নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুকলি আকাশৰ তলত ভোকে পিয়াহে জৰ্জৰিত এজাক গৃহহীন লোক

নিয়মীয়া বাৰ্তা, লিডু, ১৫ মাৰ্চ : তিনিচুকীয়া জিলাৰ জাগুন আৰক্ষী চকীৰ অন্তৰ্গত দহমাইলত ভোকে পিয়াহে বিনিদ্ৰ ৰজনী কটাইছে প্ৰায় চাৰি শতাধিক আবাল বৃদ্ধ বনিতা তথা নীৰিহ শিশুৱে। একমাত্ৰ জীয়াই থকাৰ আশাৰে সৰু-সৰু টঙি ঘৰ সাজি পৰিয়াল পোহপাল দিবলৈ আগবাঢ়ি অহা এইসকল লোকে নাজানে চৰকাৰী নীতি-নিৰ্দেশনা নাইবা বন আইন। যাৰ বাবে চৰকাৰী আৱণ্টিত ভূমিত বসবাস কৰিবলৈকো কুণ্ঠাবোধ কৰা নাই এইসকল ভূমি আৰু বাসস্থানহীন পৰিয়ালে। উল্লেখ্য যে, বিগত কংগ্ৰেছ চৰকাৰৰ দিনতে জাগুন দহমাইলত ১৪০ বিঘা ভূমি আৱণ্টন দিয়া হৈছিল অসম উদ্যোগিক আন্তঃগাঠনি  উন্নয়ণ সমিতিৰ নামত। প্ৰায় দুটা দশকৰ পাছতো উক্ত বিভাগটো কাৰ্যক্ষম হৈ নুঠাত ইয়াৰ ভূমিখণ্ড এটা অংশ স্থানীয় ব্যৱসায়ী এজনে দখল কৰিবলৈ চেষ্টা কৰে। তাকে দেখি জাগুন আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত অস্থায়ীভাৱে বসবাস কৰি অহা প্ৰায় তিনি-চাৰিশটা ভূমিহীন পৰিয়ালে জীয়াই থকাৰ আশাৰে উল্লেখিত ভূমিখণ্ডত হাবি-বন কাটি সৰু সৰু জুপুৰি সাজি বসবাস কৰিবলৈ আৰম্ভ কৰে।ইতিমধ্যে চৰকাৰী ভূমি অনধিকাৰ দখল কৰাৰ বাবে মাৰ্ঘেৰিটা মহকুমা প্ৰশাসনে এক তৎকাল সিদ্ধান্তৰে সকলো বেদখলকাৰীক উক্ত স্থান ত্যাগ কৰাৰ বাবে জাননী জাৰি কৰে। প্ৰশাসনৰ এনে সিদ্ধান্তই এতিয়া এইসকল দৰিদ্ৰ লোকক বিপাঙত পেলাইছে। বৰ্তমান ভোকে-পিয়াহে আতুৰ হৈ মুক্ত আকাশৰ তলতে শিশু,বৃদ্ধ সকলোৱে নিদ্ৰাহীন ৰজনী কটাবলগীয়া হৈছে। আনকি এটুপি  বিশুদ্ধ খোৱাপানীৰ অভাৱত আতুৰ হৈ পৰা দৰিদ্ৰ পৰিয়ালসমূহৰ কাষত নাই কোনো চৰকাৰী সহায়কাৰী সংস্থা। মানবীয়তাও যেন এতিয়া সুদুৰ পৰাহত। লক্ষণীয় যে কিছুদিন পূৰ্বে এই অঞ্চলটিতে এগৰাকী দৰিদ্ৰ মহিলাই মুক্ত আকাশৰ তলত সন্তান জন্ম দিবলগীয়া হৈছিল। শেহতীয়াকৈ আশ্ৰয়হীন লোকসকলে মহকুমা প্ৰশাসনৰ লগত আলোচনাত মিলিত হৈছে যদিও বৰ্তমানলৈকে কোনো মীমাংসাত উপনীত হোৱা নাই। স্বদেশৰ মাটিতে ভগনীয়া হোৱা ভূমিপূত্ৰসকলৰ আশা চলিত চৰকাৰখনে এওঁলোকক নিশ্চয় সংস্থাপনৰ ব্যৱস্থা কৰিব! তেনে আশাতে বন্দী হৈ আছে চাৰিশটা পৰিয়ালৰ সপোন।
You might also like