ৰাজ্যত ক’ৰোনাত আক্ৰান্ত হৈ পুনৰ এজনৰ মৃত্যু; পলমকৈ অনা হৈছিল চিকিৎসালয়লৈ
নিয়মীয়া বাৰ্তা, ২৮ জুনঃ ৰাজ্যত ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু হ’ল আন এজন লোকৰ । খানাপাৰাৰ হেমাংগ মজুমদাৰ নামৰ ৪৫ বছৰীয়া কোভিড-১৯ ত আক্ৰান্ত ব্যক্তিগৰাকীয়ে আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে ৷
উল্লেখ্য যে গুৱাহাটীৰ খানাপাৰাৰ বাসিন্দা মজুমদাৰক অতি জটিল অৱস্থাত আৰু পলমকৈ চিকিৎসালয়লৈ অনা হৈছিল ৷ চিকিৎসকে তেওঁৰ প্ৰাণ ৰক্ষা কৰিব নোৱাৰিলে ৷
এই কথা টুইটযোগে জনায় ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । লগতে ব্যক্তিগৰাকীৰ শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ৷
আনহাতে এই লোকজনৰ মৃত্যুৰ পাছতে ৰাজ্যত ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ১১ জনলৈ বৃদ্ধি পায় ।
Sad to inform that one Hemanga Majumdar, 45 yrs old, resident of Khanapara, Guwahati died due to COVID-19 today in GMCH. He was brought to the hospital late, in critical state. The doctors could not save him. My sincere condolences to the bereaved family.
— Himanta Biswa Sarma (@himantabiswa) June 28, 2020