🟢এজেণ্ডা আজটক-২০২২ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
🟢ৰাহুল গান্ধীৰ বয়স যিমান সিমান আসন লাভ কৰিব কংগ্ৰেছে
বিশেষ বাৰ্তা, ১৫ ডিচেম্বৰঃ সমাগত লোকসভা নির্বাচনত ৩৫০+ আসন লৈ প্রধানমন্ত্রী নৰেন্দ্র মোদীক তৃতীয়বাৰৰ বাবে ভাৰতবর্ষৰ প্রধানমন্ত্রী পদত অধিষ্ঠিত কৰিব লাগে৷ এয়া আমাৰ মিছন৷– এই মন্তব্য অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ নতুন দিল্লীত ৰাষ্ট্রীয় ছেটেলাইট চেনেল আজটকৰ ‘এজেণ্ডা আজটক ২০২৩’ অনুষ্ঠানত এটা সাক্ষাৎকাৰত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে লোকসভা নির্বাচনত বিজেপিয়ে হেটট্রিক কৰাত কোনো সন্দেহ নাই৷ আমি বিচাৰিছোঁ ৩৫০ৰো অধিক আসন লাভ কৰি মোদী প্রধানমন্ত্রী হোৱাটো৷ ইয়াৰ বিপৰীতে কংগ্রেছে এইবাৰ লোকসভা নির্বাচনত এতিয়া ৰাহুল গান্ধীৰ বয়স যিমান হৈছে সিমান সংখ্যক আসন লাভ কৰিব বুলি মুখ্যমন্ত্রী ড০ শর্মাই তাৎপর্যপূর্ণ মন্তব্য কৰে৷ লোকসভা নির্বাচনৰ প্রসংগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে লোকসভাত এনেকুৱা ২০০খন আসন আছে, য’ত বিজেপিৰ হাতত কংগ্রেছ পৰাজিত হ’ব৷ আনবোৰ আসনত আৰজেডি, সমাজবাদী দল আদি পৰাজিত হ’ব৷ যিটো দলৰ নেতাই উত্তৰৰ পৰা দক্ষিণলৈ ইউটার্ণ লৈছে, সেইটো দলৰ নৈতিকতা কি বুলি প্রশ্ণ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বিধানসভা নির্বাচনৰ ক্ষেত্রত প্রধানমন্ত্রী নৰেন্দ্র মোদী নাথাকিলে ৰাজ্যত প্রত্যাহ্বান আছে৷ কিন্তু লোকসভা নির্বাচনত কোনো প্রত্যাহ্বান নাই৷ লোকসভা নির্বাচনত মোদীক প্রত্যাহ্বান জনাব পৰা কোনো নেতা নাই৷ মোদীৰ সন্মুখত কোন নেতা আছে বুলি প্রশ্ণ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে দুর্যোধনৰ ১০০জন ভাই থকাৰ দৰে বিৰোধীৰো ১০০জন নেতা সদায় টিভিত দেখি থাকো৷ নেতা তেওঁলোকৰ কম নাই৷ কিন্তু মোদীৰ সন্মুখত তেওঁলোকৰ কোনে বলিং কৰিব৷ বলাৰ নোহোৱাকৈ বেটছমেনে উইকেট কেনেকৈ পাব৷ মেচৰ পিছত বলাৰ ঠিক কৰে নেকি? কর্ণাটক, তেলেংগানা, অন্ধ্রপ্রদেশতো বহু আসন মোদীয়ে লাভ কৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ৰাহুল গান্ধীয়ে ছ’চিয়েল মিডিয়াত তেওঁৰ অনুগতৰ সংখ্যা হিচাপ কৰক৷ আমি ইভিএমত হিচাপ কৰিম৷ আনহাতে ইণ্ডিয়া এলায়েঞ্চ গঠনৰ প্রসংগত মুখ্যমন্ত্রী ড০ শর্মাই তীব্র কটাক্ষ কৰি কয় যে ইউপিএ এলায়েঞ্চ থকাৰ পিছত ইণ্ডিয়া এলায়েঞ্চ কিয় কৰিলে তাৰো এটা তদন্ত হ’ব লাগে৷ ইউপিএৰ নামত দুবাৰ চৰকাৰ গঠনৰ পিছত এতিয়া ইণ্ডিয়াৰ নামত পোছাক সলনি কৰি কিয় ৰাইজৰ মাজত যাব লগা হৈছে৷ তেওঁলোকৰ ইছ্যু হৈছে মোদীক উৎখাত কৰা৷ কিন্তু মোদীক কিয় উৎখাত কৰিব বিচাৰিছে সেই বিষয়ে দেশৰ জনতাই ভোট দিয়াৰ পূর্বে ভাবিব৷ মোদী হৈছে অ’বিচি সম্প্রদায়ৰ পৰা অহা এগৰাকী প্রধানমন্ত্রী৷ এতিয়া হঠাৎ ৰাহুল গান্ধীৰ অ’বিচি প্রেম হৈছে৷ কংগ্রেছ যেতিয়া শাসনত আছিল তেতিয়া অ’বিচিৰ বিষয়ে কিয় ভবা নাছিল৷ জৱাহৰলাল নেহৰু, ইন্দিৰা গান্ধী, ৰাজীৱ গান্ধী যেতিয়া প্রধানমন্ত্রী আছিল তেতিয়া কিয় অ’বিচি সম্প্রদায়ৰ এগৰাকী ব্যক্তিক দেশৰ প্রধানমন্ত্রীৰ দায়িত্ব দিয়া নাছিল৷ ছোনিয়া গান্ধীয়ে ইউপিএৰ অধ্যক্ষ হৈ দেশ চলোৱাৰ সময়ত ইউপিএৰ দায়িত্ব এগৰাকী অ’বিচিক দিয়া হোৱা নাছিল৷ কংগ্রেছৰ পাঁচগৰাকী প্রধানমন্ত্রী আছিল, কিন্তু এগৰাকী প্রধানমন্ত্রীও অ’বিচিৰ নাছিল৷ কংগ্রেছৰ যদি দম আছে এতিয়াও কওক ৰাহুল গান্ধী প্রধানমন্ত্রী নহয়, অ’বিচি এজনহে প্রধানমন্ত্রী হ’ব? এই প্রসংগতে মুখ্যমন্ত্রী ড০ শর্মাই কয়– গান্ধী পৰিয়ালক চন্দ্রলৈ পঠিয়ালে দেশৰ বহু সমস্যা সমাধান হৈ যাব৷ তুষ্টিকৰণৰ ৰাজনীতিকে ধৰি বহু সমস্যা নোহোৱা হৈ যাব৷ ৰাহুল গান্ধী যিমান স্মার্ট হ’ব লাগে সিমানতে সীমাবদ্ধ থাকিবলৈ মুখ্যমন্ত্রী ড০ শর্মাই আহ্বান জনায়৷ জাতিগণনাৰ সন্দর্ভত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অসমত ইতিমধ্যে মুছলমানৰ জাতিগণনা আৰম্ভ কৰা হৈছে৷ মুছলমান সমাজত শোষিত, বঞ্চিতসকলৰ সবলীকৰণৰ বাবে মুছলমান সমাজত জনগণনাৰ দৰকাৰ আছে৷ ৬০ বছৰে কংগ্রেছে নকৰা কামৰ কথা নির্বাচনৰ সময়ত ৰাহুল গান্ধীয়ে ক’লে মানুহৰ মাজত সন্দেহ ওপজে৷ তাৰ বাবেই কংগ্রেছে ফল ভোগ কৰি আহিছে৷ অসম চৰকাৰে ইতিমধ্যে ১২০০ মাদ্রাছা বন্ধ কৰি মুছলমানসকলক মোল্লা হোৱাৰ পৰিৱর্তে চিকিৎসক, অভিযন্তা হোৱাৰ পথ প্রশস্ত কৰি সেই শিক্ষানুষ্ঠানসমূহ সাধাৰণ শিক্ষানুষ্ঠানলৈ পৰিৱর্তন কৰাৰ উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এতিয়া প্রত্যেক বছৰে অসমত ২৫০–৩০০ মুছলমান যুৱক–যুৱতীয়ে এমবিবিএছ পাঠ্যক্রমত নামভর্তি কৰি আহিছে৷ ইপিনে ‘কা’ আৰু এনআৰচিৰ প্রসংগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে দেশক ‘কা’ও লাগে, এনআৰচিও লাগে৷ আনহাতে ইউনিফর্ম চিভিল ক’ড (ইউচিচি) সন্দর্ভত মুখ্যমন্ত্রী ড০ শর্মাই এই দিশত ইতিমধ্যে উত্তৰাখণ্ড আৰু গুজৰাটে কাম আৰম্ভ কৰিছে৷ দুয়োখন ৰাজ্যই কৰিবলগীয়া এই আইন অসম চৰকাৰে চাই ল’ব৷ তাৰ পিছত অসম চৰকাৰেও এই দিশত পদক্ষেপ ল’ব৷ কিন্তু বহু বিবাহ বন্ধৰ বাবে অসম চৰকাৰে অহা ফেব্রুৱাৰী মাহত হ’বলগীয়া অসম বিধানসভাৰ বাজেট অধিৱেশনত আইন গৃহীত কৰিবলৈ এইক্ষেত্রত অসম চৰকাৰে মুছলমান যুৱতী, নাৰী–পুৰুষৰ পৰা যথেষ্ট সঁহাৰি পাইছে৷ বহুবিবাহ বন্ধ আইনখনো ইউচিচিৰে অংশ হ’ব৷ ইফালে পাঁচ ৰাজ্যৰ বিধানসভা নির্বাচনৰ ফলাফলক লৈ কংগ্রেছ নেতা দিগ্বিজয় সিঙে ইভিএমক দোষাৰোপ কৰাৰ প্রসংগত প্রতিক্রিয়া ব্যক্ত কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে প্রথমতে কংগ্রেছে তেলেংগানাৰ মুখ্যমন্ত্রীগৰাকীক পদত্যাগ কৰিবলৈ নির্দেশ দিয়ক৷ তাৰ পিছত এই বিষয়ক লৈ কংগ্রেছে হুলস্থূল কৰক৷ কাৰণ তেলেংগানাৰ লগতে একে সময়তে একে ইভিএমেৰে পাঁচ ৰাজ্যত নির্বাচন অনুষ্ঠিত হৈছে৷ সেয়ে নৈতিক কাৰণতে প্রথমতে কংগ্রেছে তেলেংগানাৰ মুখ্যমন্ত্রীগৰাকীক পদত্যাগ কৰিবলৈ দিয়ক৷ কংগ্রেছ সদায় জনসাধাৰণৰ পৰা বিচ্ছিন্ন হৈ থাকে বাবেই নির্বাচনত হাৰি থাকে বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে জনসাধাৰণে কেতিয়াও কংগ্রেছক ইতিবাচক ভোট নিদিয়ে৷ ভোটৰ শতাংশৰ প্রসংগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে আমি আসনৰ সংখ্যা চাওঁ৷ মিডিয়াই নির্বাচনৰ ফলাফলৰ পিছত ষ্টুডি’ত আলোচনাৰ বাবে কোনে কিমান শতাংশ ভোট পাইছে চাব৷ আমাৰ মূল কথা আসনৰ সংখ্যা৷
#বাৰ্তা ডেস্ক