নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মালিক–কর্মচাৰীয়ে ভেকচিন নল’লে বন্ধ হ’ব ব্যৱসায়িক প্রতিষ্ঠান

নিয়মীয়া বাৰ্তা ৬ অক্টোবৰঃ ক’ভিড ভেকচিন ল’বলৈ এতিয়াও অনিচ্ছুক লোকসকলৰ ক্ষেত্রত কিছু কঠোৰ স্থিতি গ্রহণৰ পোষকতা কৰিছে স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই৷ মঙলবাৰে বৰপেটা জিলাত ক’ভিড টিকাকৰণৰ পর্যালোচনাৰ বাবে উপস্থিত হোৱা মন্ত্রীগৰাকীয়ে উপায়ুক্তৰ কার্যালয়ত জিলা প্রশাসন আৰু স্বাস্থ্য বিভাগৰ বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয়৷ ক’ভিড প্রতিষেধক ল’বলৈ যথেষ্ট বেছিসংখ্যক লোক বাকী থকা চাৰিখন জিলাৰ অন্যতম হিচাপে পৰিগণিত হোৱা বাবেই স্বাস্থ্যমন্ত্রীগৰাকীয়ে বুধবাৰে বৰপেটা জিলা ভ্রমণ কৰি ক’ভিড প্রতিষেধক অভিযানৰ অগ্রগতিৰ পর্যালোচনা কৰে৷ ৰাষ্ট্রীয় স্বাস্থ্য অভিযান, অসমৰ অভিযান সঞ্চালক ডাঃ এছ লক্ষ্মণন আৰু স্বাস্থ্য সেৱা (পৰিয়াল কল্যাণ) সঞ্চালক তথা ক’ভিড প্রতিষেধকৰ ৰাজ্যিক ন’ডেল বিষয়া মুনীন্দ্রনাথ নাটেৰ সৈতে বৰপেটাৰ উপায়ুক্ত কার্যালয়ত জিলা উপায়ুক্ত তেজপ্রসাদ ভূষালসহ জিলা প্রশাসন আৰু জিলা স্বাস্থ্য বিভাগৰ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হৈ ক’ভিড প্রতিষেধক অভিযানৰ গুৰুত্বপূর্ণ দিশসমূহৰ পর্যালোচনা কৰে৷

তেওঁ কয় যে যিবোৰ দোকান–ব্যৱসায়িক প্রতিষ্ঠানৰ গৰাকী আৰু কর্মচাৰীয়ে দুপালি প্রতিষেধক গ্রহণ কৰা নাই, তেনে দোকান সাময়িকভাৱে বন্ধ কৰি দিব লাগে৷ জিলাখনত এতিয়াও এপালিও ক’ভিড প্রতিষেধক নোলোৱাকৈ থকা লোকসকল চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হ’ব লাগিব বুলিও তেওঁ সকীয়াই দিয়ে৷ বৰপেটা জিলাত কাইলৈৰ পৰা অহা ১১ অক্টোবৰলৈ দৈনিক ২৫,০০০ লোকক ক’ভিড প্রতিষেধক প্রদানৰ বাবে লক্ষ্য স্থিৰ কৰা হয় বৈঠকত৷ মন্ত্রীগৰাকীয়ে প্রতিষেধক প্রদান সম্পর্কত গাঁৱে গাঁৱে গৈ সমীক্ষা চলোৱাৰ পৰামর্শ দিয়ে৷ তেওঁ কয় যে যিসকলে প্রতিষেধক লোৱা নাই, সেয়া কিয় লোৱা নাই, সেই বিষয়ে তথ্য সংগ্রহ কৰক৷ কিমান লোক এইখন জিলাৰ পৰা আন জিলা বা ৰাজ্যলৈ প্রব্রজিত হৈছে, সেই বিষয়েও এই সপ্তাহৰ ভিতৰতে তথ্য সংগ্রহ কৰিবলৈ তেওঁ নির্দেশ দিয়ে৷
দুর্গা পূজাৰ মণ্ডপে মণ্ডপে থাকিব ‘ফ্লায়িং স্কোৱাড’
নলবাৰী জিলাত অহা ১০ অক্টোবৰৰ ভিতৰতে ১৮ বছৰৰ ঊর্ধ্বৰ সকলো যোগ্য লোককে সামৰি ১০০ শতাংশ প্রথম পালি ক’ভিড প্রতিষেধক সম্পূর্ণ কৰিবলৈ জিলা প্রশাসনক ৰাজ্যৰ স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই নির্দেশ দিছে৷ মন্ত্রীগৰাকীয়ে আজি নলবাৰীত উপস্থিত হৈ এক বৈঠকত ভাগ লৈ আগন্তুক দুর্গা পূজা সন্দর্ভত আন এক ঘোষণা আগবঢ়াই কয়– ৰাজ্যৰ প্রতিখন জিলাতে পূজা মণ্ডপে মণ্ডপে আয়োজক, দর্শনার্থী আদিয়ে দুয়োপালি ক’ভিড প্রতিষেধক গ্রহণ কৰিছে নে নাই, তাৰ আকস্মিক পৰীক্ষা কৰিবলৈ ‘ফ্লায়িং স্কোৱাড’ গঠন কৰিব জিলাৰ উপায়ুক্তই৷ নলবাৰী জিলা উপায়ুক্ত কার্যালয়ৰ সভাকক্ষত জিলা প্রশাসন–স্বাস্থ্য বিভাগৰ বিষয়াবর্গৰে ক’ভিড পৰিস্থিতি তথা প্রতিষেধক অভিযান সম্পর্কীয় এক পর্যালোচনা কৰে মন্ত্রীগৰাকীয়ে৷ এন. এইচ. এম. অসমৰ অভিযান সঞ্চালক ডাঃ এছ. লক্ষ্মণন আৰু স্বাস্থ্য সেৱা (পৰিয়াল কল্যাণ) সঞ্চালক তথা ক’ভিড প্রতিষেধকৰ ৰাজ্যিক ন’ডেল বিষয়া মুনীন্দ্রনাথ নাটেক লগত লৈ স্বাস্থ্যমন্ত্রীগৰাকীয়্ নলবাৰী জিলা উপায়ুক্ত গীতিমণি ফুকন, অতিৰিক্ত উপায়ুক্ত (স্বাস্থ্য) আৰু যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক তথা স্বাস্থ্য বিভাগৰ অন্যান্য দায়িত্বত থকা বিষয়া–কর্মচাৰীৰ উপস্থিতিত স্বাস্থ্যমন্ত্রীগৰাকীয়্ জিলাখনৰ ক’ভিড প্রতিষেধকৰ প্রথম পালি ল’বলৈ বাকী থকাসংখ্যকৰ শেহতীয়া ছবিখনৰ বুজ লয়৷

You might also like