ডিজিটেল ডেস্ক, নগাঁও, ১৯ এপ্ৰিল : নগাঁও জিলাৰ কলিয়াবৰৰ জখলাবন্ধাত এক দুৰ্ভাগ্যজনক ৰে’ল দুৰ্ঘটনা সংঘটিত হয়। শিলঘাট-গুৱাহাটী ডেম’ ৰে’লৰ চেপাত এজন যুৱক নিহত হোৱাৰ লগতে আন এজন গুৰুতৰভাৱে আহত হয়।
নিহত যুৱকজন জখলাবন্ধাৰ এখন হোটেলত কৰ্মৰত অংকুৰ দাস বুলি চিনাক্ত কৰা হৈছে। যুৱকজনৰ ঘৰ মৰিগাঁৱত বুলি জানিব পৰা গৈছে।
আহত যুৱকজন জখলাবন্ধাৰ জিতেন বুলি জানিব পৰা গৈছে। তেওঁক ততাতৈয়াকৈ জখলাবন্ধা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও অৱস্থা সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰা হৈছে।