অ’এনজিচিৰ তৈলখাদৰ নিলাম প্রক্রিয়া আৰম্ভ
- কোম্পানীক গতাব উজনি অসম ছেল্ফ (উত্তৰ আৰু দক্ষিণ) তৈলক্ষেত্র
- অইল–’এনজিচিৰ ৭৫ তৈলক্ষেত্রৰ ৩২টা ব্লক হ’ব নিলাম
- পৰৱর্তী পর্যায়ত হ’ব বৃহৎ তৈলক্ষেত্র নিলাম– কেন্দ্রীয় পেট্র’লিয়াম মন্ত্রীৰ ঘোষণা
নিয়মীয়া বাৰ্তা, ১৩ জুনঃ ভাৰত চৰকাৰৰ নৱৰত্ন কোম্পানী অইল ইণ্ডিয়া লিমিটেড (অইল) আৰু মহাৰত্ন কোম্পানী অইল এণ্ড নেচাৰেল গেছ কর্প’ৰেচনক (অ’ এন জি চি) ব্যক্তিগতকৰণৰ বাবে বৃহৎ পদক্ষেপ লৈছে কেন্দ্রীয় পেট্র’লিয়াম মন্ত্রালয়ে৷ পেট্র’লিয়াম মন্ত্রী ধর্মেন্দ্র প্রধানে শেহতীয়াকৈ ক্ষুদ্র তৈলক্ষেত্রসমূহৰ তৃতীয় পর্যায়ৰ নিলাম প্রক্রিয়া আনুষ্ঠানিকভাৱে মুকলি কৰাৰ কথা ঘোষণা কৰিছে৷
কেন্দ্রীয় মন্ত্রীগৰাকীয়ে সদৰী কৰ অনুসৰি, ব্যক্তিগতকৰণৰ তৃতীয় পর্যায়ত ৭৫খন তৈলক্ষেত্রৰ ৩২টাকৈ তেল–গেছ ব্লকৰ নির্বিনিয়োজন সম্পূর্ণ কৰা হ’ব৷ ইয়াৰ পাছতে শনিবাৰে তেল আৰু প্রাকৃতিক গেছ নিগম লিমিটেডে (অ’ এন জি চি) নিবিদাৰ বাবে আগ্রহী প্রতিষ্ঠানৰ পৰা আহ্বান কৰিছে ‘এক্সপ্রেচন অৱ ইণ্টাৰেষ্ট’৷ এই প্রক্রিয়াৰ জৰিয়তে নিবিদাৰ বাবে যোগ্য প্রতিষ্ঠান নির্বাচন কৰা হ’ব৷
অতি গুৰুত্বপূর্ণ কথাটো হ’ল– অ’ এন জি চিয়ে প্রতিষ্ঠানটোৰ যিসমূহ তৈলক্ষেত্র নিলাম কৰিব বিচাৰিছে, তাত অন্তর্ভুক্ত হৈ আছে অসম তথা উত্তৰ–পূর্বাঞ্চলত অৱস্থিত কেইবাখনো তৈলক্ষেত্র৷ এই সন্দর্ভত অ’ এন জি চিয়ে প্রকাশ কৰা এখন জাননীত উল্লেখ কৰা মতে, অসম আৰু অসম আৰকান বেছিনত অৱস্থিত অ’ এন জি চিৰ উত্তৰ–পূব ছেক্টৰৰ কেইবাখনো তৈলক্ষেত্রৰ নিলাম প্রক্রিয়া শীঘ্রে আৰম্ভ কৰা হ’ব৷ ইয়াৰ বাবে প্রযুক্তিগতভাৱে উপযুক্ত প্রতিষ্ঠানসমূহে তৈলক্ষেত্রৰ চমু বিৱৰণ সন্নিৱিষ্ট জাননীখন অহা ২ জুলাইৰ ভিতৰত ডাউনলোড কৰিব লাগিব আৰু ৫ জুলাইৰ ভিতৰত নিজৰ প্রতিষ্ঠানৰ বিষয়ে সবিশেষ দাখিল কৰিব লাগিব৷ অহা ১৫ জুলাইত আগ্রহী প্রতিষ্ঠানসমূহক লৈ অনলাইন বৈঠক অনুষ্ঠিত হ’ব৷ এই বৈঠকতে নিবিদাৰ চর্ত নির্ধাৰণ কৰা হ’ব৷
অ’ এন জি চিয়ে এই জাননীত স্পষ্টকৈ উল্লেখ কৰিছে যে অ’ এন জি চিৰ অসম ছেল্ফে যোৱা শতিকাটোত এই অঞ্চলত বহু সম্ভাৱনাপূর্ণ তৈলক্ষেত্র আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছে৷ উত্তৰ উজনি অসমত থকা লাকুৱা, লাখমনি, ৰুদ্রসাগৰ–গেলেকি আৰু দক্ষিণ উজনি অসমত থকা বৰহোলা, চুফায়ম, দয়ালপুৰ–নামবৰ আদি তৈলক্ষেত্রসমূহে এই অঞ্চলৰ সম্ভাৱনা দাঙি ধৰিছে৷ ইয়াৰ লগতে নিলাম হ’ব লগা তৈলক্ষেত্রসমূহৰ সম্যক পৰিচয়ো দাঙি ধৰা হৈছে৷
প্রকাশিত জাননীখনত এই সন্দর্ভত প্রকাশ কৰিছে যে অ’ এন জি চিৰ উজনি অসম ছেল্ফৰ নর্থ ব্লক, ছাউথ ব্লক, আছাম আৰকান ফ’ল্ড ব্লক, আছাম–আৰকান বেছিনৰ স্কুফেন বেল্ট আৰু নর্থ ব্লকৰ বিশাল তৈলক্ষেত্রত বহুসংখ্যক তৈলখাদ আছে৷ এই খাদসমূহ নিলাম কৰা হ’ব৷ পেট্র’লিয়াম এণ্ড নেচাৰেল গেছ ৰুলছ, ১৯৫৯ অনুযায়ী নিলামৰ চর্তসমূহ নির্ধাৰণ কৰা হ’ব৷ সেই অনুসৰি খননৰ অনুজ্ঞা–পত্রৰ বাবে ৰাজ্য চৰকাৰক ৪ লাখ টকা আমানত ধন হিচাপে জমা দিব লাগিব৷ ইয়াৰ পাছত বছৰি প্রতি বর্গ কিলোমিটাৰ হিচাপত নির্দিষ্ট পৰিমাণৰ ধন জমা দি অনুজ্ঞা–পত্র নৱীকৰণ কৰিব লাগিব৷ নির্বাচিত প্রতিষ্ঠানক ২০ বছৰৰ বাবে তৈলক্ষেত্রসমূহ লীজত দিয়া হ’ব৷ এইদৰে এই জাননীৰ জৰিয়তে অ’ এন জি চিৰ ক্ষুদ্র তৈলক্ষেত্রৰ তৃতীয় অর্থাৎ অন্তিম পর্যায়ৰ নিলাম প্রক্রিয়া আৰম্ভ হ’ল৷ ইয়াৰ পাছত বৃহৎ তৈলক্ষেত্র নিলামৰ প্রক্রিয়া আৰম্ভ কৰা হ’ব বুলি কেন্দ্রীয় পেট্র’লিাম মন্ত্রী ধর্মেন্দ্র প্রধানে সদৰী কৰিছে৷
প্রণিধানযোগ্য যে ইয়াৰ পূর্বে ৮৬খন ক্ষুদ্র আৱিষৃকত তৈলক্ষেত্র নিলামৰ জৰিয়তে ব্যক্তিগত খণ্ডক গতাই দিছে কেন্দ্রীয় চৰকাৰে৷ এই তৈলক্ষেত্রসমূহ নিলামৰ বিৰুদ্ধে সমগ্র অসমত জাতীয় সংগঠনসমূহে ব্যাপক প্রতিবাদ সাব্যস্ত কৰিছিল৷ কিন্তু ৰাজ্যবাসীৰ প্রবল প্রতিবাদক নেওচিও দেশী–বিদেশী কোম্পানীক অসমৰ ভূ–গর্ভৰ সম্পদ হস্তান্তৰ কৰিছিল কেন্দ্রীয় চৰকাৰখনে৷ ইয়াৰ পাছত আকৌ এবাৰ অসম তথা উত্তৰ–পূবত থকা অইল ইণ্ডিয়া আৰু অ’ এন জি চিৰ তৈলক্ষেত্র নিলাম কৰিব বিচাৰিছে কেন্দ্রই৷ এয়া হ’ব ক্ষুদ্র তৈলক্ষেত্রৰ তৃতীয় তথা অন্তিম পর্যায়ৰ নিলাম৷ আজি অ’ এন জি চিয়ে আনুষ্ঠানিক জাননীৰ জৰিয়তে এই প্রক্রিয়া আৰম্ভ কৰে৷