷ কিন্তু ২০১৬ চনত কংগ্রেছৰ পৰা যেতিয়া বিজেপিয়ে শাসনভাৰ লৈছিল, তেতিয়া ৰাজ্যখনত বছৰি খৰচ হৈছিল ৪২ হাজাৰ কোটি টকা৷ এতিয়া সেই খৰচৰ পৰিমাণ ৮৪ হাজাৰ কোটি টকা হৈছে৷ ৰাজহুৱা ব্যয় দুগুণলৈ বৃদ্ধি হৈছে৷ সোণোৱাল চৰকাৰৰ পূর্বে কোনো চৰকাৰে ইমান বৃহৎ পৰিমাণৰ ব্যয় কৰিবলৈ সমর্থ হোৱা নাছিল৷ যোৱা পাঁচটা বছৰত ৰাজ্যখনত ৪০ হাজাৰ কিলোমিটাৰ বাট–পথ নির্মাণৰ লগতে ২১ লাখ পৰিয়ালক অৰুণোদয় আঁচনিয়ে সামৰি লৈছে৷
গতিশীল আৰু প্রাণৱন্ত এখন বিধানসভা অসমৰ ৰাইজৰ অধিকাৰ বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে চৰকাৰখন যদি ৰে’লপথৰ পৰা আঁতৰি গৈছে, তেতিয়াহ’লে চৰকাৰখনক পথলৈ ওভতাই অনাৰ দায়িত্ব বিৰোধীৰ৷ লবীত আমাৰ কথা নহয়, বিধানসভাত কথা হ’ব৷ ৰাইজৰ আশা–আকাংক্ষা আমি পূৰণ কৰিম৷ ৯০ শতাংশ বিষয়বস্তুতে শাসক–বিৰোধী বিধায়কৰ সহমত আছে৷ ১০ শতাংশ বিষয়তহে মতবিৰোধ আছে৷ প্রথমতে সহমত থকা বিষয়সমূহত একেলগে কাম কৰি এই সদনে নতুন অসম নির্মাণ কৰিব লাগিব৷ আমি সংকল্প লৈছোঁ, বেয়া কাম নকৰোঁ৷ বেয়া কাম হ’লে আপোনালোকে দেখুৱাই দিব৷ অসমৰ যদি অর্থনৈতিক বুনিয়াদ গঢ়িব লাগে, তেতিয়াহ’লে কৃষিখণ্ডত গুৰুত্ব দিব লাগিব৷ আমি এটা এটাকৈ সকলো কাম কৰিম৷ মন্ত্রীসভাৰ সদস্যসকলকো বিৰোধীৰ প্রতি গঠনমূলক ভূমিকা গ্রহণৰ আহ্বান জনোৱা হৈছে৷ এখন গতিশীল, প্রাণৱন্ত, জীৱন্ত বিধানসভা অসমবাসীৰ অধিকাৰ৷ আমি পাঁচ বছৰত তেনে এখন বিধানসভা অসমবাসীক দিয়াৰ চেষ্টা কৰিম৷ বিৰোধীয়ে সদনৰ সময় অধিক বৃদ্ধিৰ কথা কৈছে৷ ইয়াত চৰকাৰৰ কোনো আপত্তি নাই৷ বিৰোধীয়ে সংসদীয় ব্যৱস্থাৰ মাজেৰে সভা স্থগিত প্রস্তাৱ আনিলে, তেওঁলোকক আধা ঘণ্টা বেছিকৈ ক’বলৈ দিয়াত চৰকাৰৰ কোনো আপত্তি নাই৷ কেৱল বিৰোধীয়ে বাতৰিকাকতৰ শিৰোনামৰ কথা কোৱাতকৈ তাত্ত্বিক কথা সদনত ক’বলৈ তেওঁ আহ্বান জনায়৷ এনেদৰে সকলোৱে অগ্রসৰ হ’লে অহা পাঁচ বছৰত দেশৰ পাঁচখন শ্রেষ্ঠ ৰাজ্যৰ ভিতৰত অসমে স্থান পাব বুলি আশা ব্যক্ত কৰে৷