নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৫৪ দিনৰ পিছত ঘূৰি আহিল স্বাভাৱিক জনজীৱনঃ খোল খালে বজাৰ, দোকান–পোহাৰ

নিয়মীয়া বাৰ্তা, ১৯ মে’:  মাৰাত্মক ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধৰ লক্ষ্যৰে পুনৰ ৩১ মে’লৈ বৃদ্ধি কৰা হৈছে লকডাউন৷ পূর্বৰ লকডাউনসমূহৰ তুলনাত দেওবাৰৰ পৰা আৰম্ভ হোৱা চতুর্থ পর্যায়ৰ লকডাউনত শিথিল কৰা হৈছে কেতবোৰ নীতি–নিয়ম৷ ইয়াৰ পৰিপ্রেক্ষিতত সোমবাৰে চতুর্থ পর্যায়ৰ লকডাউনৰ প্রথম দিনটোতেই সৃষ্টি হ’ল অভাৱনীয় পৰিস্থিতি৷

৫৪ দিনৰ পিছত সোমবাৰে ৰাজ্যৰ বিভিন্ন প্রান্তত খোল খালে দোকান–পোহাৰ, বজাৰ–সমাৰ৷ বিভিন্ন কামৰ বাবে ওলাই আহিল ৰাইজ৷ ফলত পূর্বতকৈও অধিক স্বাভাৱিক হৈ পৰা পৰিলক্ষিত হ’ল জীৱনযাত্রা৷ যেন ৰাজ্যত সৃষ্টি হ’ল লকডাউন প্রত্যাহাৰ কৰাসদৃশ এক পৰিৱেশ৷ কেন্দ্রীয় চৰকাৰৰ গৃহ মন্ত্রালয়ৰ নিয়মাৱলীৰ ভিত্তিত ৰাজ্যৰ অধিকাংশ দোকান–পোহাৰ খোলা দেখা যায়৷ অৱশ্যে পূর্বৰ দৰেই বন্ধ থাকিল শ্বপিং মল, চিনেমা হল, চেলুন, বাৰ, জীম, ছুইমিং পুল আদি৷

ইয়াৰ বিপৰীতে দীর্ঘদিনে বন্ধ হৈ থকা ইলেক্ট্রনিকছ সামগ্রী, কাপোৰ–কানি, মটৰ পার্টছ, ঘৰুৱা আচবাব, জোতা, চেণ্ডেলকে ধৰি বিভিন্ন সা–সামগ্রীৰ দোকানসমূহ খুলি দিয়া পৰিলক্ষিত হয়৷ ইয়াৰ পূর্বৰ লকডাউনৰ সময়তো দোকান–পোহাৰ খোলাৰ অনুমতি দিয়া হৈছিল যদিও সেয়া যথেষ্ট সীমিত আছিল৷ দোকান–পোহাৰ খোলাৰ ক্ষেত্রত পালন কৰিবলগীয়া নিয়মাৱলীসমূহ সংশ্লিষ্ট জিলাৰ উপায়ুক্তই দিছিল৷ ইয়াৰ ভিত্তিতে পূর্বে কামৰূপ মহানগৰ জিলা উপায়ুক্তই গুৱাহাটীত দোকান–বজাৰ খোলাৰ ক্ষেত্রত কেতবোৰ গুৰুত্বপূর্ণ নির্দেশনা জাৰি কৰিছিল৷ ৰাজধানী চহৰখনৰ মার্কেট কমপ্লেক্সসমূহ বন্ধ ৰাখিবলৈ কঠোৰ নির্দেশনা দিয়াৰ লগতে অকলশৰীয়াকৈ থকা দোকানসমূহহে খোলাৰ অনুমতি দিয়া হৈছিল৷ একেলগে সংলগ্ন হৈ থকা দোকানসমূহৰ ক্ষেত্রত দুখন দোকান এৰি এখন দোকান খুলিবলৈ অনুমতি দিয়া হৈছিল৷ কিন্তু কালি ঘোষণা কৰা চতুর্থ পর্যায়ৰ নিয়মাৱলী এইক্ষেত্রত অধিক শিথিল কৰি দিয়া হয়৷ কেন্দ্রীয় চৰকাৰৰ গৃহ মন্ত্রালয়ে নতুন নিয়মাৱলী ঘোষণা কৰাৰ পিছতে ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই এই নিয়মাৱলীসমূহ পালন কৰা হ’ব বুলি ঘোষণা কৰিছিল৷ একে সময়তে তেওঁ ৰাজ্যৰ সকলো দোকান খোলাৰ অনুমতি প্রদান কৰাৰ কথাও প্রকাশ কৰিছিল৷ লগতে চৰকাৰী আৰু বেচৰকাৰী কার্যালয়সমূহত ১০০ শতাংশ কর্মচাৰী উপস্থিত থাকিব পাৰিব বুলিও স্পষ্ট কৰি দিছিল৷

   ইয়াৰ লগে লগে দীর্ঘদিনে বন্ধ হৈ থকা দোকান–পোহাৰ তথা ব্যৱসায়িক প্রতিষ্ঠানসমূহৰ স্বত্বাধিকাৰীয়ে একপ্রকাৰ সকাহ লাভ কৰিছিল৷ কিয়নো দীর্ঘদিনে দোকান–পোহাৰ তথা ব্যৱসায়িক প্রতিষ্ঠানসমূহ বন্ধ ৰাখিবলগীয়া হোৱাৰ বাবে ব্যাপক লোকচানৰ সন্মুখীন হোৱা এই ব্যৱসায়ীসকলৰ অৱস্থা পানীত হাঁহ নচৰাৰ দৰে হৈছিল৷ সেয়েহে আজি পুৱাৰে পৰা মহানগৰীৰ ভিন্ন প্রান্তত দোকান–পোহাৰসমূহ খুলি দিয়া পৰিলক্ষিত হয়৷ গণেশগুৰি, ফাঁচীবজাৰ, মালিগাঁও, চানমাৰি, নুনমাটি, জালুকবাৰী, আদাবাৰী আদিকে ধৰি মূল ব্যৱসায়িক অঞ্চলসমূহত ৰাইজৰ সমাগম হোৱা পৰিলক্ষিত হয়৷ দীর্ঘদিনে বন্ধ হৈ থকা গণেশগুৰিৰ ফলমূল, শাক–পাচলি, মাছ–মাংস আদিৰ দোকান খুলি দিয়া পৰিলক্ষিত হয়৷

  অৱশ্যে পদপথৰ দোকানসমূহ খোলাৰ অনুমতি প্রদান নকৰাৰ কথা আছিল যদিও গণেশগুৰিৰ পদপথত কাপোৰ–কানিকে ধৰি বিভিন্ন সামগ্রীৰ দোকান বহা পৰিলক্ষিত হয়৷ ইপিনে, মুংৰু সাহানী নামৰ ফাঁচীবজাৰৰ আলু–পিঁয়াজৰ গুদামত কর্মৰত শ্রমিকৰ দেহত ক’ভিড–১৯ৰ উপস্থিতি ধৰা পৰাৰ পিছতো হাহাকাৰ সৃষ্টি হৈছে৷ ইতিমধ্যে ফাঁচীবজাৰৰ এটা বৃহৎ অঞ্চল কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰা হৈছে৷ এই আতংকৰ মাজতে আজি ফাঁচীবজাৰত একাংশ দোকান–পোহাৰ খুলি দিয়া পৰিলক্ষিত হয়৷ ইছলাম ধর্মাৱলম্বী লোকসকলৰ পৱিত্র উৎসৱ ঈদ উপলক্ষেও একাংশ লোকে বজাৰ–সমাৰত ভিৰ কৰে৷ বাৰম্বাৰ ঈদৰ বজাৰ প্রত্যাহাৰ কৰিবলৈ ভিন্ন দল–সংগঠনে আহ্বান জনাই অহা সত্ত্বেও বহু লোক ঈদৰ বজাৰৰ বাবে ওলাই আহে৷ আদবাৰীত পুৱা আন দোকান–সমাৰৰ লগতে একাংশ শ্বপিং মলো খুলি দিয়া বুলি জানিব পৰা গৈছে৷ পৰৱর্তী সময়ত আৰক্ষীয়ে গৈ এই শ্বপিং মলসমূহ বন্ধ কৰি দিয়ে৷ অনুৰূপ পৰিৱেশ দেখা গ’ল ৰাজ্যৰ আন প্রান্ততো৷ প্রতিখন জিলাতে দোকান–পোহাৰ তথা ব্যক্তিগত ব্যৱসায়িক প্রতিষ্ঠান, কার্যালয় আদি খুলি দিয়া হয়৷ ফলত বজাৰ–সমাৰত ব্যাপক ভিৰ দেখা যায়৷ বিশেষকৈ ধুবুৰী, নগাঁও, হোজাই, গোৱালপাৰা আদি অঞ্চলত ঈদৰ বজাৰ কৰিবলৈ একাংশ লোক ওলাই অহাত ব্যাপক ভিৰ পৰিলক্ষিত হয়৷

   ৰাজ্যৰ জিলাসমূহৰ সদৰ স্থানসমূহত স্বাভাৱিক জীৱনযাত্রা পৰিলক্ষিত হয়৷ সমান্তৰালভাৱে গুৱাহাটীত থকা ব্যক্তিগত আৰু চৰকাৰী কার্যালয়সমূহতো কর্মচাৰীৰ আগমন পৰিলক্ষিত হয়৷ অৱশ্যে প্রতিটো কার্যালয়লৈ আজি ১০০ শতাংশ কর্মচাৰী অহা নাই বুলি জানিব পৰা গৈছে৷ চৰকাৰী কর্মচাৰীসকলে ১০০ শতাংশ উপস্থিতিৰ বাবে যাৱতীয় নির্দেশনা লাভ কৰালৈ অপেক্ষা কৰি আছে৷ অৱশ্যে কিছুসংখ্যক চৰকাৰী কার্যালয়ৰ মুৰব্বীয়ে কালিয়েই মৌখিকভাৱে সংশ্লিষ্ট কর্মচাৰীসকলক উপস্থিত থাকিবলৈ নির্দেশনা দিছে৷ সেয়েহে কিছুসংখ্যক চৰকাৰী কার্যালয়ত ৫০ শতাংশতকৈ অধিক কর্মচাৰী উপস্থিত থকা দেখা যায়৷ অৱশ্যে ৰাজ্য প্রশাসনৰ হূৎপিণ্ডস্বৰূপ জনতা ভৱনত আজিও প্রায় ৫০ শতাংশ কর্মচাৰীহে উপস্থিত থকা পৰিলক্ষিত হয়৷ ইয়াৰ মাজতে এতিয়াও সাধাৰণ দর্শনার্থীৰ বাবে মুকলি কৰি দিয়া হোৱা নাই জনতা ভৱনৰ দুৱাৰ৷

  ইফালে, সোমবাৰে এখন সংবাদ মেলত ৰাজ্যৰ বিত্ত, স্বাস্থ্য, শিক্ষা বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই প্রসংগত কয়– ‘ৰাজ্য চৰকাৰৰ মুঠ কর্মচাৰীৰ সংখ্যা ৬ লাখ৷ ইয়াৰে আঢ়ৈ লাখ কর্মচাৰীয়েই শিক্ষা বিভাগৰ৷ অর্থাৎ অধিকাংশ কর্মচাৰীয়েই শিক্ষক৷ যিহেতু বর্তমান স্কুল–কলেজসমূহ সম্পূর্ণৰূপে বন্ধ হৈ আছে, সেয়েহে কর্তব্য সম্পাদন কৰিবলগীয়া কর্মচাৰীৰ সংখ্যা হৈছে ডেৰ লাখ৷ অর্থাৎ মুঠ চৰকাৰী কর্মচাৰীৰ ৪০ শতাংশইহে কর্তব্য কৰিব লাগিব৷ ব্যক্তিগত কার্যালয়সমূহৰ ক্ষেত্রত স্বত্বাধিকাৰীয়ে নিজাববীয়াকৈ কর্মচাৰীৰ কর্তব্যৰ ক্ষেত্রত সিদ্ধান্ত গ্রহণ কৰিব পাৰিব৷’

  উল্লেখ্য যে ৰাজ্যৰ দোকান–পোহাৰ তথা চৰকাৰী–বেচৰকাৰী কার্যালয়সমূহ স্বাভাৱিকভাৱে খোলাৰ অনুমতি দিলেও কেতবোৰ কঠোৰ নীতি–নিয়ম পালন কৰিব লাগিব বুলি স্পষ্ট কৰি দিছে ৰাজ্য চৰকাৰে৷ কালি সংবাদ মেলত মুখ্য সচিব সঞ্জয় কৃষ্ণই উল্লেখ কৰা অনুসৰি সকলো ক্ষেত্রতে সামাজিক দূৰত্বৰ নিয়ম মানি চলাৰ লগতে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক হ’ব লাগিব৷ একেদৰে কার্যালয়, দোকান–পোহাৰ, ব্যৱসায়িক প্রতিষ্ঠান আদিত কর্মচাৰী আৰু দর্শনার্থীৰ বাবে তথা গ্রাহকৰ বাবে ছেনিটাইজাৰ অথবা হেণ্ডৱাছ, চাবোন আদিৰ সুবিধা উপলব্ধ কৰাব লাগিব৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে দেশৰ ভিন্ন প্রান্তৰ সমান্তৰালকৈ বিগত কিছুদিন ধৰি অসমতো ক’ৰোনা ভাইৰাছৰ সংক্রমণ ভয়াৱহভাৱে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ বিশেষকৈ শেহতীয়াভাৱে ৰাজধানী চহৰ গুৱাহাটীত ক’ৰোনা ভাইৰাছত আক্রান্ত কেইবাজনো ৰোগীক চিনাক্তকৰণ কৰা হৈছে৷ একেদৰে ভিন্ন ৰাজ্যৰ পৰা উভতি আহি কোৱাৰেণ্টাইন চেণ্টাৰ অথবা হোম কোৱাৰেণ্টাইনত থকা একাংশ ব্যক্তিও ক’ৰোনা ভাইৰাছত আক্রান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে৷ ইয়াৰ পৰিপ্রেক্ষিতত লকডাউনৰ নিয়মাৱলী শিথিল কৰাৰ বিৰোধিতা কৰি আহিছে একাংশ সচেতন ব্যক্তিয়ে৷ অৱশ্যে দেশৰ অর্থনৈতিক ব্যৱস্থাটোক সন্তুলিত কৰি ৰখাৰ বাবে পর্যায়ক্রমে লকডাউনৰ মাজতে অর্থনৈতিক কাম–কাজো চলাই থকাৰ অনুমতি দিছে৷ সেয়েহে দোকান–পোহাৰ, বজাৰ–সমাৰ আদি খুলি দিয়াৰ লগে লগে ৰাজপথত ভিৰ বাঢ়ি যোৱা দেখা গৈছে৷ যাৰ বাবে ক’ৰোনা ভাইৰাছৰ আগন্তুক সময়ত অধিক ভয়াৱহভাৱে ৰাজ্যত সংক্রমণ ঘটাৰো আশংকা কৰিছে সচেতন মহলে৷

You might also like