নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলগাছিয়াৰ ধাননি পথাৰত শুঁৰ পোকৰ তাণ্ডৱ

নিয়মীয়া বাৰ্তা, ৩১ অক্টোবৰ : বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত কলগাছিয়াৰ দাৱনদিয়া গাঁৱৰ শালি ধান খেতিত একাংশ পোকে ধানৰ থোপাক যথেষ্ট ক্ষয়-ক্ষতি কৰাক কেন্দ্ৰ কৰি এই বৃহত্তৰ অঞ্চলৰ খেতিয়ক সকলৰ মাজত এক আতংময় পৰিবেশৰ সৃষ্টি হৈছে। ইমান কষ্ট কৰি নিজৰ গাঁঠিৰ ধন খৰচ কৰি কৃষক সকলে ধান খেতি কৰিছে যদিও দিনে নিশাই এক জাতীয় পোকে ধান খেতি অনিষ্ট কৰা পৰিলক্ষিত হৈছে।যাৰ বাবে ৰাতিৰ এন্ধাৰত চহা কৃষকে শালিধান খেতিত কীটনাশক ঔষধ ব্যৱহাৰ কৰা দেখিবলৈ পোৱা গৈছে। কাৰণ দাৱনদিয়া গাঁৱৰ শালিধান পথাৰত শুৰ পোকে চলাইছে তাণ্ডৱ। এফালৰ পৰা কাটি তহলিং কৰিছে শালিধানৰ থোক। পোকবোৰ দিনৰ পোহৰত ধান গছৰ তলত আৰু ৰাতি হলেই ওলাই আহে এফালৰ পৰা কাটিবলৈ আৰম্ভ কৰে ধানৰ থোক। যাৰ ফলত এইদৰে ৰাতি ঔষধ দিছে কৃষক সকলে।অতি কষ্টৰে মুৰৰ ঘাম  মাটিত পেলাই কৰা সপোনৰ শালিধান খিনি পোকে তহলিং কৰাত মুৰে কপালে হাত দিছে ৰাইজে। এইদৰে কলগাছিয়াৰ দাৱনদিয়া, গুনিয়ালগুৰি, নদীয়াপাৰা, ক্ষুদ্ৰকুছি, তিতাপানী আদি বহুতো গাঁৱত পোকে শালিধানৰ ক্ষতি কৰিছে যদিও এই ক্ষেত্ৰত বৰপেটা জিলা কৃষি বিভাগ কুম্ভকৰ্ণ নিদ্ৰাত। গ্ৰামসেৱকৰ ভুমিকা  শূন্য। সেয়েহে এই বৃহৎ অঞ্চলৰ খেতিয়ক সমাজে কৃষি বিষয়াৰ হস্তক্ষেপ বিচাৰিছে।
প্ৰেৰক মফিদুল ইছলাম
You might also like