নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড্রোনেৰে নির্ধাৰণ কৰা হ’ব গাঁৱৰ সীমা

সৌমিট্ট আঁচনিৰ শুভাৰম্ভ মন্ত্রী যোগেন মহনৰ

নিয়মীয়া বাৰ্তা, ৬ অক্টোবৰঃ উন্নত প্রযুক্তিৰে অসমৰ গাঁওসমূহৰ মেপ তথা গাঁৱৰ জোখ–মাখ নিৰূপণৰ অর্থে সৌমিট্ট নামৰ আঁচনিখন মঙলবাৰে ক্ষেত্রী সভাকক্ষত আয়োজিত এখন সভাত ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা মন্ত্রী যোগেন মোহনে শুভ উদ্বোধন কৰে৷

আঁচনিখন উদ্বোধন কৰি মন্ত্রীগৰাকীয়ে কয় যে এতিয়াৰে পৰা গাঁৱৰ প্রত্যেক ব্যক্তিৰে সম্পত্তি নির্ধাৰণ কৰা হ’ব, গাঁওসমূহৰ সীমা নিৰূপণ কৰা হ’ব আৰু প্রস্তুত কৰা হ’ব প্রত্যেক গাঁৱৰে একোখনকৈ মেপ৷ ড্রোন ব্যৱহাৰ কৰি উন্নত প্রযুক্তিৰে কোনো ভুল নোহোৱাকৈ গাঁৱৰ সীমা নির্ধাৰণ কৰাৰ উপৰি প্রত্যেকৰে মাটিৰ বিপৰীতে কার্ড থাকিব আৰু এই কার্ডৰ জৰিয়তে প্রয়োজন সাপেক্ষে শিক্ষাকে আদি কৰি ঋণ ল’ব পাৰিব৷

মিছন বসুন্ধৰাৰ সমান্তৰালকৈ এই সৌমিট্ট আঁচনিখন চলি থাকিব বুলি উল্লেখ কৰি মন্ত্রাগৰাকীয়ে কয় যে ব্যক্তিৰ গ্রামাঞ্চলৰ সা–সম্পত্তিৰ উপৰি গাঁও পঞ্চায়ত আৰু ৰাজহুৱা সা–সম্পত্তি যেনে ৰাস্তা, পুখুৰী, বিদ্যালয়, অংগনৱাডী কেন্দ্র, স্বাস্থ্য উপকেন্দ্র আদি সকলো জৰীপৰ ব্যৱস্থা কৰা হ’ব এই আঁচনিখনৰ জৰিয়তে৷ আঁচনিখন কৃতকার্য কৰাৰ বাবে অসমৰ সকলো মানুহকে সহযোগৰ বাবেও মন্ত্রীগৰাকীয়ে আহ্বান জনায়৷

ৰাজহ বিভাগৰ প্রধান সচিব অবিনাশ যোশী, ভূমি জৰীপৰ সঞ্চালক জি ডি ত্রিপাঠী, অতিৰিক্ত উপায়ুক্ত গুণজিৎ ৰায় চৌধুৰী, জৰীপ আৰু বন্দৱস্তি প্রশিক্ষণ প্রতিষ্ঠানৰ অধ্যক্ষ পংকজ চক্রৱর্তী, ৰাজহ চক্র বিষয়া বিস্তীর্ণ বৰুৱাৰ উপৰি বহু বিশিষ্ট ব্যক্তি তথা ৰাইজে এই সভাত অংশগ্রহণ কৰে৷

You might also like