নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জম্মুৰ ৰাজৌৰীত এনকাউণ্টাৰত এক সন্ত্ৰাসবাদী নিহত

বিশেষ বাৰ্তা, ২ জুন : জম্মুৰ ৰাজৌৰী জিলাৰ দছাল অঞ্চলত নিৰাপত্তাৰক্ষীৰ হাতত এটা সন্ত্ৰাসবাদী এনকাউণ্টাৰত নিহত খবৰ পোহৰলৈ আহিছে। আজি পুৱাৰ ভাগত এই অপাৰেচন চলিছিল। ইয়াৰ সমান্তৰালকৈ দুইৰ পৰা তিনিজন সন্ত্ৰাসবাদীক ঘেৰাও কৰাৰ খবৰো পোৱা গৈছে। ইয়াৰ পূৰ্বে মে’মাহতো ইয়াত নিৰাপত্তা বাহিনীৰ সন্ত্ৰাসবাদীৰ সৈতে মুখামুখি হৈছিল, য’ত পাঁচজন জোৱান শ্বহীদ হৈছিল। দৰাচলতে শুকুৰবাৰে পুৱতিনিশা নিৰাপত্তা বাহিনীয়ে ৰাজৌৰীৰ দছাল অঞ্চলত সন্ত্ৰাসবাদী আত্মগোপন কৰি থকাৰ তথ্য লাভ কৰাৰ পিছতে তালাচী অভিযান আৰম্ভ কৰা হয়। তালাচী অভিযানৰ সময়ত নিৰাপত্তা বাহিনী অহা দেখি সন্ত্ৰাসবাদীয়ে জোৱানলৈ বুলি লক্ষ্য কৰি গুলীচালনা কৰে। নিৰাপত্তা বাহিনীয়েও প্ৰতিশোধ লৈ সন্ত্ৰাসবাদীলৈ গুলীচালনা কৰে, য’ত এটা সন্ত্ৰাসবাদী হত্যাৰ খবৰ পোহৰলৈ আহিছে। ইয়াৰ সমান্তৰালকৈ নিৰাপত্তা বাহিনীয়ে অঞ্চলটো ছীল কৰিছে। ইফালে এইবাৰ অমৰনাথ যাত্ৰাৰ বাবে জম্মু-কাশ্মীৰত কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰা হৈছে। যাৰ বাবে বৃহস্পতিবাৰে জম্মু-কাশ্মীৰৰ ডিজিপি দিলবাগ সিঙে শ্ৰীনগৰত আৰক্ষী বিষয়াসকলৰ সৈতে এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰি নিৰাপত্তাৰ ব্যৱস্থাৰ বুজ লয়।

You might also like