কাইলৈৰ পৰা পৰ্যটকৰ বাবে বন্ধ ওৰাং ৰাষ্ট্ৰীয় উদ্যান
১৫ নং ৰাষ্ট্ৰীয় পথৰ ওৰাং, ধনশ্ৰীঘাট, দলগাঁৱত উদ্যানখনৰ নামত তোৰণৰ দাবী প্রকৃতিপ্রেমীৰ
নিয়মীয়া বাৰ্তা, ১৪ মে’ : কাইলৈৰ পৰা পৰ্যটকৰ বাবে বন্ধ ওৰাং ৰাষ্ট্ৰীয় উদ্যান। কাইলৈৰ (১৫ মে)ৰ পৰা পৰ্যটকৰ বাবে বন্ধ ওৰাং ৰাষ্ট্ৰীয় উদ্যান। দেশী-বিদেশী সকলো পৰ্যটকৰ বাবে এই ঘোষণা ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ। সাধাৰণতে বাৰিষাৰ সময়ত ঘনাই বৰষুণ ,বাট -পথ বোকাময়, হাঁবি – বননিৰে সকলোবোৰ আৱৰি ধৰি জীৱ – জন্তু সমূহ দেখা নোপোৱা হয়।
ওচৰৰ হাঁবি -বননিত জীৱ -জন্তুবোৰ লুকাই থাকি পৰ্যটকক আক্ৰমণ কৰাৰ সম্ভাৱনা অধিক বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰে বন বিভাগে । অৱশ্যে অহা অক্টোবৰ মাহৰ পৰা পুনৰ পৰ্যটকৰ বাবে মুকলি হব ওৰাং ৰাষ্ট্ৰীয় উদ্যান। উদ্যানখনৰ আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ তথ্য মতে এইবেলি পৰ্যটকৰ পৰা ৰাজহ সংগ্ৰহৰ পৰিমাণ তিনি লাখ ছয়ষষ্ঠি হাজাৰ টকা।
পৰ্যটকৰ সংখ্যা ২৩০০গৰাকী। বিদেশী পৰ্যটক আছিল ৪২জন। শেহতীয়া গণনা মতে ১২৫টাতকৈও অধিক এশিঙীয়া গঁড় আছে বুলি কয় ৰাষ্ট্ৰীয় উদ্যানখনৰ বন বিষয়া প্রাণজিত ডেকাই। এই সংখ্যা অহা বছৰত বৃদ্ধি হোৱাৰ সম্ভাৱনা অধিক বুলি কয় বিষয়া গৰাকীয়ে।
আনহাতে বাঘ, হাতী, হৰিণা,গাহৰি আদি জীৱ-জন্তুৰ লগতে নানা বিধ পক্ষীৰ বিচৰণ ভূমি এই ৰাষ্ট্ৰীয় উদ্যানখনে পৰ্যটকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। পৰ্যটকক আকৰ্ষণ কৰিবলৈ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওৰাং, ধনশ্ৰীঘাট আৰু দলগাওঁত উদ্যানখনৰ নামত টোৰণ থাকিলে পথচাৰী আৰু বাছযাত্রী সকলৰ দৃষ্টিত অতি সহজতে পৰিলহেতেন বুলি প্রকৃতিপ্রেমীয়ে জনাইছে। সেই গতিকে উক্ত তিনিটা স্থানত টোৰণৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক কাতৰ আহ্বান প্রকৃতি প্রেমীৰ।
প্ৰেৰক প্ৰাঞ্জল কুমাৰ শৰ্মা