নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অ’এনজিচি সৰ্বাত্মক বন্ধৰ বাবে সাজু সদৌ টাই আহোম ছাত্ৰ সন্থা

🔹 ৩৭২খন গাড়ীৰ নিবিদাক লৈ আটাছুৰে প্ৰশাসনিক স্তৰৰ সকলো আলোচনা বিফল

নিয়মীয়া বাৰ্তা, ১৯ আগষ্ট : অ’ এন জি চি অসম সম্পদ নাজিৰাই আহব্বান জনোৱা ৩৭২ খন লঘু যান-বাহনৰ নিবিদাক লৈ নিগম কৰ্তৃপক্ষ বনাম জনগোষ্ঠীয় সংগঠনৰ মাজত অব্যাহত থকা সংঘাতে লৈছে ক্ৰমাৎ নতুন মোৰ ৷ বিগত এটা পষেক জুৰি সদৌ তাই আহোম ছাত্ৰ সন্থাৰ শিৱসাগৰ আৰু চৰাইদেউ জিলা সমিতিয়ে নিগম কৰ্তৃপক্ষক পুঁজিপতি ঠিকাদাৰ গোষ্ঠীৰ স্বাৰ্থত নিবিদাৰ ক্ষেত্ৰত প্ৰযোজ্য কৰা চৰ্তসমূহ বাতিল কৰি মুকলিভাৱে লটাৰী পদ্ধতিৰে গাড়ীসমুহ থলুৱা শিক্ষিত নিবনুৱাৰ সহায়ক হোৱাকৈ বিতৰণ কৰিবলৈ আহ্বান জনাই আহিছিল ৷ কিন্তু অতি দুৰ্ভাগ্যজনকভাৱে অ’ এন জি চিৰ অসমবিৰোধী চক্ৰটোৱে নিগমত দীৰ্ঘ সময় খুঁতি পুতি বহি লোৱা পুঁজিপতি ঠিকাদাৰ গোষ্ঠীৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ গৈ জনগোষ্ঠীয় সংগঠনৰ দাবীক মুকলিকৈয়ে নস্যাৎ কৰিলে ৷যাৰ পৰিপ্ৰেক্ষিতত অসমৰ বায়ু-পানী সেৱন কৰি অসমৰ মাটিৰ তলৰ পৰাই খাৰুৱা তেল উৎঘাটনেৰে বিশ্বজুৰি ব্যৱসায় আৰম্ভ কৰা নিগমৰ এই অসমবিৰোধী চক্ৰটোৰ ওপৰত ক্ষুণ্ণ হৈ আটাছুৰ শিৱসাগৰ আৰু চৰাইদেউ জিলা সমিতিয়ে ২০ আগষ্টৰ পুৱাৰ পৰা ৪৮ ঘন্টীয়া সৰ্বাত্মক অ’এনজিচি বন্ধৰ আহব্বান জনাইছিল ৷ ইফালে, সংগঠনটোৱে বন্ধ আহ্বান জনোৱাৰ পিছতেই কালিৰে পৰা আজি বিয়লি পৰ্য্যন্ত প্ৰশাসনিক স্তৰত কেইবালানিও আলোচনা অনুস্থিত হৈছিল ৷ কিন্তু আজি বিয়লি পৰ্য্যন্ত কেইবাগৰাকীও শীৰ্ষ আৰক্ষী বিষয়া- প্ৰশাসনিক বিষয়াৰ উপস্থিতিত অনুস্থিত আলোচনাত নিগমে প্ৰযোজ্য কৰা সকলো চৰ্ত প্ৰত্যাহাৰ কৰা আৰু মুকলি লটাৰী অনুস্থিত কৰা সন্দৰ্ভত কোনো সদুত্তৰ দিব নোৱাৰিলে চৰকাৰী পক্ষৰ ফালৰ পৰা ৷ যাৰ পৰিপ্ৰেক্ষিতত আলোচনাত অংশগ্ৰহণ কৰা সংগঠনটোৰ জিলা সভাপতি পাৰ্থ গগৈ সহিতে আন নেতাসকলে কোনো কাৰণতেই বন্ধ প্ৰত্যাহাৰ কৰা নহয় বুলি স্পষ্ট কৰি দিয়াৰ লগতে দুয়োখন জিলাৰ সকলো নিবনুৱা যুৱক-যুৱতীকে সৰ্বাত্মক অ’এনজিচি বন্ধ সফল কৰিবলৈ আহব্বান জনায়৷ সংবাদ মাধ্যমৰ সন্মুখত সভাপতিগৰাকীয়ে সম্পূৰ্ণ গণতান্ত্ৰিক পদ্ধতিৰে শান্তিপূৰ্ণভাৱে ৪৮ ঘন্টীয়া সৰ্বাত্মক অ’এনজিচি বন্ধ সফল কৰিবলৈ সদৌ তাই আহোম ছাত্ৰ সন্থাৰ শিৱসাগৰ-চৰাইদেউ জিলা সমিতি বদ্ধপৰিকৰ বুলি স্পষ্ট কৰি দিয়ে ৷ আনহাতে, বন্ধ প্ৰত্যাহাৰ কৰিবলৈ চৰকাৰী পক্ষৰ পৰা তীব্ৰ চাপ সৃষ্টি কৰাৰ লগতে গোচৰ ৰুজু কৰা হ’ব বুলিও ভাবুকি প্ৰদান কৰাৰ কথা সভাপতিগৰাকীয়ে ব্যক্ত কৰিছে ৷ স্মৰ্তব্য যে অ’এনজিচিয়ে আহব্বান জনোৱা ৩৭২খন লঘু যান-বাহনৰ নিবিদাত প্ৰযোজ্য কৰা চৰ্ত প্ৰত্যাহাৰ আৰু লটাৰী পদ্ধতিৰে নিবিদাকাৰীক নিৰ্বাচিত কৰাৰ দাবীত অসমীয়া যুৱ মঞ্চ, আহোম সেনা, আহোম জাতীয় গণ মঞ্চকে ধৰি মুঠ আঠকৈ জাতীয়-জনগোষ্ঠীয় সংগঠনে ধাৰাবাহিকভাৱে নিগমৰ হঠকাৰী কাৰ্য্যৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে ৷ ইফালে, শ শ নিবনুৱাৰ স্বাৰ্থত অটল স্থিতিত থকা সদৌ তাই আহোম ছাত্ৰ সন্থাৰ ৪৮ ঘন্টীয়া বন্ধ বিফল কৰিবলৈ দুয়োখন জিলাৰ আৰক্ষী প্ৰশাসনৰ লগতে নিগমৰ নিৰাপত্তা গোটসমুহে বিশেষ তৎপৰতা আৰম্ভ কৰিছে ৷ বিশেষকৈ ৰুদ্ৰসাগৰ তৈল ক্ষেত্ৰ, গেলেকী তৈল ক্ষেত্ৰ, লাকুৱা তৈল ক্ষেত্ৰ, দিচাংপানী তৈল ক্ষেত্ৰত অব্যাহত থকা খনন-উৎপাদন যাতে কোনো কাৰণতেই বাধাগ্ৰস্ত নহয়, তাৰ বাবে সকলো প্ৰচেষ্টা হাতত লোৱা বুলি জানিব পৰা গৈছে ৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান

You might also like