বিশেষ বাৰ্তা, ২৯ জুনঃ যোৱা ২৮ জুনত নতুন দিল্লীত অনুষ্ঠিত নেচনেল মিনাৰেল এক্সপ্ল’ৰেচন ট্ৰাষ্ট’ (NMET)ৰ পঞ্চমখন গৱৰ্নিং বডীৰ সভাত অংশগ্ৰহন কৰে ৰাজ্যৰ খনি আৰু খনিজাত দ্ৰৱ বিভাগৰ মন্ত্ৰী যোগেন মহনে। ভাৰত চৰকাৰৰ কয়লা আৰু খনি বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীৰ সভাপতিত্বত আৰু কেন্দ্ৰীয় মন্ত্ৰী ড° জীতেন্দ্ৰ সিঙৰ উপস্থিতিত অনুষ্ঠিত সভাত এনমেটে দেশৰ বিভিন্ন ৰাজ্যৰ খনি আৰু খনিজাত দ্ৰব সম্পদৰ উদঘাটন তথা উৎপাদন বৃদ্ধিৰ বাবে বৰ্তমান গ্ৰহণ কৰি থকা বিভিন্ন ব্যৱস্থাৱলীৰ ওপৰত বিশদভাৱে আলোচনা কৰা হয়। মন্ত্ৰী মহনে উল্লেখ কৰা অনুসৰি ভাৰতবৰ্ষৰ খনিজাত দ্ৰব্যৰ ভাণ্ডাৰ মজুত থকা ৰাজ্যসমূহৰ খনিজাত দ্ৰৱ উৎঘাটন প্ৰক্ৰিয়াটো আৰু অধিক ত্বৰান্বিত আৰু প্ৰণালীবদ্ধ কৰাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৰ ওপৰত উক্ত সভাত আলোচনা কৰা হয়। তদুপৰি দেশৰ চাহিদা পূৰণ কৰিব পৰা তথা সীমিত পৰিমাণে মজুত থকা খনিজাত দ্ৰব্য সমূহৰ চিনাক্তকৰণৰ ওপৰত প্ৰস্তত কৰা এক প্ৰতিবেদনো উক্ত সভাতে প্ৰকাশ কৰা হয় আৰু উক্ত প্ৰতিবেদনত দেশৰ মুঠ ত্ৰিছটা (৩০)টা এনেধৰণৰ খনিজাত দ্ৰৱ্যৰ বিষয়ে উল্লেষ কৰা হয় বুলি মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে। উল্লেখযোগ্য যে আধুনিক ভাৰতীয় সভ্যতা নিৰ্মাণত এই খনিজাত দ্ৰব্য সমূহে এক গুৰুত্বপূৰ্ণ ভূমিকা তথা বৰঙনি আগবঢ়াই আহিছে। নব্য ভাৰত নিৰ্মাণত এই খনিজাত দ্ৰব্য সমূহৰ যোগান অতি প্ৰয়োজনীয় আৰু ভাৰতে বিশ্বৰ আন আন দেশৰ লগতো এই বিষয়ত অধিক প্ৰণালীবদ্ধ আৰু অংশীদায়িত্বৰে কাম কৰিছে। সভাত বক্তব্য প্ৰদান কৰি মন্ত্ৰী যোগেন মহনে ৰাজ্যৰ পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ আৰু অন্যান্য খনিজাত দ্ৰব্য সমূহৰ উৎঘাটন আৰু উৎপাদন অধিক বৃদ্ধি কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত মন্তব্য কৰে। মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা অনুসৰি বৰ্তমান ৰাজ্য চৰকাৰখনে খনি আৰু খনিজাত সম্পদৰ উৎঘাটনৰ সমান্তৰালভাৱে বহনক্ষম উন্নয়নৰ দিশতো বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিছে।