নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গণতান্ত্রিক ব্যৱস্থালৈ ভাবুকি

দিল্লীৰ সুৰা কেলেংকাৰি গোচৰত তিহাৰ কাৰাগাৰত সোমাইছে ‘আপ’ৰ এজনৰ পিছত এজন শীর্ষ নেতা৷ সত্যেন্দ্র জৈন, মনীষ ছিছোডিয়া, সঞ্জয় সিঙৰ পিছত মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালৰ নতুন ঠিকনা হৈছে তিহাৰ কাৰাগাৰ৷ সুৰা কেলেংকাৰি গোচৰত ২১ মার্চত ইডিয়ে গ্রেপ্তাৰ কৰা দিল্লীৰ মুখ্যমন্ত্রী কেজৰিৱালক ১১ দিন মাৰাথন জেৰাৰ শেষত ১ এপ্রিলৰ পৰা ন্যায়িক জিম্মাত তিহাৰ কাৰাগাৰত ৰখা হৈছে৷ দিল্লীৰ ৰাউচ এভিনিউ আদালতে কেজৰিৱালক ১৫ এপ্রিলপর্যন্ত ন্যায়িক জিম্মাত ৰখাৰ নির্দেশ দিছে৷ মুখ্যমন্ত্রী কেজৰিৱালৰ গ্রেপ্তাৰ দেশৰ ৰাজনীতিত গুৰুত্বপূর্ণ ঘটনা৷ কিয়নো মুখ্যমন্ত্রী হৈ থকা সময়ত এইদৰে ইডিয়ে দুর্নীতিৰ গোচৰত কোনো নেতাক গ্রেপ্তাৰ কৰা নাছিল৷ দেশৰ অষ্টাদশ লোকসভা নির্বাচনৰ অধিসূচনা জাৰি কৰাৰ পিছত কেজৰিৱালৰ দৰে কোনো মুখ্যমন্ত্রীক গ্রেপ্তাৰৰ উদাহৰণ নাই৷ সাধাৰণতে দুর্নীতি অথবা অপৰাধ গোচৰত অভিযুক্ত হৈ আৰক্ষী অথবা অনুসন্ধান সংস্থাই গ্রেপ্তাৰ কৰিলে যিকোনো পর্যায়ৰ চৰকাৰী বিষয়া–কর্মচাৰীক চাকৰিৰ পৰা তৎকালে নিলম্বন কৰা হয়৷ গ্রেপ্তাৰ হোৱাৰ পিছত মন্ত্রীয়ে পদত্যাগ কৰে৷ গ্রেপ্তাৰৰ আশংকা ঘনীভূত হ’লে মুখ্যমন্ত্রীয়ে পদত্যাগ কৰে৷ শেহতীয়াকৈ দুর্নীতিৰ অভিযোগত গ্রেপ্তাৰৰ পূর্বে ঝাৰখণ্ডৰ মুখ্যমন্ত্রী হেমন্ত ছোৰেনে পদত্যাগ কৰিছে৷ কিন্তু সুৰা কেলেংকাৰি গোচৰত দিল্লীৰ মুখ্যমন্ত্রীগৰাকীয়ে প্রায় কুৰিদিন ধৰি পদত্যাগ কৰা নাই৷ ইয়াৰ বিপৰীতে কাৰাগাৰৰ পৰা দিল্লী বিধানসভা আৰু চৰকাৰৰ কাম–কাজ পৰিচালনা কৰাৰ হুংকাৰ দিছে মুখ্যমন্ত্রী কেজৰিৱালে৷ দুর্নীতিৰ অভিযোগত কাৰাৰুদ্ধ নেতা এজন মুখ্যমন্ত্রীৰ আসনত অধিষ্ঠিত হৈ থাকিব পাৰেনে? কাৰাৰুদ্ধ অৱস্থাত কিদৰে চৰকাৰ পৰিচালনা কৰিব? এনেবোৰ বহু প্রশ্ণই শেহতীয়াকৈ উদয় হৈছে৷ কেন্দ্রীয় অনুসন্ধান সংস্থাই দুর্নীতিৰ অভিযোগত গ্রেপ্তাৰ কৰা কেজৰিৱালে কাৰাগাৰৰ ভিতৰত তেওঁৰ মন্ত্রীসভা অথবা মুখ্য সচিবকে ধৰি আমোলাসকলক নিয়মিত সাক্ষাৎ কৰাৰ কোনো সুযোগ লাভ নকৰে৷ কাৰাৰুদ্ধ অৱস্থাত তেওঁ বিধানসভাৰ অধিৱেশনত অংশ ল’ব নোৱাৰে৷ মন্ত্রীসভাৰ কেবিনেট বৈঠকত কেজৰিৱালে অংশগ্রহণ কৰিব নোৱাৰিব৷ এনে অৱস্থাত দিল্লী বিধানসভা অথবা ৰাজ্য চৰকাৰখনৰ কাম–কাজত অনিশ্চয়তা উদ্ভৱ হোৱাৰ আশংকা আছে৷ এনে পৰিস্থিতিৰ বাবে কেজৰিৱালৰ পদত্যাগৰ দাবীত সৰৱ হৈছে বিজেপি৷ দিল্লীৰ ৰাজ্যপাল ভি কে ছাক্সেনায়ো সদৰী কৰিছে যে কাৰাগাৰৰ ভিতৰৰ পৰা কোনো পৰিস্থিতিতেই মুখ্যমন্ত্রী কেজৰিৱালে চৰকাৰ পৰিচালনা কৰাটো সহজ নহয়৷ এনে কার্য কোনো কাৰণতে মানি লোৱা নহ’ব বুলি স্পষ্ট কৰি দিছে ৰাজ্যপালে৷
দুর্নীতি–ভ্রষ্টাচাৰৰ গোচৰত ৰাজনৈতিক নেতাৰ গ্রেপ্তাৰ কোনো নতুন কথা নহয়৷ মুখ্যমন্ত্রী কেজৰিৱালক গ্রেপ্তাৰৰ পূর্বেও দেশৰ বহু নেতাক কেন্দ্রীয় অনুসন্ধান সংস্থাই গ্রেপ্তাৰ কৰিছে৷ মাহৰ পিছত মাহ, বছৰৰ পিছত বছৰ ধৰি কাৰাৰুদ্ধ হৈ থকা নেতাৰ তালিকাখনো দীঘলীয়া৷ কিন্তু দুর্নীতিৰ অভিযোগত গ্রেপ্তাৰ হৈ মুখ্যমন্ত্রী কেজৰিৱালে কাৰাগাৰৰ পৰা চৰকাৰ পৰিচালনা কৰাৰ যি হুংকাৰ দিছে, সেয়া নিশ্চিতভাৱে দেশৰ গণতন্ত্রৰ বাবে এক বিপদঘণ্টা৷ মুখ্যমন্ত্রী কেজৰিৱালৰ এনে অৰাজক স্থিতিক মান্যতা প্রদান কৰিলে অনাগত দিনত আমাৰ ৰাজনৈতিক ক্ষেত্রখনেই নহয়, গণতান্ত্রিক ব্যৱস্থাত মোক্ষম আঘাত প্রদান কৰা হ’ব৷ বিশ্বৰ সর্ববৃহৎ গণতান্ত্রিক দেশৰূপে প্রতিষ্ঠিত ভাৰতৰ গণতান্ত্রিক ব্যৱস্থাক কুঠাৰাঘাত কৰিবলৈ একাংশ প্রভাৱশালী দেশে ধাৰাবাহিক চক্রান্ত চলাই আহিছে৷ ভাৰতবর্ষৰ গণতান্ত্রিক ব্যৱস্থাটোক অর্থহীন কৰাৰো অহৰহ ষড়যন্ত্র চলি আছে৷ শেহতীয়াকৈ অষ্টাদশ লোকসভা নির্বাচনত বিসংগতি সৃষ্টিৰে চুবুৰীয়া চীনে ভয়াৱহ ষড়যন্ত্র চলোৱাৰ তথ্য পোহৰলৈ আহিছে৷ এই সন্দর্ভত মাইক্র’ছফ্ট থ্রেট ইণ্টেলিজেঞ্চৰ উদ্বেগজনক তথ্য অনুসৰি কৃত্রিম বুদ্ধিমত্তা প্রয়োগেৰে চীনে দেশৰ সাধাৰণ নির্বাচনত চাইবাৰ আক্রমণ কৰাৰ ষড়যন্ত্র ৰচিছে৷ এইক্ষেত্রত দক্ষিণ কোৰিয়াৰ সহযোগত চীনে অভিসন্ধি কৰাৰ কথাও ওলাইছে৷ বিশ্বৰ সর্ববৃহৎ গণতান্ত্রিক ব্যৱস্থা ব্যাহত কৰি ভাৰতৰ মূল ভেটিত আঘাত হানিবলৈ যে এনে চক্রান্তৰ মূল উদ্দেশ্য সেয়া স্পষ্ট৷ দেশে স্বাধীনতা লাভ কৰাৰ ৭৫ বছৰ ধৰি এনে চক্রান্তৰ মুখামুখি হৈছে আমাৰ দেশখনে৷ বিগত ১০ বছৰত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বত আমাৰ দেশখনে বিকাশ আৰু অর্থনৈতিক দিশত প্রদর্শন কৰা অভূতপূর্ব সাফল্যৰ পিছত বিশ্বৰ আগশাৰীৰ দেশসমূহৰ নেতাসকলৰো চকু কপালত উঠিছে৷ প্রধানমন্ত্রী মোদীৰ ক্ষমতা যিমানেই শক্তিশালী হৈছে সিমানেই বিদেশতো ভাৰতৰ গুৰুত্ব বৃদ্ধি হৈছে৷ এখন সমৃদ্ধিশালী আৰু শান্তিপূর্ণ ভাৰত সৃষ্টিৰ বিৰুদ্ধে চলা এনে অনিৰুদ্ধ যাত্রাৰ গতিপথ বন্ধ কৰিবলৈ একাংশ বিদেশী ৰাষ্ট্রৰ চক্রান্তত আমাৰ দেশৰ একাংশ নেতাৰ ভূমিকাক লৈও সন্দেহ ঘনীভূত হৈছে৷ দুর্নীতিৰ অভিযোগত মুখ্যমন্ত্রী কেজৰিৱালক গ্রেপ্তাৰৰ পিছত আমেৰিকা, জার্মানীকে ধৰি একাংশ প্রভাৱশালী দেশে চৰকাৰীভাৱে প্রদর্শন কৰা বিশেষ তৎপৰতা আৰু প্রতিক্রিয়া প্রকাশ কৰিছে৷ দুর্নীতি অথবা অপৰাধ ঘটনা সংঘটিত কৰা যিকোনো লোকক নির্ধাৰিত আইনৰ অধীনত গ্রেপ্তাৰ কৰি উপযুক্ত বিচাৰ প্রক্রিয়াৰ জৰিয়তে শাস্তি বিহাটো নতুন কথা নহয়৷ দেশৰ আইন আৰু আদালতে এনে কাম নিয়াৰিকৈ সম্পাদন কৰি আছে৷ কিন্তু মুখ্যমন্ত্রী কেজৰিৱালক গ্রেপ্তাৰৰ পিছত দেশৰ আভ্যন্তৰীণ বিষয়ত আমেৰিকাকে ধৰি বিদেশী ৰাষ্ট্রৰ এনে অনাহূত হস্তক্ষেপ কোনো কাৰণতে সমর্থনযোগ্য হ’ব নোৱাৰে৷ মুখ্যমন্ত্রী কেজৰিৱালৰ পূর্বেও দেশৰ বহুসংখ্যক ৰাজনৈতিক নেতাক গ্রেপ্তাৰ কৰা হৈছিল৷ কিন্তু পূর্বতে এনে স্থিতি বিদেশী দেশকেইখনে গ্রহণ কৰা নাছিল৷ বিশ্বৰ একাংশ দেশে আমাৰ গণতান্ত্রিক ব্যৱস্থাটোত আঘাত হানিবলৈ নির্বাচনৰ সময়ত একাংশ ৰাজনৈতিক দল–সংগঠন আৰু নেতাক সহায় কৰাৰ অভিযোগো উত্থাপন হৈ আহিছে৷ এই বিষয়তো কেন্দ্রীয় চৰকাৰ আৰু জনসাধাৰণ সজাগ হোৱা উচিত৷

You might also like