নিয়মীয়া বাৰ্তা, ২৯ ছেপ্টেম্বৰঃ “লুৰিণজ্যোতি গগৈৰ ৰাজনৈতিক যাত্ৰাটো আমাৰ একেবাৰেই ধৰ্তব্য নহয়। কিন্তু মই এটা কথা সদায়ে কওঁ যে জাতীয়তাবাদৰ পোচাক পিন্ধি ৮৫৫ গৰাকী শ্বহীদক গুলিয়াই গুলিয়াই হত্যা কৰা কংগ্ৰেছৰ নতজানু ভৃত্য কিয় হ’ল! সেইটোৱে প্ৰশ্ন?” এই ভাষ্য ৰাজসভাৰ সাংসদ তথা মুখ্যমন্ত্রীৰ ৰাজনৈতিক সচিব পবিত্ৰ মাৰ্ঘেৰিটাৰ। আজিৰ পৰা ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা অসম মাইক্ৰকণ’২৩ সন্মিলনৰ অনুষ্ঠানত অংশ ল’বলৈ ধুবুৰীলৈ অহা সাংসদ মাৰ্ঘেৰিটাই সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত এনেদৰে কয়। ধুবুৰীৰ পৰা আৰম্ভ হোৱা অজাপৰ এক অসম যাত্ৰাৰ প্ৰসংগত সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত তেওঁ আৰু কয় যে “বাকী তেওঁ সমদল কৰিছে, চান্দা তুলিছে, ৮০জন মানুহ লৈ ঘূৰি ফুৰিছে, পিকনিক কৰিছে, সেইবোৰ তেওঁৰ কথা। আনহাতে সাংবাদিকৰ আন এক প্ৰশ্নৰ উত্তৰত মাৰ্ঘেৰিটাৰ মন্তব্য, ” লুৰিণজ্যোতি গগৈয়ে কিদৰে সমদল কৰিছে, কিদৰে এশজন, আশীজন মানুহৰ লগত ঘূৰি ফুৰিছে; অখিল গগৈ ডাঙৰীয়াই কিদৰে বিধানসভাত কথা কৈছে – মই তাৰ ওপৰত এক্সপাৰ্ট কমেন্টচ দিয়াৰ প্ৰয়োজন নাই। কাৰণ সংবাদ মাধ্যমৰ জড়িয়তে তেখেতসকলে বিগত সময়চোৱাত সামাজিক, ৰাজনৈতিকভাবে কি কৰি আছে; বিধানসভাৰ বাহিৰে-ভিতৰে কি কৰি আছে, ৰাইজে নিজে দেখিছে। গতিকে ৰাইজে যিহেতু দেখিছে – তেওঁলোকক কেনেদৰে প্ৰত্যুত্তৰ দিয়া হ’ব ৰাইজে নিজে সিদ্ধান্ত সব; তাত এগৰাকী বেলেগ ৰাজনৈতিক কৰ্মীৰ ভাষ্যটো খুব গুৰুত্বপূৰ্ণ কেতিয়াবা নহবও পাৰে।”
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী