নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুমাহত থানবান হ’ব বিৰোধী ঐক্যমঞ্চ : মন্ত্ৰী পীয়ূষ হাজৰীকা

বিশেষ বাৰ্তা, ২১ নৱেম্বৰঃ কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী ঐক্য়মঞ্চ আগন্তুক লোকসভা নিৰ্বাচনলৈ নিটিকে। অহা দুই মাহৰ ভিতৰত বিৰোধী ঐক্যমঞ্চ থান হ’ব। আজি সোণাৰি সমষ্টিৰ অন্তৰ্গত বানফেৰাত এক ৰাজহুৱা সভাৰ শেষত এই মন্তব্য কৰে মন্ত্ৰী পীয়ূষ হাজৰীকাই। তেওঁ কয় যে আগন্তুক লোকসভা নিৰ্বাচনত কংগ্ৰেছে এখন আসনহে বিৰোধী মঞ্চৰ অংশীদাৰ দলক এৰি দিব। ৰাইজৰ দল আৰু তৃণমূল কংগ্ৰেছক কোনো আসন নিদিয়ে। এনে পৰিস্থিতিত বিৰোধী ঐক্যমঞ্চ থানবান হ’ব বুলি মন্তব্য কৰে মন্ত্ৰী হাজৰীকাই।

#বাৰ্তা ডেস্ক

You might also like