নিয়মীয়া বাৰ্তা ১০ ফেব্ৰুৱাৰীঃ আগন্তুক বিধানসভা নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ছলে–বলে–কৌশলে সংখ্যালঘু সম্প্রদায়ৰ ভোট আদায় কৰিবলৈ উগ্র সাম্প্রদায়িক মন্তব্যৰে বিভাজনৰ ৰাজনীতি কৰিবলৈ তৎপৰ হৈ পৰিছে এ আই ইউ ডি এফৰ সভাপতি তথা সাংসদ বদৰুদ্দিন আজমল৷ পুনৰ বিজেপি শাসনলৈ আহিলে মছজিদ ভাঙি পেলোৱা হ’ব বুলি কিছুদিন পূর্বে কৰা সাম্প্রদায়িক মন্তব্যৰ প্রতিক্রিয়া মাৰ নৌযাওঁতেই এইবাৰ জগতগুৰু শ্রীমন্ত শংকৰদেৱক সাঙুৰি আজমলে কৰা অশোভনীয় মন্তব্যই ৰাজ্যজুৰি তীব্র প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷ সকলো সীমা অতিক্রম কৰি অসমীয়া জাতিৰ প্রাণ প্রতিষ্ঠাতা জগতগুৰু শ্রীমন্ত শংকৰদেৱক ৰাজনৈতিক অস্ত্র হিচাপে আজমলে ব্যৱহাৰ কৰিবলৈ কৰা অপচেষ্টাত স্তম্ভিত হৈ পৰিছে ৰাজ্যবাসী৷ প্রাতঃস্মৰণীয় গুৰুজনাৰ নাম ৰাজনৈতিক সভাত অপমানসূচকভাৱে উচ্চাৰণ কৰাক লৈ একমুখে এ আই ইউ ডি এফৰ মুৰব্বীজনক ধিক্কাৰ দিছে সত্রাধিকাৰৰ পৰা আৰম্ভ কৰি ৰাজনৈতিক নেতালৈকে৷ কালি বটদ্রৱাৰ এখন নির্বাচনী সভাত মহাপুৰুষজনাক ‘চাহাব’ বুলি সম্বোধন কৰি আজমলে কৰা চৰম উপহাসত জাঙুৰ খাই উঠিছে দল–সংগঠন৷ আজমলৰ এই মন্তব্যক তীব্র গৰিহণা দিছে শ্রীমন্ত শংকৰদেৱ সংঘই৷
জগতগুৰুজনাক কৰা অপমান সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰি শ্রীমন্ত শংকৰদেৱ সংঘৰ প্রধান সম্পাদক বাবুল বৰাই কয়, ‘গুৰুজনা আমাৰ প্রাণত আছে, আমাৰ হূদয়ত আছে৷ মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ অসমীয়া জাতিৰ প্রাণৰ স্পন্দন৷ মহাপুৰুষজনাক কোনো সাম্প্রদায়িক শক্তিয়ে নিজৰ ৰাজনৈতিক অভীপ্সা সিদ্ধিৰ বাবে ব্যৱহাৰ কৰিবলৈ যি ধৃষ্টতা প্রদর্শন কৰিলে, তাক শ্রীমন্ত শংকৰদেৱ সংঘই গৰিহণা দিছোঁ৷ শ্রীমন্ত শংকৰদেৱৰ বিষয়ে ধাৰণা নথকা লোকে গুৰুজনাক মহাদেউ আখ্যা দিবলৈ যি ধৃষ্টতা প্রদর্শন কৰিলে, তুচ্ছ–তাচ্ছিল্য কৰিলে সেয়া এতিয়াও গ্রহণযোগ্য হ’ব নোৱাৰে৷ কেৱল অসমীয়া জাতিৰ আৱেগ–নুভূতি আদায় কৰিবলৈ এনে ধৃষ্টতা সাম্প্রদায়িক শক্তিয়ে নকৰাই ভাল৷’ বদৰুদ্দিন আজমলক সকীয়নি দি বৰাই কয় যে সাম্প্রদায়িক শক্তিসমূহে গুৰুজনাৰ জন্মস্থান, সত্র–নামঘৰ বেদখল কৰিবলৈ চেষ্টা চলাই আহিছে৷ এনে শক্তিক প্রতিহত কৰিবলৈ চৰকাৰক আহ্বান জনাইছোঁ৷ এনে সাম্প্রদায়িক শক্তি ক্ষমতালৈ আহিলে অসমীয়া ৰাইজৰ অৱস্থা কি হ’ব বুলি প্রশ্ণ উত্থাপন কৰি তেওঁ অসমীয়া জাতিয়ে এনে সাম্প্রদায়িক শক্তিক প্রতিহত কৰিবলৈ সংকল্প ল’বলৈ আহ্বান জনায়৷
ইফালে, আজমলে কৰা মন্তব্য সন্দর্ভত তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে আউনীআটীয় সত্রৰ সত্রাধিকাৰ ড০ পীতাম্বৰ দেৱগোস্বামীয়ে৷ গুৰুজনাক আজমলে কৰা চৰম উপহাসক লৈ সত্রনগৰী মাজুলীত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হোৱাৰ সময়তে সত্রাধিকাৰ দেৱগোস্বামীয়ে কয়, ‘এয়া অশোভনীয় কথা৷ গুৰুজনাক চাহাব বুলি কোৱাৰ কোনো যুক্তি নাই৷ কোনো দিনে কোনেও গুৰুজনাক চাহাব বুলি ক’ব নোৱাৰে৷ আজমলেই হওক, অথবা সেয়া আন কোনোবাই হওক৷ মহাপুৰুষজনা আমাৰ গুৰু৷ তেওঁক চাহাব বুলি কোৱাটো কোনেও সহ্য নকৰে আৰু আগন্তুক সময়ত এনে অযুক্তিৰ কথাত কোনেও সমর্থন নকৰে৷ অসমীয়া সংস্কৃতি, অসমৰ সত্র সংস্কৃতিৰ কথা জানিলে আজমলে কেতিয়াও এনে অশোভনীয় কথা উপস্থাপন নকৰিলেহেঁতেন৷ নিজকে যদি তেওঁলোকে অসমীয়া বুলি ভাবে, তেন্তে অসমীয়া কথাবোৰ অনুধাৱন কৰিবলৈ শিকক৷’ গুৰুজনাক ৰাজনীতিৰ মজিয়ালৈ টানি নানিবলৈ তেওঁ বদৰুদ্দিন আজমলক সকীয়াই দিয়ে৷
বিশ্ব হিন্দু মহাসংঘৰ অসমৰ সভাপতি তথা শ্রীশ্রীদক্ষিণপাট গৃহাশ্রমী সত্রৰ সত্রাধিকাৰ জনার্দন দেৱগোস্বামীয়ে তীব্র প্রতিক্রিয়া প্রকাশ কৰি কয়, ‘নির্বাচনী বৈতৰণী পাৰ হ’বলৈ বটদ্রৱাত আজমল জিন্দাবাদ, তলা–চাবি জিন্দাবাদৰ ধ্বনিৰ লগত শংকৰদেৱ জিন্দাবাদ ধ্বনি দিয়াটো গৰিহণাৰ যোগ্য৷ মহাপুৰুষজনাক ৰাজনীতিলৈ টানি অনাটো লাজৰ কথা৷ আজমলৰ দৰে সাম্প্রদায়িক নেতাৰ মুখত এয়া অত্যন্ত অশোভনীয়৷ বিশ্বগুৰু বুলি অভিহিত কৰা মহাপুৰুষ শ্রীমন্ত শংকৰদেৱক ৰাজনীতিলৈ টানি অনাটো অসমীয়া সমাজৰ বাবে অতি লজ্জাজনক৷ এইখন শংকৰ–মাধৱৰ দেশ৷’ জগতগুৰুজনাৰ জন্মস্থানতে তেওঁক অপমান কৰিবলৈ আজমলে ক’ত সাহস পালে সেয়া অসমীয়া সমাজ আৰু অসমীয়াই চিন্তা কৰাৰ বিষয় বুলিও তেওঁ মন্তব্য কৰে৷ ভৱিষ্যতে এনে কার্য নকৰিবলৈ আজমলক সকীয়নি দি তেওঁ এইবুলিও কয়, ‘নৱবৈষ্ণৱ ধর্মৰ প্রচাৰক, অসমীয়া সমাজক ভাতৃত্বৰ ডোলেৰে বন্ধা গুৰুজনাৰ জন্মস্থানতে তেওঁক চাহাব, মহাদেউ আদি আখ্যা দিবলৈ আজমলে ক’ত সাহস গোটালে৷’
আনহাতে সংগীত নাটক অকাডেমি বঁটাপ্রাপক ড০ হেমচন্দ্র গোস্বামীয়ে আজমলক সমালোচনা কৰি কয় যে অসমৰ সমাজ সংস্কাৰকগৰাকীৰ কথা নাজানিলে যিকোনো কথা কোৱাটো উচিত নহয়৷ জগতগুৰু শ্রীমন্ত শংকৰদেৱক চাহাব বুলি সম্বোধন কৰা কার্যই তেওঁলোকৰ মনত আঘাত দিছে বুলি মন্তব্য কৰি তেওঁ কয়, ‘গুৰুজনাক আমি যিদৰে প্রতিষ্ঠা কৰিছোঁ, তেওঁক লৈ আমি যিদৰে প্রতিষ্ঠিত হৈছোঁ, সেই গুৰুজনাক আজমলে অপমান কৰিছে৷ ভৱিষ্যতে এনে শব্দ ব্যৱহাৰ নকৰিবলৈ আমি সকীয়াই দিছোঁ৷ এয়া কোনো সৎ লোকৰ চিন্তা নহয়৷’
উল্লেখ্য যে আজমলে শ্রীমন্ত শংকৰদেৱক চৰম উপহাস কৰি কৰা মন্তব্যই ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি কৰিছে বটদ্রৱাত৷ জগতগুৰুজনাক চাহাব আখ্যা দিয়া কার্যত জাঙুৰ খাই উঠিছে বটদ্রৱা থান পৰিচালনা সমিতি৷ সমিতিৰ সভাপতি তথা শ্রীশ্রীনৰোৱা সত্রৰ সত্রাধিকাৰ দেৱানন্দ দেৱগোস্বামীয়ে কয়, ‘অসমীয়া জাতিৰ জনক, আমাৰ শিৰৰ মুকুট, জগতগুৰু শ্রীমন্ত শংকৰদেৱৰ বিষয়ে এনেদৰে ৰাজনৈতিক নেতাসকলে নির্বাচনী প্রচাৰত চাহাব বুলি সম্বোধন কৰাত আমি দুখ অনুভৱ কৰিছোঁ৷ গুৰুজনাৰ সন্দর্ভত তেওঁলোকৰ জ্ঞান সীমিত৷ গুৰুজনাক ৰাজনৈতিকভাৱে ব্যৱহাৰ নকৰিবলৈ আমি সকীয়াই দিছোঁ৷’ বটদ্রৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক ইন্দ্রমোহন বৰুৱায়ো আগন্তুক সময়ত গুৰুজনাক অপমান নকৰিবলৈ আজমলক সকীয়নি দিয়ে৷ বটদ্রৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই বদৰুদ্দিন আজমলক কঠোৰ ভাষাৰে সমালোচনা কৰি কয়, ‘মহাপুৰুষ শ্রীমন্ত শংকৰদেৱে অসমীয়া জাতিক পৰিচয় দিলে৷ সেইজনা মহাপুৰুষক এখন ৰাজনৈতিক মঞ্চত চাহাব আখ্যাৰে আজমলে অসমীয়া জাতিসত্তাক অপমান কৰিছে৷ এয়াই সভ্যতাৰ যুঁজ৷ এনেদৰে এটা সভ্যতাই আন এটা সভ্যতাক আধ্যাত্মিক–বৌদ্ধিকভাৱ্ আক্রমণ কৰি আছে৷ গুৰুজনাক কৰা এনে অপমানসূচক বক্তব্যই অসমীয়া জাতিৰ ভৱিষ্যতলৈ অশনি সংকেত কঢ়িয়াই আনিছে৷’
আনহাতে এ আই ইউ ডি এফৰ মুৰব্বীজনে জগতগুৰুজনাক কৰা অপমান স্বাভিমানী অসমীয়াই কেতিয়াও সহ্য নকৰে বুলি প্রকাশ কৰিছে ৰাজ্যিক বিজেপিয়ে৷ আজি গুৱাহাটীস্থিত নির্বাচনী কার্যালয়ত এই সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰি ৰাজ্যিক বিজেপিৰ মুখ্য মুখপাত্র ৰূপম গোস্বামীয়ে কয় যে ৮০০ বছৰ পূর্বে মোগলসকলে ভাৰতক আক্রমণ কৰাৰ দৰে এক ৰূপৰেখা বর্তমান আমাৰ সমাজত দৃষ্টিগোচৰ হৈছে৷ খিলঞ্জীয়া জাতি–জনগোষ্ঠী, বাঙালী, মাৰোৱাৰী আদি সকলোৱে মিলি বৰসমত শান্তিপূর্ণভাৱে বসবাস কৰি আহিছে৷ কোনেও কাকো কেতিয়াও ক্ষতি কৰা নাই৷ কিন্তু পূর্ববংগৰ পৰা অহা অবৈধ মুছলমানসকলে অসমীয়া ভাষা–সংস্কৃতিৰ ওপৰত অবিৰতভাৱে আক্রমণ কৰি আহিছে৷ তেওঁ কয়, ‘১৯৭১ চনৰ ভিত্তিত তেওঁলোক ভাৰতীয় হ’লেও প্রকৃত অসমীয়া হ’ব পৰা নাই৷ পূর্ববংগীয় মুছলমানসকলে মিঞা মিউজিয়াম, মিঞা কবিতা, আৰবীয় ভাষাৰ বেনাৰ ব্যৱহাৰ আদি কার্যকলাপে তেওঁলোকৰ অসমীয়া জাতিটোৰ ওপৰত কৰা আগ্রাসী চৰিত্রক ফুটাই তুলিছে৷ পূর্ববংগীয় এনে জাতিবিৰোধী কাম–কাজৰ বিৰুদ্ধে অসমৰ দল–সংগঠনসমূহ নীৰৱ৷ আঞ্চলিকতাবাদী বুলি নিজকে পৰিচয় দিয়াসকলে এই সময়ত নীৰৱ ভূমিকা পালন কৰিছে৷ জাতিটোৰ ওপৰত চলা এনে আক্রমণৰ সময়ত তেওঁলোকে মন্তব্য কৰাটো প্রয়োজনীয়৷’ ইফালে, ডিব্রুগড়ৰ বিজেপি বিধায়ক প্রশান্ত ফুকনে আজমলে কৰা এনে ধৃষ্টতাক তীব্র ভাষাৰে গৰিহণা দি কয় যে জগতগুৰু শ্রীমন্ত শংকৰদেৱক চাহাব আখ্যা দিছে৷ ইয়াতকৈ আৰু অসমীয়া জাতিৰ বাবে একো লজ্জাজনক হ’ব নোৱাৰে৷ যিসকলে অসমীয়া জাতিৰ কথা কৈ আস্ফালন কৰি থাকে, সেইসকলে আজি কোনো প্রতিক্রিয়া প্রকাশ কৰা নাই৷ গুৰুজনা অসমৰ জাতীয় জীৱনৰ প্রেৰণা বুলি উল্লেখ কৰি ফুকনে কয়, ‘মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্রৱাত এনে মন্তব্য কৰা কার্য অত্যন্ত দুর্ভাগ্যজনক৷ কংগ্রেছে আজমলৰ নেগুৰত ধৰি নির্বাচনী পাৰ হোৱাৰ সপোন দেখিছে৷ এই গতি চলি থাকিলে আজমলে প্রত্যেক নামঘৰত নামাজ পঢ়োৱাৰ ব্যৱস্থা কৰিব৷’ উল্লেখ্য যে কালি বটদ্রৱাত অনুষ্ঠিত এখন নির্বাচনী সভাত এ আই ইউ ডি এফৰ সমর্থকসকলে আজমল জিন্দাবাদ, তলা–চাবি জিন্দাবাদ শ্লোগান দিয়াৰ লগতে শংকৰদেৱ জিন্দাবাদ ধ্বনি দিছিল৷ একেখন সভাতে বদৰুদ্দিন আজমলেও জগতগুৰুজনাক চাহাব আখ্যা দিছিল যাক লৈ ৰাজ্যত সৃষ্টি হৈছে প্রতিক্রিয়া৷
এয়া অক্ষমণীয় অপৰাধঃ পদ্ম হাজৰিকা
গুৰুজনাক কৰা অপমানসূচক মন্তব্য সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰিছে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই৷ এয়া অক্ষমণীয় অপৰাধ বুলি অভিহিত কৰি হাজৰিকাই কয়, ‘জগতগুৰু শংকৰদেৱৰ আদর্শৰে আমাৰ সমাজখন আগবাঢ়িছে৷ আজমলৰ আদর্শ আৰু গুৰুজনাৰ আদর্শৰ মাজত কি পার্থক্য আছে সেয়া সকলোৱে জানে৷ আজমল অসমীয়া জাতিৰ কেতিয়াবা বন্ধু হ’ব পাৰে জানো? যিখন আই এম ডি টি আইন উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিছিল, সেই আইনখনক ৰক্ষা কৰি সন্দেহযুক্ত নাগৰিকক সুৰক্ষা দিবলৈ তেওঁলোকৰ জন্ম হৈছিল৷ গুৰুজনাৰ লগত নিজকে তুলনা কৰি অসমৰ মাটিত ইমান নিকৃষ্ট চিন্তা কৰাটো দুর্ভাগ্যজনক আৰু অক্ষমণীয় অপৰাধ৷ এই অপৰাধৰ প্রত্যুত্তৰ অহা নির্বাচনত বদৰুদ্দিন আজমলৰ লগতে তেওঁৰ লগত লেটি–পেটি কৰি ক্ষমতা দখল কৰিব বিচৰা শক্তিসমূহৰ ওপৰত ৰাইজে উচিত সিদ্ধান্তৰে দিব৷