🔹 মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ নিৰ্দেশৰ পিছতে ৩৮জনক গ্ৰেপ্তাৰ
নিয়মীয়া বাৰ্তা, ধুবুৰী, ১৪ জুন : মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশৰ পিছত কালি নিশাৰ পৰাই ধুবুৰীকে ধৰি জিলাখনৰ প্ৰান্তে প্ৰান্তে আৰক্ষীয়ে আৰম্ভ কৰিছে জামিনবিহীন ধাৰাত ৱাৰেন্ট থকা অপৰাধীৰ বিৰুদ্ধে অভিযান। ধুবুৰীৰ গো-মুণ্ড কাণ্ডত যোৱানিশাৰ পৰা বৰ্তমানলৈ ধুবুৰী জিলাৰ পৰা মুঠ ৩৮গৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নিজে সামাজিক মাধ্যম X-যোগে এই কথা সদৰী কৰিছে। ইপিনে, যোৱানিশাৰে পৰা ধুবুৰী চহৰৰ স্পৰ্শকাতৰ অঞ্চলবোৰত ৰেপিড একচন ফোৰ্চ, অসম আৰক্ষীৰ বেটেলিয়ন, চিআৰপিএফ মোতায়েন কৰা হৈছে। উল্লেখ্য যে হনুমান মন্দিৰৰ সমীপত গো-মাংস উদ্ধাৰৰ পিছত সৃষ্টি হোৱা ঘটনাৱলীৰ বুজ ল’বলৈ ১৩ জুনত ধুবুৰীত উপস্থিত হৈছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। ধুবুৰীস্থ জিলা আৱৰ্ত ভৱনত ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব (গৃহ আৰু ৰাজনৈতিক), অসম আৰক্ষীৰ ডিজিপি, ধুবুৰীৰ জিলা আয়ুক্ত, আৰক্ষী অধীক্ষককে ধৰি অন্যান্য শীৰ্ষ প্ৰশাসনিক আৰু আৰক্ষী বিষয়াৰ উপস্থিতিত এক গুৰুত্বপূৰ্ণ আইন-শৃংখলাজনিত পৰ্যালোচনা বৈঠকত অংশ লোৱাৰ পিছত উপস্থিত সাংবাদিকৰে হোৱা কথা-বতৰাত ধুবুৰীত উত্তেজনা সৃষ্টিৰ আঁৰত এটা বাংলাদেশী শক্তি জড়িত হৈ থকাৰ চাঞ্চল্যকৰ তথ্য প্ৰদান কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে। ইপিনে, মুখ্যমন্ত্ৰী ড০ শৰ্মা গুৱাহাটীলৈ ওভতাৰ পিছত ১৩ জুনৰ নিশাই ধুবুৰীৰ আৰক্ষী অধীক্ষক নবীন সিঙক বদলি কৰি তেওঁৰ ঠাইত ধুবুৰীৰ নতুন আৰক্ষী অধীক্ষকৰূপে লীনা দলেক নিযুক্তি দিয়া হয়।