নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অ’এনজিচিৰ লঘু গাড়ীৰ নিবিদা বাতিলক লৈ গৰজিল জাতীয় সংগঠনৰ যৌথ মঞ্চ

নিয়মীয়া বাৰ্তা, ২০ ছেপ্টেম্বৰঃ অ এন জি চিৰ জন্ম ভূমি আৰু ব্যৱসায়িক এলেকাৰ হাজাৰ হাজাৰ শিক্ষিত নিবনুৱাক প্ৰকাৰন্তেৰে প্ৰৱঞ্চনা কৰি পুঁজিপতি ব্যৱসায়িক গোষ্ঠীক নিগমত লুন্ঠনৰ বৰপীৰা পাৰি দিয়া অ এন জি চিৰ থলুৱা- শিক্ষিত নিবনুৱাবিৰোধী স্থিতিৰ বিৰুদ্ধে এইবাৰ গৰজি উঠিছে শিৱসাগৰ জিলাৰ তেৰটাকৈ জাতী- জনগোষ্ঠীয় দল সংগঠন সংগঠন ৷বিগত প্ৰায় তিনিটা মাহ ধৰি লঘু গাড়ীৰ নিবিদাৰ নামত চুড়ান্ত ভেকো ভাওঁনাৰ ৰঁচনা কৰি অৱশেষত পুঁজিপতি দালাল গোষ্ঠীৰ প্ৰৰোচনাত সমগ্ৰ নিবিদা প্ৰক্ৰিয়া ৰহস্যজনক ভাৱে বাতিল কৰা অ এন জি চিৰ হঠকাৰী-থলুৱা বিৰোধী স্থিতিৰ বিৰুদ্ধে আজি এনে দৰে গৰজি উঠিল জিলাখনৰ ১৮ টাকৈ আগশাৰীৰ জাতী- জনগোষ্ঠীয় দল সংগঠনৰ দ্বাৰা গঠিত যৌথ সংগ্ৰামী মঞ্চই ৷এই উদেশ্যেই শিৱসাগৰ প্ৰেছ ক্লাবত আহোম জাতীয় গণ মঞ্চৰ কেন্দ্ৰীয় সভাপতি মহেন্দ্ৰ দিহিঙীয়া, সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি দেৱজিত দত্ত, জাতীয় সংগ্ৰামী সেনা অসমৰ চিতু বৰুৱা, আটাছুৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি পাৰ্থ গগৈ, উজনি অসম মুছলিম কল্যাণ পৰিষদৰ ৱালিফুৰ ৰহমান, টাই আহোম যুৱ পৰিষদৰ জয়ন্ত বুঢ়াগোহাই, সংগ্ৰামী সেনাৰ পংকজ খাউণ্ড, অসমীয়া যুৱ মঞ্চৰ ৰিদীপ ডেকা, অসম ছাত্ৰ যুৱ সন্মিলনৰ জিন্টু মেছ, অনুসূচীত জাতী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতা পৰশ দাস, মৃদুল দাস, মৰিয়া যুৱ ছাত্ৰ সন্থাৰ আছাদুৰ ৰহমানৰ উপস্থিতিত যৌথ সংগ্ৰামী মঞ্চৰ এখনি গুৰুত্বপুৰ্ণ সংবাদ মেল অনুস্থিত হয় ৷১৮ টাকৈ জাতী- জনগোষ্ঠীয় সংগঠনৰ কেন্দ্ৰীয় পৰ্য্যায়ৰ শীৰ্ষ নেতাৰ উপস্থিতিত আয়োজিত যৌথ সংগ্ৰামী মঞ্চৰ সংবাদ মেল খনত অ এন জি চিয়ে হৰ্ঠাত নিবিদা বাতিল কৰা কাৰ্য্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে ইয়াৰ কঠোৰ পৰিণামৰ বাবে অ এন জি চিক সাজু থাকিবলৈ সকিয়াই দিয়ে ৷নিগমত খুঁতি পুতি বহি লোৱা পৰিবহণ বিভাগৰ এটা পুঁজি পতি দালাল গোষ্ঠীৰ পৰিচালনাত নিয়ন্ত্ৰিত নিগমে ৩৭২ খন গাড়ীৰ বাবে মুকলি কৰা নিবিদাত অংশ গ্ৰহণ কৰা প্ৰতি গৰাকী নিবিদাকাৰীকেই ক্ষতি পুৰণ হিচাবে বিশ হাজাৰ টকাকৈ আদায় দিবলৈ দাবী উত্থাপন কৰাৰ লগতে তিনিদিনৰ ভিতৰত নিগমক নিজৰ স্থিতি স্পষ্ট কৰা আৰু ১০ দিনৰ ভিতৰত পুণৰ শিৱসাগৰ – চৰাইদেউ জিলাৰ নিবনুৱাৰ মাজত লটাৰী পদ্ধতিৰে নিবিদা সম্পন্ন কৰিবলৈ দাবী জনাই ৷ইয়াৰ অন্যথাই অ এন জি চি বন্ধৰ দৰে বৃহত প্ৰতিবাদীৰ কাৰ্য্যসূচী গ্ৰহণ কৰা হব স্পষ্ট কৰি দিয়ে ৷উল্লেখ্য যে,তিনিটা মাহৰ পুৰ্বে পুজিপতি গোষ্ঠীৰ স্বাৰ্থত অদ্ভুত স্বৰ্ত সন্নিৱিষ্ট কৰি অ এন জি চিৰ অসম সম্পদে মুঠ ৩৭২ খন সৰু গাড়ীৰ নিবিদা মুকলি কৰিছিল ৷কিন্তু পুৰ্বৰে পৰা নিগমত খুঁতি পুঁতি বহি লোৱা পুজিপতি গোষ্ঠীৰ স্বাৰ্থত থলুৱা নিবনুৱাক ভাতে মৰাৰ লক্ষৰে মুকলি কৰা গাড়ীৰ নিবিদাৰ বিৰুদ্ধে দল সংগঠন সমুহে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে কঠোৰ স্বৰ্ত প্ৰত্যাহাৰেৰে লটাৰীৰ পদ্ধতিৰে নিবিদা সম্পন্ন কৰাৰ দাবী উত্থাপন কৰিছিল ৷আন নালাগে বিগত মাহত শিৱসাগৰ ভ্ৰমণৰত কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ৰামেশ্বৰ তেলীয়েও নিগমক লটাৰী পদ্ধতিৰে নিবিদা অনুস্থিত কৰাৰ নিৰ্দেশ দিছিল ৷ইফালে নিবিদাৰ কঠোৰ স্বৰ্ত প্ৰত্যাহাৰ আৰু লটাৰী পদ্ধতিৰে নিবিদা সম্পন্ন কৰাৰ দাবীত অটল দল সংগঠন সমুহৰ সৈতেও প্ৰশাসনৰ মধ্যস্থতাত জিলা উপায়ুক্তৰ কাৰ্য্যালয়ত অ এন জি চিৰ প্ৰতিনিধিৰ উপস্থিতিত ত্ৰিপাক্ষীক বৈঠক অনুস্থিত হৈছিল ৷উক্ত ত্ৰিপাক্ষীক বৈঠকত লিখিত ভাৱে কঠোৰ স্বৰ্ত্ব প্ৰত্যাহাৰ-লটাৰীৰ মাধ্যমেৰে নিবিদা সম্পন্ন- সময়সীমা বৃদ্ধিৰ সন্দৰ্ভদ লিখিত চুক্তি প্ৰদাণ কৰাৰ লগতে সময় সীমা বৃদ্ধিৰ সন্দৰ্ভদ ব্যাপক প্ৰচাৰো চলোৱা হৈছিল ৷প্ৰায় আঢ়ৈ হাজাৰ নিবিদা কাৰীয়ে জি এচ টি ফাইল খোলা, ভেণ্ডৰ নম্বৰ সংগ্ৰহ কৰা, আয়কৰ টেস্ক ফাইল খোলাৰ লগতে আনুষাংগিক বিভিন্ন নথি প্ৰস্তুত কৰাকে ধৰি সমগ্ৰ প্ৰক্ৰিয়াৰ নামত গাই পতি বিশৰ পৰা ত্ৰিশ হাজাৰ টকা ব্যয় কৰাৰ ওপৰিও ৮৯ হাজাৰ টকাৰ আমানত ধন জমা দি আশাৰে বাট চোৱাৰ সময়তেই হৰ্ঠাত যোৱা ১৮ ছেপ্টেম্বৰ তাৰিখে এই নিবিদা প্ৰক্ৰিয়া বাতিল কৰা হৈছে বুলি লিখিত ঘোষণা কৰাৰ পিছতেই হাহাকাৰ লাগে নিবনুৱাৰ মাজত ৷বিশেষকৈ নিগমত থকা লজিষ্টিক বিভাগৰ ধুৰন্দৰ বিষয়াৰ ষড়যন্ত্ৰ তথা পুঁজি গোষ্ঠীৰ আঙুলিৰ ঠাৰত নাচি থকা নিগমত দেৰ দশকে লুটি থকা একাংশ ধনবান পৰিবহণ ঠিকাদাৰৰ বাবেই নিগমে ১৮ টা জাতীয় সংগঠনক বুঢ়া আঙুলি দেখুৱাই আঢ়ৈ হাজাৰ শিক্ষিত নিবনুৱাক পেটত গোৰ মৰা কাৰ্য্যত ক্ষোভত জ্বলি উঠিছে সংগঠন কেইটাৰ দ্বাৰা গঠিত যৌথ মঞ্চ ৷ত্ৰিপাক্ষীক বৈঠকৰ নামত জিলা প্ৰশাসনে প্ৰদাণ কৰা লিখিত চুক্তিৰ প্ৰতিটো দফাক উলংঘা – প্ৰৱঞ্চনা- প্ৰতাৰণা কৰা কাৰ্য্যৰ বিৰুদ্ধে চুক্তিত স্বাক্ষৰ কৰা বিষয়াৰ বিৰুদ্ধে আদালতত গোচৰ তৰাৰ সিদ্ধান্তৰ কথাও স্পষ্ট কৰি দিয়ে মঞ্চই৷কেৱল পুঁজিপতি দালাল পৰিবহণ ঠিকাদাৰ গোষ্ঠীৰ সৈতে মিতিৰালী কৰি নিগমৰ ব্যৱসায়ীক এলেকাৰ শিক্ষিত নিবনুৱাক পাকে প্ৰকাৰে কৰি অহা প্ৰৱঞ্চনাৰ বিৰুদ্ধে অহা কাইলৈ অৰ্থাত বৃহস্পতি বাৰে জিলা আয়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত তিনিঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচীৰে অ এন জি চিৰ বিৰুদ্ধে এই সৰ্ববৃহত প্ৰতিবাদী কাৰ্য্যসূচীৰ পাতনি মেলিব ৷সংবাদ মেলত অংশ গ্ৰহণ কৰা সংগঠন কেইটাৰ প্ৰতিনিধি বৰ্গ তথা তথা কেন্দ্ৰীয় নেতৃবৰ্গই ত্ৰিপাক্ষীক বৈঠকৰ নামত আলোচনা, আলোচনাৰ নামত প্ৰৱঞ্চনা বহুত হ’ল বুলি আক্ষেপ কৰাৰ লগতে জাতী- জনগোষ্ঠীয় সংগঠনৰ সহনশীলতা – সৰলতাক দুৰ্বলতা হিচাবে গ্ৰহণ কৰা চৰকাৰ প্ৰশাসন- অ এন জি চিক এইয়াই অন্তিম আৰু চুড়ান্ত সকিয়নী বুলি স্পষ্ট কৰি দিয়ে ৷বিশেষকৈ থলুৱা শিক্ষিত নিবনুৱাক প্ৰতাৰণা কৰা আৰু জাতী জনগোষ্ঠীয় দল সংগঠনৰ দাবী অহব্বান তুচ্চ -তাচিল্যৰ পৰিনাম গণতান্ত্ৰিক আন্দোলনেৰে যোগ্য প্ৰত্যুত্বৰ গ্ৰহণ কৰিবলৈ অ এন জিচি – জিলা প্ৰশাসনক সাজু হৈ থাকিবলৈ হুংকাৰ প্ৰদাণ কৰে যৌথ মঞ্চৰ অন্তৰ্গত ১৮ টা জাতী- জনগোষ্ঠীয় সংগঠনৰ প্ৰতিনিধি বৰ্গই ৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান

You might also like