নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

একেৰাহে ২২ দিনে বাঢ়িয়ে আছে পেট্র’ল–ডিজেলৰ মূল্য

নিয়মীয়া বাৰ্তা, ১৩ জুনঃ ক’ৰোনা কালৰ মাজতে ইন্ধনৰ মূল্যবৃদ্ধি অব্যাহত আছে৷ যোৱা ২১ মে’ৰ পৰা প্রতিদিনেই প্রতিলিটাৰ পেট্র’ল আৰু ডিজেলৰ মূল্য বর্ধিত হৈ আছে৷ কালি বিৰোধী দল কংগ্রেছে পেট্র’ল–ডিজেলকে ধৰি ইন্ধনৰ মূল্যবৃদ্ধিক লৈ দেশজুৰি প্রতিবাদ সাব্যস্ত কৰিলেও ইন্ধনৰ মূল্যবৃদ্ধি অব্যাহত আছে৷

দৈনিক মূল্যবৃদ্ধিৰ ধাৰাবাহিকতা বাহাল ৰাখি শনিবাৰে প্রতিলিটাৰ পেট্র’লত ২২ পইচা আৰু প্রতিলিটাৰ ডিজেলত ৩১ পইচা বৃদ্ধি কৰা হৈছে৷ ৰাজহুৱা খণ্ডৰ তেল কোম্পানীসমূহে প্রতিদিনে পেট্র’ল–ডিজেলৰ মূল্য বর্ধিত কৰাত ২২ দিনৰ ভিতৰত প্রতিলিটাৰ পেট্র’লত ৫.৭২ টকা আৰু ডিজেলত ৬.২৬ টকা বৃদ্ধি হৈছে৷

দেশৰ প্রতিখন ৰাজ্যতে পেট্র’ল আৰু ডিজেলৰ মূল্যই সর্বকালৰ শিখৰত উপনীত হৈছে৷ প্রতিলিটাৰ পেট্র’লৰ মূল্য ৰাজস্থান, মহাৰাষ্ট্র, মধ্যপ্রদেশ, তেলেংগানা, অন্ধ্রপ্রদেশ আদি ৰাজ্যত ১০০ টকা অতিক্রম কৰাৰ পাছত ৰাজস্থানত প্রতিলিটাৰ ডিজেলৰ মূল্য ১০০ টকা অতিক্রম কৰিছে৷

তথ্য মতে ৰাজস্থানৰ শ্রীগংগা নগৰত দেশৰ ভিতৰত প্রথমবাৰৰ বাবে প্রতিলিটাৰ ডিজেলত ১০০ টকা অতিক্রম কৰিলে৷ এই চহৰখনত পেট্র’লৰ মূল্যও ১০০ টকা ইতিমধ্যে অতিক্রম কৰিছে৷ চহৰখনত প্রতিলিটাৰ পেট্র’লৰ মূল্য ১০৭.২৩ টকা আৰু শনিবাৰে প্রতিলিটাৰ ডিজেলত হৈছে ১০০.০৬ টকা৷

মন কৰিবলগীয়া যে যোৱা ২৯ মে’ত মহাৰাষ্ট্রৰ ৰাজধানী মুম্বাইত পেট্র’লৰ মূল্য ১০০ টকা স্পর্শ কৰাৰ পাছত কালি এই পেট্র’লৰ মূল্য ১০২.৩৬ টকালৈ বৃদ্ধি পাইছে৷ তেনেদৰে ডিজেলৰ মূল্য হৈছে ৯৪.৪৫ টকা৷ আন্তঃৰাষ্ট্রীয় বজাৰত খাৰুৱা তেলৰ মূল্যৰ আধাৰত ৰাজহুৱা খণ্ডৰ তেল কোম্পানীসমূহে দৈনিক ইন্ধনৰ মূল্য বিশেষকৈ পেট্র’ল আৰু ডিজেলৰ মূল্য নির্ধাৰণ কৰি আহিছে৷ সেইমর্মে যোৱা ২১ মে’ৰ পৰা কালিলৈকে দুয়োবিধ ইন্ধনৰ মূল্য প্রতিদিনে পইচা পইচাকৈ বৃদ্ধি কৰি আছে৷

তাৎপর্যপূর্ণ যে দেশৰ চাৰি ৰাজ্য পশ্চিমবংগ, অসম, তামিলনাডু, কেৰালা আৰু কেন্দ্রীয়শাসিত ৰাজ্য পডুচেৰীত নির্বাচনৰ বাবে পেট্র’ল–ডিজেলৰ মূল্যবৃদ্ধিৰ প্রক্রিয়া বন্ধ ৰখা হৈছিল৷ তেনেদৰে যোৱা ১ মে’ৰ পৰা ২০ দিন ধৰি পেট্র’ল–ডিজেলৰ মূল্য অপৰিৱর্তিত আছে৷ অর্থাৎ বৃদ্ধি কৰা নাছিল৷

You might also like