নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

 ভাৰতীয় দেহশ্ৰী দলত মাজুলীৰ পৱিত্ৰ নাথ

বিশেষ বাৰ্তা,  ১২ জুন : মাজুলীৰ সু-সন্তান  পৱিত্ৰ নাথে ভাৰতীয় দেহশ্ৰী দলত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। যোৱা ৪ জুনত গোৱাৰ মাৰগাঁৱত “ভাৰতীয় বডী বিল্ডাৰ্চ ফেডাৰেচন”ৰ উদ্যোগত  Asian, South Asian আৰু World Championship ৰ বাবে অনুষ্ঠিত হোৱা বাছনি শিবিৰত অসমৰ ৮গৰাকী খেলুৱৈৰ ভিতৰত মাজুলীৰ পৱিত্ৰ নাথেও স্থান লাভ কৰিবলৈ সক্ষম হৈছে। কমলাবাৰী লিঅ”পাডছ ক্লাবৰ মজিয়াৰ পৰা ক্ৰীড়া যাত্ৰা আৰম্ভ কৰা  পবিত্ৰৰ এই সফল্যই মাজুলীৰ ক্ৰীড়াপ্ৰেমীসকলৰ  লগতে বিভিন্ন সংগঠন উৎফুল্লিত হৈ পৰিছে । কঠোৰ পৰিশ্ৰম আৰু নানা সমস্যাৰ মাজেৰে মাজুলীৰ পৰা আৰম্ভ হোৱা এই যাত্ৰাই আজি আন্তঃৰাষ্টীয় পৰ্যায় পাবলৈ সক্ষম হোৱাৰ বাবে পৱিত্ৰলৈ হিয়াভৰা আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছে মাজুলীৰ কমলাবাৰী লিঅ”পাডছ ক্লাৱে। পবিত্ৰৰ এই সাফল্যত উৎফুল্লিত হৈ পৰিছে মাজুলী জিলাৰ অন্যতম ক্ৰীড়া সংগঠক প্ৰতাপ বৰুৱা,  মাজুলী জিলা ক্ৰীড়া সংস্থা সন্থাৰ সভাপতি ৰাজীৱ দত্ত ভূঞা, সম্পাদক দুষ্মন্ত দত্ত, মাজুলী জিলা সাহিত্য সভাৰ সভাপতি ৰঞ্জিত ভূঞা, মাজুলী জিলা অবিচি সন্মিলনীৰ সভাপতি আনন্দ নাথ, সাধাৰণ সম্পদক জীৱন বৰুৱা, মাজুলী জিলা  ক্ৰীড়া বিভাগ,  সদৌ মাজুলী জিলা ছাত্র সন্থা, মাজুলী জিলা যোগী সন্মিলনী  আদিৰ লগতে বিভিন্ন ক্ৰীড়া আৰু সাংস্কৃতিক ক্লাব, অনুষ্ঠানসমূহে ।  পবিত্ৰ নাথে ৫ জুলাইৰ পৰা ৯ জুলাইলৈকে মালদ্বীপত অনুষ্ঠিত হব লগা মিষ্টাৰ ছাউথ এছিয়াত মন অব দা ফিজিক শাখাত ভাৰতক প্ৰতিনিধিত্ব কৰিব। তাৰ পাছত নাথে ৩১ চেপ্টেম্বৰৰ পৰা ৭ চেপ্টেম্বৰলৈকে মিষ্টাৰ এছিয়া প্ৰতিযোগিতা-২০২৩ আৰু  ৬ নৱেম্বৰৰ পৰা ১২ নৱেম্বৰলৈকে অনুষ্ঠিত হবলগীয়া মিষ্টাৰ ৱৰ্ল্ড -২০২৩ প্ৰতিযোগিতাত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিব। মাজুলীবাসীয়ে পবিত্ৰৰ লগতে অংশগ্ৰহণকাৰী ভাৰতীয় দলৰ প্ৰতিগৰাকী খেলুৱৈ, কৰ্মকৰ্তালৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে।
প্ৰেৰক জীৱন বৰুৱা
You might also like