নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্বর্ণ জিনি ভাৰতৰ নাম উজলালে মাজুলীৰ পৱিত্র নাথে

🔹 মালদ্বীপত বিশ্ব বডী বিল্ডিং আৰু ফিজিক চেম্পিয়নশ্বিপ

বিশেষ বার্তা, ১০ নৱেম্বৰ : মাজুলীৰ সু–সন্তান পৱিত্র নাথে মালদ্বীপত অনুষ্ঠিত বিশ্ব বডী বিল্ডিং আৰু ফিজিক স্প’ৰ্টছ চেম্পিয়নশ্বিপৰ ১৭৫ চি এম শাখাত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে৷ পৱিত্র নাথে মংগোলীয়া, আফগানিস্তান, চীন, শ্রীলংকাৰ প্রতিযোগীক পৰাস্ত কৰি এই খিতাপ আঁজুৰিবলৈ সক্ষম হয়৷ বিশ্বৰ অন্যতম বৃহৎ প্রতিযোগিতাত পদক লাভেৰে দেশৰ লগতে মাজুলীবাসীক গৌৰৱান্বিত কৰা পৱিত্র নাথৰ সফলতাত মাজুলীত আনন্দৰ জোৱাৰ উঠিছে৷ মাজুলীৰ সু–সন্তান পৱিত্র নাথৰ পুনৰ এই সফলতাত জন্মভূমি পুৰণিবাৰী গাঁৱতো আনন্দ–উল্লাস পৰিলক্ষিত হৈছে৷ অতি কষ্টেৰে নিজৰ সাধনা চলাই যোৱা নাথে আজি বিশ্বৰ আগত নিজৰ দেশক চিনাকি কৰি দিবলৈ সক্ষম হ’ল৷ পৱিত্রৰ পিতৃ–মাতৃয়ে নিজৰ সন্তানৰ এই সফলতাত আনন্দত আত্মহাৰা হৈ পৰিছে৷ পৱিত্রক এই সফলতাৰ বাবে মাজুলীৰ ক্রীড়াপ্রেমীসকলৰ লগতে মাজুলীবাসীয়ে অভিনন্দন জনাইছে৷ মাজুলীৰ বিধায়ক ভুবন গামেও পৱিত্র নাথক অভিনন্দন জনাইছে৷ ইফালে, মাজুলীৰ পৱিত্র নাথৰ সফলতাত বিশিষ্ট শৰীৰচর্চাবিদ ৰঞ্জিত শইকীয়াৰ লগতে মাজুলী জিলা শৰীৰ চর্চা সংস্থাৰ সভাপতি উৎপল বৰুৱা আৰু সম্পাদক মনোজ নেওগে পৱিত্র নাথক শুভেচ্ছা জ্ঞাপন কৰিছে৷ উল্লেখ্য যে ইয়াৰ পূর্বেও পৱিত্রই ছাউথ এছিয়ান গেমছত সোণৰ পদক আৰু বিশ্ব বডী বিল্ডিং আৰু ফিজিক চেম্পিয়নশ্বিপত ভাৰতবর্ষক প্রতিনিধিত্ব কৰি ফিজিক চেম্পিয়নশ্বিপত তৃতীয় স্থানেৰে ব্রঞ্জৰ পদক লাভ কৰি দেশলৈ তথা জন্মভূমি মাজুলীলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল৷ পৱিত্র মধ্য মাজুলীৰ পুৰণিবাৰী গাঁৱৰ মহেন্দ্র নাথ আৰু জ্যোতি নাথৰ জ্যেষ্ঠ সন্তান৷

You might also like