🔹 দেশৰ ৰাজধানীত বাহৰ আলোচনাপন্থী গোটৰ শীর্ষ নেতৃত্বৰ
বিশেষ বার্তা, ২৬ ডিচেম্বৰ : ৰাজ্যত শান্তিৰ বাতাৱৰণ প্রতিষ্ঠা কৰি উন্নয়নৰ দিশত আৰু এখোজ আগুৱাই নিবলৈ আন এক সবল পদক্ষেপ গ্রহণ কৰিছে চৰকাৰে৷ যিকোনো মুহূর্ততে আলোচনাপন্থী আলফাৰ সৈতে শান্তি চুক্তি স্বাক্ষৰ হোৱাৰ সম্ভাৱনা প্রকট হৈ পৰিছে৷ অৱশ্যে চুক্তিখন কেতিয়া স্বাক্ষৰ হ’ব সেয়া এতিয়াও গৃহ মন্ত্রালয়ে স্পষ্ট কৰা নাই৷ কিন্তু আলোচনাপন্থী আলফাৰ সৈতে যে শীঘ্রে চুক্তি স্বাক্ষৰ যে হ’ব, সেয়া নিশ্চিত হৈছে৷ ইতিমধ্যে চুক্তি স্বাক্ষৰ কৰাৰ লক্ষ্যৰে দিল্লীত বাহৰ পাতিছে আলোচনাপন্থী আলফাৰ নেতৃত্বই৷ কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ এক শীর্ষ সূত্রই প্রকাশ কৰা মতে, শান্তি চুক্তিৰ খচৰা ইতিমধ্যে প্রস্তুত কৰা হৈছে৷ দুই–এদিনৰ ভিতৰত আলফাৰ সকলো শীর্ষ নেতা দিল্লীত উপস্থিত হ’ব৷ দিল্লীত প্রথমে মধ্যস্থতাকাৰী এ কে শর্মাৰ সৈতে চুক্তিৰ খচৰাক লৈ আলফাৰ নেতৃত্বই আলোচনা কৰিব৷ তাৰ পাছতেই চলিত বছৰতেই চুক্তি সম্পাদন হ’ব নে অহা বছৰৰ আৰম্ভণিত চুক্তি স্বাক্ষৰ কৰা হ’ব, সেয়া নির্ধাৰণ কৰা হ’ব৷ ইপিনে, আলোচনাপন্থী আলফাৰ সূত্রত প্রকাশ পোৱা মতে, সংগঠনৰ সাধাৰণ সম্পাদক অনুপ চেতিয়া আৰু বৈদেশিক সচিব শশধৰ চৌধুৰী আজি দিল্লীত উপস্থিত হৈছে৷ প্রথমতে এই দুই নেতাৰ সৈতেই মধ্যস্থতাকাৰী প্রাক্তন চোৰাংচোৱা বিষয়াজন বৈঠকত মিলিত হ’ব৷ বিদ্রোহী সংগঠনটোৰ সূত্রটোৱে লগতে এই কথাও জনাইছে যে অহা ৩১ ডিচেম্বৰত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ উপস্থিতিত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ সৈতেও আলফাৰ নেতৃত্ব বৈঠকত মিলিত হোৱাৰ সম্ভাৱনা আছে৷ সেইদিনাই চুক্তি স্বাক্ষৰ হয় নে নহয়, সেই সন্দর্ভত আলফাৰ নেতৃত্বও অৱগত নহয়৷ আনহাতে, গৃহ মন্ত্রালয়ৰ সূত্রটোৱে প্রকাশ কৰা মতে, আলফাৰ নেতৃবর্গৰ সৈতে কেন্দ্রীয় গৃহমন্ত্রীৰ আলোচনা সন্দর্ভত বিভাগীয় কোনো তথ্য নাই৷ লগতে সূত্রটোৱে এই কথাও স্পষ্ট কৰিছে যে ৰাজনৈতিক পর্যায়ত আলফাৰ নেতৃত্বৰ সৈতে চূড়ান্ত আলোচনা অনুষ্ঠিত হৈছে৷ সেয়েহে চুক্তি স্বাক্ষৰ কৰাৰ পূর্বে গৃহমন্ত্রীৰ সৈতে আলফাৰ নেতৃত্বৰ কোনো বৈঠকৰ সম্ভাৱনা নাই৷ উল্লেখ্য যে যোৱা সপ্তাহত আলোচনাপন্থী আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই টেলিফোনত ‘নিয়মীয়া বার্তা’ক সদৰী কৰিছিল যে কেন্দ্রই চূড়ান্ত কৰা চুক্তিৰ কোনো খচৰা তেওঁলোকে লাভ কৰা নাই৷ ইয়াৰ পূর্বে অক্টোবৰত লাভ কৰা খচৰাত আলফাৰ ফালৰ পৰা কিছু সালসলনি তথা সংযোজনৰ পোষকতা কৰা হৈছিল৷ বিশেষকৈ ৰাজনৈতিক অধিকাৰ সংক্রান্তীয় দফাসমূহক লৈ কেইবাটাও দাবী উত্থাপন কৰিছিল৷ লক্ষণীয়ভাৱে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ১৫ ডিচেম্বৰত দিল্লীত সাংবাদিকৰ আগত সদৰী কৰিছিল যে আলোচনাপন্থী আলফাৰ সৈতে শান্তি চুক্তি চূড়ান্ত কৰা হৈছে যদিও চুক্তিৰ খচৰাত কিছু ‘ফাইনেল টাচ’ দিবলৈ বাকী আছে৷ তেওঁ লগতে এয়াও জনাইছিল যে চলিত বছৰত কিম্বা নতুন বছৰৰ আৰম্ভণিতে আলোচনাপন্থী আলফাৰ সৈতে শান্তি চুক্তি সম্পাদন কৰা হ’ব৷ মুখ্যমন্ত্রীগৰাকীয়ে কোৱা মতেই উক্ত ‘ফাইনেল টাচ’ দিয়াৰ বাবেই আলফাৰ নেতৃবর্গই দিল্লীলৈ ঢাপলি মেলিবলৈ আৰম্ভ কৰা বুলি ধাৰণা কৰা হৈছে৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে আলোচনাপন্থী আলফাই পঞ্চায়তৰ পৰা লোকসভালৈ খিলঞ্জীয়াৰ বাবে ৮৮ শতাংশ আসন সংৰক্ষণ কৰাৰ লগতে ভূমিৰ অধিকাৰক লৈ কেতবোৰ দাবী উত্থাপন কৰিছিল৷ ইয়াৰে কেইবাটাও দাবী কেন্দ্রীয় চৰকাৰে মানি ল’বলৈ অস্বীকাৰ কৰিছিল৷ যাৰ বাবে ইয়াৰ পূর্বে লাভ কৰা খচৰা মানি নলয় বুলিও আলোচনাপন্থী আলফাই এখন সংবাদ মেলযোগে সদৰী কৰিছিল৷ ইয়াৰ পাছতে নির্দিষ্ট কেইটামান দাবীক লৈ আলোচনাপন্থী আলফাৰ সৈতে কেন্দ্রীয় চৰকাৰে আলোচনা অব্যাহত ৰাখিছিল৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মায়ো শেহতীয়াকৈ প্রকাশ কৰিছিল যে আলোচনাপন্থী আলফাৰ সৈতে কৰিবলগীয়া শান্তি চুক্তিৰ খচৰাখন অসম চুক্তিৰ ৬নং দফাৰ আর্হিত প্রস্তুত কৰা হৈছে৷ শান্তি চুক্তিখনত ৬নং দফাত থকা অসমীয়াৰ সাংবিধানিক ৰক্ষাকৱচ অর্থাৎ ৰাজনৈতিক, অর্থনৈতিক, সামাজিক তথা ভূমি অধিকাৰৰ বিষয়বোৰ নিশ্চয়কৈ সামৰি লোৱা হ’ব৷ ইয়াৰ মাজতে আলফাৰ নেতৃত্বৰ দিল্লী গমনে সমগ্র বিষয়টোত ছীল–মোহৰ মাৰি চুক্তি স্বাক্ষৰ কৰাৰ সময় নিকট হৈ পৰিছে বুলি ধাৰণা কৰা হৈছে৷ শীঘ্রে আলোচনাপন্থী আলফাৰ আন নেতাসকলো দিল্লীলৈ উৰা মাৰিব বুলি জানিব পৰা গৈছে৷