নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

 নাগৰিকত্ব বিচাৰি অসমত মাত্র এজনৰ আবেদন

🔹 মুখ্যমন্ত্রী ড০ শর্মাৰ বিস্ফোৰণ– ‘কা আন্দোলন এটা ফাঁকিৰ ওপৰত প্ৰতিষ্ঠিত আছিল’

বিশেষ বার্তা, ৯ এপ্রিল : যোৱা মার্চ মাহৰ দ্বিতীয় সপ্তাহতে ‘কা’ৰ অধিনিয়ম বলৱৎ হয় যদিও এতিয়ালৈ অসমত বৰাক উপত্যকাৰ এজন লোকৰ বাহিৰে আন কোনো লোকে নাগৰিকত্ব বিচাৰি আবেদন কৰা নাই৷ কালি সোণাৰিত যোৰহাট লোকসভা সমষ্টিৰ বিজেপি মিত্রজোঁটৰ প্রার্থী তপন কুমাৰ গগৈৰ হৈ নির্বাচনী প্রচাৰ চলাবলৈ আহি সংবাদ মাধ্যমৰ আগত সেই কথা প্রকাশ কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ মুখ্যমন্ত্রী ড০ শর্মাৰ মতে, আজিৰ তাৰিখলৈ বৰাক উপত্যকাৰ পৰা মাত্র এজন লোকে নাগৰিকত্ব বিচাৰি আবেদন কৰিছে৷ ‘কা’ আন্দোলনটো ফাঁকিৰ ওপৰত হৈছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ‘কা’ আন্দোলনকাৰীসকলে দুদিন পিছত ইয়াৰ উত্তৰ দিবই লাগিব৷ ‘কা’ৰ অধিনিয়ম বলৱৎ হোৱাৰ ইমান দিনলৈ মাত্র এখনহে আবেদন আহিছে৷ কিন্তু আন্দোলনকাৰীসকলে কৈছিল ট্রাকে ট্রাকে বাংলাদেশৰ পৰা মানুহ আহিবৰ বাবে সাজু হৈয়ে আছে৷ অথচ এতিয়ালৈ মাত্র এজন লোকেহে নাগৰিকত্ব বিচাৰি আবেদন কৰিছে৷ অসমৰ মানুহক আৱেগিক কৰি বহুতে যে ৰাজনীতি কৰি আছে, এইবাৰ ‘কা’ আন্দোলনটোৰ পিছত মানুহে বিজ্ঞানসন্মতভাৱে গম পাই যাব৷ ‘কা’ আন্দোলনটো এটা ফাঁকি আন্দোলন আছিল, ফাঁকি কথা আছিল৷ এই সোণাৰিতো যথেষ্টসংখ্যক বাঙালী মানুহ আছে, তেওঁলোকৰ মাজৰ পৰা কোনেও আবেদন কৰা নাই৷ মুখ্যমন্ত্রী ড০ শর্মাই আৰু কয় যে ‘কা’ আন্দোলনটো এটা মিছাৰ ওপৰত প্রতিষ্ঠিত আছিল আৰু সময় গৈ থকাৰ লগে লগে মানুহে প্রমাণ পাই গৈ থাকিব৷ উল্লেখ্য যে ২০১৯ চনত সংসদত নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত হৈ ‘কা’ত পৰিণত হোৱাৰ লগে লগে অসমত আন্দোলনে তীব্র ৰূপ ধাৰণ কৰে৷ ৰাজ্যৰ বিৰোধী ৰাজনৈতিক দল, অৰাজনৈতিক ছাত্র সংগঠনৰ পৰা আৰম্ভ কৰি একাংশ বুদ্ধিজীৱী, সাংবাদিক, শিল্পী, সাহিত্যিক ৰাজপথলৈ ওলাই আহি ‘কা’ৰ বিৰুদ্ধে আন্দোলনত নামি পৰে৷ সেই সময়ত প্রত্যেকৰে অভিযোগ আছিল– ‘কা’খন অহাৰ লগে লগে বাংলাদেশৰ পৰা লাখে লাখে হিন্দু বাংলাদেশী আহি অসম দখল কৰিব৷ আনকি অসমৰ চাহ বাগিচাতো বাংলাদেশৰ পৰা অহা হিন্দু বাংলাদেশীয়ে দখল কৰিব৷ অসমৰ ভাষা–সংস্কৃতি সংকটৰ গৰাহত পৰিব৷ প্রৰোচনামূলক বক্তব্যৰে আৰম্ভ হোৱা এই আন্দোলনত অংশগ্রহণ কৰা একাংশই সেই সময়ত গুৱাহাটীকে ধৰি ৰাজ্যখনৰ বিভিন্ন প্রান্তত হিংসাত্মক ঘটনাও সংঘটিত কৰে৷ উত্তেজনাময় সেই পৰিস্থিতিৰ সময়তে গুৱাহাটীত পাঁচজনকৈ যুৱক শ্বহীদ হ’বলগীয়া হয়৷ ‘কা’ৰ বিৰুদ্ধাচৰণ কৰি পাঁচজন যুৱকে প্রাণ দিয়াৰ বিপৰীতে এতিয়া ‘কা’ৰ অধিনিয়মৰ জৰিয়তে অসমত এতিয়ালৈ নাগৰিকত্ব বিচাৰি মাত্র এজন লোকেহে আবেদন কৰা তথ্যই প্রকৃততে ‘কা’ আন্দোলনটো যে মিছাৰ ওপৰত প্রতিষ্ঠিত এটা আন্দোলন আছিল, তাকেই যেন প্রতিপন্ন কৰিছে৷

You might also like