নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চুম্বন : ইৰানত বেত্রাঘাতৰ শাস্তি ৰ’নাল্ডোক!

বিশেষ বাৰ্তা, ১৯ অক্টোবৰঃ এগৰাকী মহিলাক প্রকাশ্যে চুম্বন কৰাৰ অভিযোগত তাৰকা ফুটবলাৰ ক্রিষ্টিয়ানো ৰ’নাল্ডোক ৯৯বাৰ বেত্রাঘাতৰ শাস্তি বিহাৰ খবৰে আলোড়ন সৃষ্টি কৰিছে৷ ঘটনাটো ঘটিছে ইৰানত যোৱা মাহত৷ ছৌদি আৰবৰ ক্লাব আল নাছেৰৰ হৈ ইৰানৰ ক্লাব পার্ছিপ’লিচৰ বিৰুদ্ধে এছিয়ান চেম্পিয়নছ লীগৰ মেচ খেলিবলৈ গৈছিল ৰ’নাল্ডো৷ সেই সময়ত ফাতিমা হামামি নামৰ এগৰাকী চিত্রশিল্পীয়ে ৰ’নাল্ডোক সাক্ষাৎ কৰিছিল৷ বিশেষভাৱে সক্ষম মহিলাগৰাকীয়ে ভৰিৰে ছবি আঁকে আৰু দুখন ছবি তেওঁক উপহাৰো দিয়ে৷ ইয়াৰ পিছতে ৰ’নাল্ডোৱে তেওঁৰ কপালত চুমা খায়৷ এই ঘটনাক লৈ বিতর্ক আৰম্ভ হয় ইৰানত৷ সেই দেশৰ আইন অনুসৰি কোনো মহিলাৰ সৈতে সম্পর্ক থকা পুৰুষে অন্য কোনো মহিলাৰ শৰীৰ স্পর্শ কৰিলে তাক অপৰাধ হিচাপে গণ্য কৰা হয়৷ ৰ’নাল্ডোৱে দীর্ঘ দিন ধৰি জর্জিনা ৰড্রিগেজৰ সৈতে সম্পর্ক ৰক্ষা কৰি আহিছে৷ তেওঁলোকৰ সন্তানো আছে৷ সেইবাবে ফাতিমাক চুমা খাই হেনো অপৰাধ কৰিছে ৰ’নাল্ডোৱে৷ ইৰানৰ আইন অনুযায়ী তেওঁক ৯৯বাৰ বেত্রাঘাতৰ শাস্তি দিয়া হ’ব৷ অৱশ্যে এই শাস্তিৰ খবৰ নস্যাৎ কৰিছে ইৰান চৰকাৰে৷ তেওঁলোকৰ ফালৰ পৰা জানিবলৈ দিয়া অনুসৰি ইৰানত এগৰাকী আন্তর্জাতিক ক্রীড়াবিদক শাস্তি দিয়াৰ খবৰ সত্য নহয়৷ এই ধৰণৰ খবৰে মানুহক বিভ্রান্ত কৰিব পাৰে বুলিও চৰকাৰে জনাইছে৷

You might also like