বিশেষ বাৰ্তা, ৭ জানুৱাৰী : যোৱা ৫ জানুৱাৰীত মধ্যপ্ৰদেশৰ ইন্দোৰ চহৰত অনুষ্ঠিত হোৱা ফেশ্বন শ্ব’ত গোৱালপাৰা জিলাৰ কন্যা পঞ্চী বৰ্মনে “জুনিয়ৰ মিছ ইণ্ডিয়া ২০২৫” প্ৰতিযোগিতাত বিজয়ী মুকট পিন্ধি অসমৰ নাম ৰাষ্ট্ৰীয় পৰ্যায়ত উজলাই তুলিবলৈ সক্ষম হৈছে । বৰ্তমান কৰ্মসূত্ৰে গোৱালপাৰা চহৰৰ বাসিন্দা তথা লক্ষীপুৰৰ স্থায়ী বাসিন্দা ৰাতুল চন্দ্ৰ বৰ্মন আৰু মিলিমা দাসৰ কন্যা পঞ্চী বৰ্মনে গোৱালপাৰা ৰাইজিং ডান্স একাডেমীৰ অধ্যক্ষ গুৰু শংকৰ কলিতাৰ তত্ত্বাৱধানত নৃত্য প্ৰশিক্ষণ লৈ আছে । ভৱিষ্যতে এগৰাকী মডেল তথা নৃত্যশিল্পী হোৱাৰ সপোন ৭ বছৰীয়া পঞ্চী বৰ্মনৰ । ইফালে, পঞ্চী বৰ্মনৰ এই সফলতাত গোৱালপাৰা জিলাৰ বিভিন্ন দল-সংগঠনে শুভেচ্ছা জ্ঞাপন কৰ পঞ্চীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছে। উল্লেখ্য যে কণমানি পঞ্চীয়ে ইতিপূৰ্বে ৰাজ্যৰ লগতে আন্তঃৰাজ্যিক পৰ্যায়তো ফেশ্বন শ্ব’ত সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে।
প্ৰেৰক উদিত নাৰায়ণ কলিতা