নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ ১৫,০০০ বিঘা ভূমি বেদখলমুক্তৰ সিদ্ধান্ত : বুঢ়াচাপৰিত মুখ্যমন্ত্ৰী

নিয়মীয়া বাৰ্তা, ১৩ মেঃ আজি হেলিকপ্টাৰৰে বুঢ়াচাপৰি অভয়াৰণ্যত উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা৷ বুঢ়াচাপৰি অভয়াৰণ্যত উপস্থিত হৈ পৰিদৰ্শন কৰি মুখ্যমন্ত্রীয়ে কেইবাটাও নতুন পৰিকল্পনাৰ কথা ঘোষণা কৰে ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বুঢ়াচাপৰি অভয়াৰন্যৰ মাজেৰে ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ জীৱ-জন্তু অহা-যোৱা এক সুগম পথ নিৰ্মাণ কৰাৰ পৰিকল্পনা লয় মুখ্যমন্ত্রীগৰাকীয়ে৷ ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ ১৫,০০০ হাজাৰ বিঘা ভুমি বেদখল মুক্ত কৰাৰ সিন্ধান্ত মুখ্যমন্ত্রীৰ৷ বেদখলকাৰীসকলক উচ্ছেদ কৰাৰ পূৰ্বেই নিজে-নিজেই বন্যভূমি বেদখল মুক্ত কৰিবৰ বাবে আহ্বান মুখ্যমন্ত্রীৰ৷ এইক্ষেত্রত স্থানীয় বিধায়ক, দল-সংগঠনক চৰকাৰক সহযোগ কৰিবলৈ আহ্বান মুখ্যমন্ত্রীগৰাকীৰ৷ ইপিনে কিছুদিন পূৰ্বে উচ্ছেদ কৰা অস্থায়ী শিবিৰত বৰ্তমানেও বাস কৰা লোকসকলক সংস্থাপন দিবলৈ স্থানীয় বিধায়কক প্ৰশাসনক সহযোগ কৰিবলৈ কয় মুখ্যমন্ত্রীগৰাকীয়ে৷ আনহাতে কৰ্ণাটকৰ নিৰ্বাচনৰ ফলাফল তিনি মাহ পূৰ্বে বিজেপি পৰাজিত হোৱাৰ উমান পাই মুখ্যমন্ত্রীগৰাকীয়ে৷ কৰ্ণাটকৰ নিৰ্বাচনৰ বাবে মুখ্যমন্ত্রীগৰাকীয়ে নিৰ্বাচনী প্ৰচাৰ চলোৱা সমষ্টিসমূহত বিজেপি জয়ী হোৱা বুলি মন্তব্য মুখ্যমন্ত্রীৰ৷ যিমানেই মহাজোঁট বন্ধন নহওক কিয় ২০২৪ত প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদী বুলি মন্তব্য মুখ্যমন্ত্রীগৰাকীৰ৷ উল্লেখ্য যে জীপ চাফাৰিৰে উচ্ছেদিত অঞ্চলসমূহ পৰিদৰ্শন কৰি এনে কেতবোৰ মন্তব্য মুখ্যমন্ত্রীগৰাকীৰ৷
প্ৰেৰক জহিৰুল ইছলাম
You might also like