নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মানকাচৰত হেৰোইন-নিচাজাতীয় টেবলেটসহ আটক তিনি

নিয়মীয়া বাৰ্তা, ৩০ অক্টোবৰ : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ আৰক্ষীয়ে নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে যোৱানিশা অভিযান চলাই হেৰোইনসহ তিনিগৰাকী ব্যক্তিক আটক কৰে। যোৱানিশা মানকাচৰ আৰক্ষী থানাৰ অন্তৰ্গত কুছনীমাৰা গাঁৱৰ কমলাৰাণী খাতুনৰ ঘৰত গোপন সূত্ৰৰ পম খেদি মানকাচৰ আৰক্ষীয়ে ৩১.০৮ গ্ৰাম হেৰোইন, তিনি শতাধিক নিচাজাতীয় টেবলেট, নিচাজাতীয় ইঞ্জেকশন আৰু এখন বলেৰ’ গাড়ী (AS04Q3106) জব্দ কৰে। ঘটনাস্থলীৰ পৰা কালাপানী আৰক্ষী চকীৰ অন্তৰ্গত চমৰাশালী গাঁৱৰ দুই ড্ৰাগছ ব্যৱসায়ী ক্ৰমে মণিৰুল শ্বেখ, গোলাম ছৰোৱাৰক আটক কৰিছে। সম্প্ৰতি ড্ৰাগছ ব্যৱসায়ীত্ৰয়ক মানকাচৰ আৰক্ষীয়ে আৰক্ষী থানাত মাৰাথন জেৰা অব্যাহত ৰাখিছে।

প্ৰেৰক ফাৰহাদ আহমেদ

You might also like