নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অক্টোবৰত ৰূপচী বিমানবন্দৰৰ পৰা যাত্ৰীবাহী বিমান চলাচলৰ সম্ভাৱনা

🔹 দুৰ্গাপূজাৰ সময়ত পশ্চিম অসমৰ ৰাইজলৈ সুখবৰ

নিয়মীয়া বাৰ্তা, ৮ ছেপ্টেম্বৰ : দুৰ্গাপূজাৰ সময়ত ধুবুৰীকে ধৰি পশ্চিম অসমৰ ৰাইজলৈ আহিব পাৰে এক বিশেষ সুখবৰ। ধুবুৰী জিলা সংলগ্ন তথা বিটিএডিৰ ৰূপচী বিমানবন্দৰৰ পৰা অহা অক্টোবৰ মাহৰ পৰা পুনৰ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে যাত্ৰীবাহী বিমান সেৱা। ভাৰত চৰকাৰৰ অসামৰিক বিমান পৰিবহণ আৰু সহযোগিতা (Civil Aviation and Co-operation)ৰ ৰাজ্যিক মন্ত্ৰী মুৰলিধৰ মোহলে দিছে এই বিশেষ সুখবৰটো। কোকৰাঝাৰৰ সাংসদ জয়ন্ত বসুমতাৰীয়ে ৰূপচী বিমানবন্দৰৰ পৰা বিমান পৰিবহণ সন্দৰ্ভত বিগত ২২ জুলাইৰ দিনা লোকসভাৰ শূন্য ঘণ্টাত উত্থাপন কৰা প্ৰশ্নৰ উত্তৰৰূপে সাংসদগৰাকীক পত্ৰযোগে এয়া জনাইছে বিভাগীয় ৰাজ্যিক মন্ত্ৰী মোহলে। পত্ৰখনত ৰূপচী হৈ গুৱাহাটী আৰু কলকাতাৰ মাজত চলাচল কৰা বিমান সেৱা বন্ধ হোৱাৰ কাৰণ জনোৱাৰ সমান্তৰালকৈ উক্ত পথছোৱা এতিয়া ফ্লাইট ৫.৩ৰ অধীনত “এলায়েন্স এয়াৰ” নামৰ এটা ব্যক্তিগত খণ্ডৰ বিমান পৰিবহণ সন্থাক প্ৰদান কৰা হৈছে বুলি জনোৱা হৈছে। চলিত বৰ্ষৰ অক্টোবৰ, অৰ্থাৎ অহা মাহৰ ভিতৰত ৰূপচী হৈ গুৱাহাটী আৰু কলকাতাৰ মাজত এলায়েন্স এয়াৰৰ যাত্ৰীবাহী বিমান চলাচল কৰাৰ সম্ভাৱনা থকা বুলি ব্যক্ত কৰিছে কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like