নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঐতিহাসিক জয়সাগৰ পুখুৰীত উভৈনদী সুৰাৰ বটলসহ আপত্তিজনক সামগ্ৰী

🔹 জাতীয় সংগ্ৰামী সেনাৰ চাফাই অভিযানত ওলাল অৰ্ধশতাধিক কাছ ধৰা বৰশী

নিয়মীয়া বাৰ্তা, ২৬ ডিচেম্বৰ : দেশী-বিদেশী পৰ্য্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু তথা মহাসতী জয়মতীৰ অমৰ প্ৰেম-ত্যাগৰ প্ৰতীক ঐতিহাসিক জয়সাগৰ পুখুৰীৰ চৌপাশে সংগ্ৰামী সেনা, অসম নামৰ জাতীয় সংগঠনটোৰ জয়সাগৰ আঞ্চলিক সমিতিয়ে পৰহিৰে পৰা আৰম্ভ কৰা চাফাই অভিযানত শ শ সুৰাৰ বটল, ছিৰিঞ্জ উদ্ধাৰ হোৱা ঘটনাই সৰ্বত্ৰ চাঞ্চল্য সৃষ্টি কৰি থকাৰ সময়তে কালি দ্বিতীয় দিনাৰ চাফাই অভিযানত উদ্ধাৰ হল সুৰাৰ বটল, আপত্তিজনক সামগ্ৰীসহ অৰ্ধশতাধিক কাছ ধৰা বৰশী ৷ আহোম ঐতিহ্য নিহিত হৈ থকাৰ লগতে আস্থা-বিশ্বাস-ভক্তিৰ প্ৰতীকস্বৰূপ পুখুৰীটোৰ বুকুত গোপনে সংস্থাপিত কৰা অৰ্ধশতাধিক কাছ ধৰা বৰশী উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ জিলাখনতে তুমুল চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ আস্থা-বিশ্বাস-ভক্তি- ঐতিহ্যক ভূ-লুন্ঠিত কৰি পুৰাতত্ত্ব বিভাগৰ অধীনস্থ পুখুৰীটোৰ আপুৰুগীয়া কাছসমূহ গোপনে বৰশীৰ দ্বাৰা ধৰি এখন ৰমৰমীয়া বজাৰ চলাই অহাৰ ঘটনা জাতীয় সংগঠনটোৰ চাফাই অভিযানত পোহৰলৈ অহাৰ পিছতেই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ চাফাই অভিযানৰ নেতৃত্ব প্ৰদান কৰা সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি চিতু বৰুৱাই এই কাৰ্য্যত তীব্ৰ ক্ষোভ প্ৰকাশ কৰি পুখুৰীটোৰ মাছ-কাছৰ সুৰক্ষা নিশ্চিত কৰিবলৈ পুৰাতত্ত্ব বিভাগ, জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসনৰ প্ৰতি আহ্বান জনায় ৷ তদুপৰি পুখুৰীটোৰ বুকুৰ পৰা সুৰাৰ বটল, ছিৰিঞ্জৰ লগতে আপত্তিজনক সামগ্ৰী উদ্ধাৰ হোৱা ঘটনাৰ লগতে পুখুৰীৰ পাৰত প্ৰতি সন্ধিয়াই অৱস্থান কৰা একাংশ উদণ্ড যুৱক-যুৱতীৰ নৈতিক স্খলনৰ বহি:প্ৰকাশ বুলি অভিযোগ কৰে ৷ এই অসাধু চক্ৰক অন্তিমবাৰৰ বাবে সকীয়াই দিয়া চিতু বৰুৱাই ইয়াৰ পিছত পুখুৰীৰ পাৰত যদি অনৈতিক কাৰ্য্যত কোনো লিপ্ত হয় অথবা সুৰাপান-ড্ৰাগছ সেৱনত ধৰা পৰে, তেন্তে কাণত ধৰাই আঁঠু কঢ়াই থ’বলৈ জাতীয় সংগ্ৰামী সেনাই কুন্ঠাবোধ নকৰে বুলি স্পষ্ট কৰি দিয়ে ৷ ইফালে, দ্বিতীয় দিনা চাফাই অভিযানত শিৱসাগৰ মহাবিদ্যালয়ৰ দিশে পুখুৰীৰ বুকুত এটা বিশেষ স্থানত একেলগে উদ্ধাৰ হয় শতাধিক সুৰা-বীয়েৰৰ খালী বটল ৷ ইয়াৰ পিছতেই সংগঠনটোৰ কৰ্মীসকলে দক্ষিণ দিশৰ হাঁহ-কুকুৰা ফাৰ্মৰ দিশে থকা হাবি, জংঘল আঁতৰাওতেই পুখুৰীটোৰ বিভিন্ন স্থানত সংস্থাপিত কৰি থোৱা অৰ্ধশতাধিক কাছ ধৰা বৰশী উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ পুখুৰীৰ পানীত ভৰি থ’লেই বৰশীৰে বিদ্ধ হোৱাৰ আশংকাত যুৱকসকলে চাফাই অভিযান দিনটোৰ বাবে বন্ধ ৰাখিবলৈ বাধ্য হয় ৷ ইতিমধ্যে সংগঠনটোৰ তৰফৰ পৰা নিকটৱৰ্তী জয়সাগৰ আৰক্ষীক এই কথা অৱগত কৰাৰ লগতে ৰাজ্য চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ বাবে সামাজিক মাধ্যমৰ যোগেদি ব্যৱস্থা গ্ৰহণৰ দাবীত সৰৱ হৈ পৰিছে সংগঠনটো ৷ সদৌ টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় ভাৰপ্ৰাপ্ত সভাপতি বসন্ত গগৈয়ে ঐতিহ্যৰ প্ৰতি এনে ঘোৰ অপমান আৰু কোনো কাৰণতেই সহ্য কৰা নহ’ব বুলি সকীয়াই দিয়ে ৷ আটাছুৰ লক্ষ্য আৰু উদ্দেশ্য স্পষ্ট ৷ বেদখলীৰ লগতে দুষ্ট চক্ৰক শীঘ্ৰেই ঐতিহাসিক স্থানৰ সংৰক্ষিত এলেকাৰ পৰা উৎখাত কৰক ৷ অন্যথা আগন্তুক সময়ত সদৌ টাই আহোম ছাত্ৰ সন্থাই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হ’ব বুলি ভাৰপ্ৰাপ্ত সভাপতিগৰাকীয়ে স্পষ্ট কৰি দিয়ে ৷

 

প্ৰেৰক আশ্ৰফুৰ ৰহমান

You might also like