নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ পৰা মুকলি কামাখ্যা ধাম, কটাব পাৰিব ১৫ মিনিট

প্রত্যেকৰে হ’ব এণ্টিজেন টেষ্ট, মূল বিগ্রহ বন্ধ থাকিব

নিয়মীয়া বার্তা, ১১ অক্টোবৰঃ ভক্তৰ বাবে আজিৰ পৰা মুকলি হ’ল কামাখ্যা মন্দিৰৰ চৌহদ৷ অৱশ্যে ভক্তসকলে মন্দিৰৰ চৌহদতহে প্রদক্ষিণ কৰিব পাৰিব৷ মন্দিৰৰ ভিতৰত থকা মূল বিগ্রহ সদ্যহতে পূজাৰ বাবে মুকলি কৰা নহয়৷ কামাখ্যা দেৱালয় পৰিচালনা সমিতিয়ে এই কথা সদৰী কৰিছে৷

এক বিবৃতিত মন্দিৰ পৰিচালনা সমিতিয়ে জানিবলৈ দিয়া মতে, পুৱা ৮ বজাত দেৱালয়ৰ চৌহদৰ প্রৱেশদ্বাৰ মুকলি কৰি দিয়া হয় আৰু সূর্যাস্ত পর্যন্ত ভক্তসকলে প্রৱেশ কৰিব পাৰিব৷ ক’ৰোনাৰ সংক্রমণ প্রতিৰোধৰ বাবে স্বাস্থ্য বিভাগে মন্দিৰৰ নামনিত ক’ৰোনা পৰীক্ষাৰ বাবে শিবিৰ স্থাপন কৰিব৷ প্রতিগৰাকী ভক্তই ৰেপিড এণ্টিজেন টেষ্ট কৰিহে প্রৱেশৰ বাবে অনুমতি লাভ কৰিব৷

যিসকলে বিগত ৩ দিনৰ ভিতৰত ক’ৰোনা পৰীক্ষা কৰাইছে, তেওঁলোকে প্রৱেশৰ সময়ত পৰীক্ষাৰ ৰিপ’ট দেখুৱাব লাগিব৷ মন্দিৰ চৌহদত প্রৱেশৰ আগতে সুৰক্ষা কর্মীক ক’ৰোনা পৰীক্ষাৰ ৰিপ’ৰ্ট দেখুওৱাৰ পাছত অন্নক্ষেত্রৰ কার্যালয়ত প্রৱেশ–পত্র প্রদান কৰা হ’ব৷ একোগৰাকী ভক্তক মাত্র ১৫ মিনিটৰ বাবেহে মন্দিৰ চৌহদত থকাৰ অনুমতি দিয়া হ’ব৷

সজাগতামূলক ব্যৱস্থা হিচাপে থার্মেল স্ক্রীনিং আৰু ছেনিটেচন চেম্বাৰৰ ব্যৱস্থা কৰা হৈছে৷ তদুপৰি ভক্তসকলে মাস্ক পৰিধান কৰা আৰু সামাজিক দূৰত্ব মানি চলাটো বাধ্যতামূলক৷ ইয়াৰ পাছত জিলা প্রশাসনৰ লগত আলোচনামর্মে মূল বিগ্রহ ভক্তৰ দর্শনৰ বাবে মুকলি কৰা সন্দর্ভত সিদ্ধান্ত লোৱা হ’ব৷

You might also like