ভাৰতক হৰুৱালে ছাকিব বাহিনীৰে এসাঁজ খাব পাক অভিনেত্রীয়ে
বিশেষ বাৰ্তা, ১৯ অক্টোবৰঃ পুনৰবাৰ শিৰোনামলৈ আহিছে ছেহৰ চিনৱাৰি৷ পাকিস্তানৰ এইগৰাকী অভিনেত্রীয়ে ইয়াৰ আগতেও বিভিন্ন ধৰণৰ কথা সামাজিক মাধ্যমত লিখি দৃষ্টি আকর্ষণ কৰিছিল৷ এইবাৰ তেওঁ ঘোষণা কৰিছে যে কাইলৈ যদি বাংলাদেশে ভাৰতীয় দলক বিশ্বকাপৰ মেচখনত পৰাজিত কৰিব পাৰে, তেনেহ’লে ছাকিব আল হাছানহঁতৰ সৈতে তেওঁ মাছ–ভাতেৰে এসাঁজ খাব৷ উল্লেখ্য যে আজি অনুষ্ঠিত হ’ব ভাৰত আৰু বাংলাদেশৰ এখন মেচ৷ এই মেচখনৰ পূর্বে ছেহৰে কয়– মই বঙালী বন্ধুসকলক কৈছোঁ, বাংলাদেশে যদি ভাৰতক হৰুৱাব পাৰে, তেতিয়া মই ঢাকালৈ যাম৷ তালৈ গৈ বাংলাদেশৰ খেলুৱৈসকলৰ সৈতে মাছ খাম৷ উল্লেখ্য যে চলিত বিশ্বকাপত ইতিমধ্যে ভাৰতৰ হাতত বিধ্বস্ত হৈছে পাকিস্তান৷ ইয়াৰ পিছতে অভিনেত্রীগৰাকীয়ে সামাজিক মাধ্যমত লিখিছে যে বাংলাদেশে ভাৰতক হৰুৱাবই৷ অৱশ্যে তেওঁৰ পোষ্টৰ বিপৰীতে বহু লোকে লিখিছে যে মেচখনত ভাৰত কেতিয়াও পৰাজিত নহয় আৰু সেইবাবেই ছেহৰে এইবোৰ কথা লিখিছে৷ উল্লেখ্য যে এছিয়া কাপত ভাৰতৰ হাতত পৰাজিত হৈছিল পাকিস্তান৷ সেইবাৰ ছেহৰে হুমকি দিছিল যে তেওঁ বাবৰ আজমৰ নামত আৰক্ষীৰ ওচৰত এফ আই আৰ দাখিল কৰিব৷