নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিদ্যালয় একত্রীকৰণৰ বিৰুদ্ধে  শিমলুগুৰিত অভিভাৱকৰ প্রতিবাদ

নিয়মীয়া বাৰ্তা,  ৫ অক্টোবৰ : ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে ত্রিশগৰাকীতকৈ কম ছাত্র-ছাত্রী থকা প্ৰাথমিক বিদ্যালয়সমূহ একত্রীকৰণৰ যি ব্যৱস্থা গ্ৰহণ কৰিছে, তাক লৈ অভিভাৱকসকল ক্ষোভিত হৈ পৰা পৰিলক্ষিত হৈছে |  চৰকাৰী বিদ্যালয় ধবংস কৰি ব্যক্তিগত বিদ্যালয়লৈ ৰঙা দলিচা পাৰি দিয়া কাৰ্যক তীব্ৰ সমালোচনা কৰি আজি লখিমপুৰ  জিলাৰ নাৰায়ণপুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত শিমলুগুৰিৰ দুখনকৈ প্ৰাথমিক বিদ্যালয়ৰ অভিভাৱক-অভিভাৱিকাসকলৰ লগতে স্হানীয় ৰাইজে উত্তাল প্রতিবাদ সাব্যস্ত কৰে |  ৰাইজে গাঁঠিৰ ধন খৰচ কৰি  ১৯৫৪ চনত স্থাপন কৰা ৬২৫ নং বহুপথাৰ প্ৰাথমিক বিদ্যালয় আৰু ১৯৭৮ চনত স্থাপিত উজনি বহুপথাৰ প্ৰাথমিক বিদ্যালয় দুখনক চৰকাৰে অন্য বিদ্যালয়ৰ লগত একত্ৰীকৰণ কৰিব বুলি জানিব পাৰি সচেতন যুৱ উন্নয়ন মঞ্চ, অসমৰ উদ্যোগত ৰাইজে উজনি বহুপথাৰ গাঁৱত প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে | শিক্ষা বিভাগ হায় হায়, বিজেপি চৰকাৰ গ’ বেক, বিদ্যালয় একত্ৰীকৰণ নচলিব আদি শ্ল’গানেৰে  প্রতিবাদী ৰাইজে পৰিৱেশ উত্তাল কৰি তোলে | জানিব পৰা মতে, উজনি বহুপথাৰ প্ৰাথমিক বিদ্যালয়ত ১৫গৰাকী ছাত্র-ছাত্রীৰ বিপৰীতে দুজন শিক্ষক আৰু এটা অংগনৱাড়ী কেন্দ্ৰ  আছে | সেইদৰে ৬২৫নং বহুপথাৰ প্ৰাথমিক বিদ্যালয়ত ২৬গৰাকী ছাত্র-ছাত্রীৰ বিপৰীতে দুগৰাকী শিক্ষকে পাঠদান কৰি আছে | অন্যহাতে দুয়োখন বিদ্যালয়ৰ পৰা সমীপৱৰ্তী প্ৰাথমিক বিদ্যালয়লৈ এক কিলোমিটাৰতকৈ দূৰত্ব বেছি বুলি প্রতিবাদী ৰাইজে সংবাদ মাধ্যমক জানিবলৈ দিয়াৰ লগতে দুয়োখন বিদ্যালয় স্হিতাৱস্হাত বাহাল ৰাখিবলৈ চৰকাৰক দাবী জনাইছে |

 

প্ৰেৰক দেৱজ্যোতি কাকতি

You might also like