নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিহমাৰীত অমৃত কলহ যাত্ৰাৰ শুভাৰম্ভ

নিয়মীয়া বাৰ্তা, ২৬ ছেপ্টেম্বৰ : দেশে স্বাধীনতাৰ ৭৫ বছৰ পূৰ্ণ কৰা উপলক্ষে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশজুৰি স্বাধীনতাৰ অমৃত মহোৎসৱ পালন কৰিবলৈ দেশবাসীক আহ্বান জনাইছিল। তদুপৰি স্বাধীনতাৰ শতবৰ্ষলৈকে অমৃত কাল চিহ্নিত কৰিবলৈ মহৎ স্বপ্ন দাঙি ধৰিছে। অমৃত কালৰ সূচনা পৰ্বত প্ৰধানমন্ত্ৰীৰ প্ৰেৰণাত অসমত ২০ ছেপ্টেম্বৰৰ পৰা অমৃত কলহ যাত্ৰা আৰম্ভ কৰা হৈছে। এই যাত্ৰাত প্ৰতিখন গাঁৱৰ প্ৰতিঘৰৰ মাটি সংগ্ৰহ কৰা হৈছে। তাৰ অৎশ হিচাপে আজি বিহমাৰী গাঁও পঞ্চায়তৰ অমৃত কলহ যাত্ৰাৰ শুভাৰম্ভ কৰা হয়। বিহমাৰী বনগাঁৱৰ পৰা প্ৰথমতে বিহালীৰ বিধায়ক ৰঞ্জিত দত্তই আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। আজি পঞ্চায়তখনৰ কাৰ্বি, মিচিং, চাওতাল, নেপালী, অসমীয়া আদি জনগোষ্ঠীৰ মহিলাসকলে পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰি অমৃত কলহ মাত্ৰাত অংশগ্ৰহণ কৰে। এই কাৰ্যসূচীত বিহালী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া দেৱানন্দ নাথ, এন আৰ এল এমৰ হিৰণদ্বীপ শইকীয়া, নিজ বিহালী জিলা পৰিষদৰ সদস্যা দীপিকা দেৱী ঢাকাল, বিহালী মণ্ডল বিজেপিৰ সভাপতি লাচিত বৰা, বিহমাৰী গাঁও পঞ্চায়তৰ সভাপতি কাছে তিচপী, সচিব বিৰাজ বৰুৱা, উপ-সভাপতি লোকনাথ বৰাল, বিজেপি মণ্ডল উপ-সভাপতি দ্বীপক চাহু, কনকলতা ভিঅ গোটৰ উপ-সভানেত্ৰী কিৰণ দেৱী আদিয়ে অংশগ্ৰহণ কৰে।

প্ৰেৰক ভুবন লুইটেল

You might also like