নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পার্থসাৰথি মহন্তৰ কবিতা সংকলন ‘জীৱনৰ সংলাপ’ উন্মোচন মুখ্যমন্ত্রীৰ

নিয়মীয়া বাৰ্তা ১ ছেপ্টেম্বৰঃ ‘কবিতাই মানুহৰ হূদয়ৰ কথা কয়৷ সেই কথা আন এজনৰ হূদয়ত মিলি গ’লে তেনে কবিতাই সমাদৰ লাভ কৰে, জনপ্রিয়তা লাভ কৰে৷’ –এই মন্তব্য মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷

মঙলবাৰে জনতা ভৱনস্থিত মুখ্যমন্ত্রীৰ সভাগৃহত কবি–সাহিত্যিক তথা অসম আৰক্ষীৰ জ্যেষ্ঠ আইপিএছ বিষয়া পার্থসাৰথি মহন্তৰ ‘জীৱনৰ সংলাপ’ নামৰ কবিতা গ্রন্থখন আনুষ্ঠানিকভাৱে শুভ উন্মোচন কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে কবিয়ে মনৰ কথা ক’ব বিচাৰে৷ তেনে মনৰ কথা যেতিয়া আন ব্যক্তিয়ে মানিব নিবিচাৰে, তেনে কবিতা পাহৰণিৰ গর্ভত বিলীন হয়৷ কবিতাত মানুহৰ কল্পনা, সমাজখন প্রতিফলিত হয়৷ দেশৰ বিষয়ে মানুহে যিদৰে চিন্তা কৰে, সমাজখনৰ বিষয়ে যেনেদৰে চিন্তা কৰে, মাতৃক লৈ যেনেদৰে চিন্তা কৰে কবিতাত তাৰ প্রতিফলন ঘটিলে তেনে কবিতা মানুহে বহু দিনলৈ মনত ৰাখে আৰু তেনে কবিতা সমাদৃত হয়৷ কবিতা কঠিন হোৱা বাবে, মানুহে বিচৰা চিন্তা প্রতিফলিত নহ’লে, তেনে কবিতা মানুহে মনত নাৰাখে৷ পাহৰণিৰ গর্ভত বিলীন হৈ যায়৷ সেয়ে তেওঁ প্রতিগৰাকী কবিকে আনজনৰ বেদনা প্রতিফলিত হোৱাকৈ কবিতা উপহাৰ দিয়াৰ আহ্বান জনাই কয় যে কবিতাই মানুহৰ মনৰ বেদনাক সংশ্লেষণ কৰি আলোকৰ সন্ধান দিব পাৰিলে তেনে কবিতাই মানুহৰ মনন জগতক সহজে কর্ষণ কৰিব পাৰে৷

 এই উন্মোচনী অনুষ্ঠানত অংশগ্রহণ কৰি অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি তথা ‘গৰীয়সী’ৰ সম্পাদক ড০ ধ্রুৱজ্যোতি বৰাই কয় যে অসম আৰক্ষীৰ মাজত লিখাৰ যি পৰম্পৰা আছে, আন আৰক্ষীৰ ইমান নাই৷ অসম আৰক্ষীৰ দুগৰাকী পূর্বৰ সঞ্চালকপ্রধান সর্বভাৰতীয় পর্যায়ত জনাজাত লেখক, কবি হিচাপে প্রতিষ্ঠিত হৈছে৷ পার্থসাৰথি মহন্তয়ো কবি হিচাপে সাহিত্যত খোজ দিছে৷ ভাষণত তেওঁ আৰু কয় যে প্রতিগৰাকী লেখকে ৰাজনীতিক আৰু প্রতিগৰাকী ৰাজনীতিকে লেখক হ’ব বিচাৰে৷ প্রতিগৰাকী ৰাজনীতিকে একোজন ভাল লেখক হ’ব পাৰে৷ কিন্তু প্রতিগৰাকী লেখকে ৰাজনীতিক হ’বলৈ গ’লে বিভ্রান্তি হয়৷ সেইদৰে বিশিষ্ট কবি আনিছ উজ জামানে অসমীয়া কাব্যচর্চা সম্পর্কত বক্তব্য ৰাখি কয় যে কবিতা হৈছে বিশেষ ধৰণৰ কলা৷ আজিকালি প্রায় কবিৰ মাজত লোক–সাহিত্য অধ্যয়নৰ অভাৱ দেখা যায়৷ অসমীয়া লোক–সাহিত্য ভাৰতীয় লোক–সাহিত্যতকৈ বহু ওপৰত৷

কবিসকলৰ হূদয়ত সাংস্কৃতিক অভাৱ ঘটিলে সৃষ্টি ক’ত থাকিব বুলি উল্লেখ কৰি তেওঁ কয় যে জ্যোতিপ্রসাদ আগৰৱালা, ড০ ভূপেন হাজৰিকাৰ সৃষ্টিত লোক–সাহিত্য প্রতিফলিত হৈছিল৷ ড০ হাজৰিকাৰ সৃষ্টিত লোক–সাহিত্যৰ লগতে ধ্রুপদী সংগীতো মিশ্রিত হৈ আছিল৷ একেদৰে বিশিষ্ট ঔপন্যাসিক, গল্পকাৰ অনুৰাধা শর্মা পূজাৰীয়ে আত্মাই কোৱা কথাই কবিতা বুলি উল্লেখ কৰি কয় যে পার্থসাৰথি মহন্তৰ কবিতাসমূহ পঢ়ি গ’লে এনে লাগে যেন এটা গল্পহে পঢ়ি থকা হৈছে৷ মহন্তৰ কবিতাত নিষ্ঠুৰ সত্য, বাস্তৱ সত্য, বাহিৰত দেখাৰ আঁৰত থকা সত্য নিহিত হৈ আছে৷

এই অনুষ্ঠানত অৱসৰপ্রাপ্ত আৰক্ষী সঞ্চালকপ্রধান পি ভি সুমন্ত, বিশিষ্ট শিল্পী তথা নৱপ্রজন্মৰ হার্টথ্রব জুবিন গার্গ, অভিনেতা কপিল বৰা, অভিনেত্রী জেৰিফা ৱাহিদ, শিল্পী জুবলী বৰুৱা আদিও উপস্থিত থাকে৷ শিল্পী জুবলী বৰুৱাই নামঘোষাৰ এটা প্রার্থনাৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে৷ আজিৰ এই উন্মোচনী অনুষ্ঠানত শিল্পী জুবিন গার্গ, অভিনেতা কপিল বৰা, অভিনেত্রী জেৰিফা ৱাহিদে কবি পার্থসাৰথি মহন্তৰ একোটাকৈ কবিতা আবৃত্তি কৰে৷

এই অনুষ্ঠানত আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তকে ধৰি বহুকেইগৰাকী কবি–সাহিত্যিক, উচ্চপদস্থ চৰকাৰী বিষয়া আৰু বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

You might also like