নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বজালীৰ নিত্যানন্দত ধান ক্ৰয় কেন্দ্ৰ মুকলি উপায়ুক্ত কাবেৰী শৰ্মা বৰকাকতিৰ

নিয়মীয়া বাৰ্তা, ২৯ জুলাইঃ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে কৃষকৰ আয় দুগুণ কৰাৰ লক্ষৰে এলানি অভিলাষী আঁচনি গ্ৰহণ কৰিছে। এই আঁচনিৰ অংশ হিচাপে কৃষকৰ পৰা প্ৰত্যক্ষ ভাৱে তেওঁলোকৰ উৎপাদিত ধানসমুহ ক্ৰয় কৰাৰ কাৰনে প্ৰতিখন জিলাই জিলাই ধান ক্ৰয় প্ৰতিষ্ঠান মুকলি কৰিছে। সেই আচনি অনুসৰি আজি বজালী জিলাৰ নিত্যানন্দত বজালী জিলাৰ উপায়ুক্ত কাবেৰী শৰ্মা বৰকাকতীয়ে অসম খাদ্য আৰু অসামৰিক যোগান বিভাগৰ এটা ধান ক্ৰয় কেন্দ্ৰ আনুস্থানিকভাবে মুকলি কৰে। কৃষকৰ আয় বৃদ্ধি হলেহে প্ৰকৃতাৰ্থত আমাৰ আৰ্থ সামাজিক উন্নয়ন হব বুলি মন্তব্য কৰি মধ্যভোগী দালালক প্ৰচ্ছয় নিদি কৃষকসকলক বিভাগৰ লগত প্ৰত্যক্ষ ভাবে যোগাযোগ কৰি চৰকাৰে বান্ধি দিয়া উচিত মুল্যতহে ধান বিক্ৰি কৰিবলৈ উপায়ুক্তগৰাকীয়ে অনুৰোধ জনায়।এই উদ্বোধনী অনুষ্ঠানত বজালী জিলাৰ উন্নয়ন আয়ুক্ত মানস দাস, সহকাৰী আয়ুক্ত আয়াচ তনভিৰ আলম, যোগান বিভাগৰ বিষয়া নিতুল শৰ্মা, কৃষি বিষয়া মুনীন ঠাকুৰীয়া, কৃষি উন্নয়ন বিষয়া অৰূপ ৰামচিয়াৰী আদি উপস্থিত থাকে। আজি মুকলি কৰা এই কেন্দ্ৰত হৰি প্ৰসাদ কলিতা আৰু মৃদুল দাস নামৰ কৃষক দুগৰাকীয়ে তেওঁলোকৰ নিজৰ উৎপাদিত ধান বিক্ৰী কৰে।
প্ৰেৰক: কল্যাণ কলিতা

You might also like