নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পশ্চিম নলবাৰীৰ মৈনৰতলত দান-বৰঙণিৰে ৰাজহুৱা শ্মশান নিৰ্মাণ

🔹 ৰজা হৰিশ্চন্দ্ৰ মুক্তিধামত নিৰ্মীয়মাণ তোৰণ-শিৱ মন্দিৰৰ দ্বাৰ উন্মোচন

বিশেষ বাৰ্তা,  ২১ জুলাই : পশ্চিম নলবাৰীৰ মৈনৰতলত ৰাইজৰ দান-বৰঙণিৰে নতুনকৈ আটকধুনীয়াকৈ গঢ় লৈ উঠা ৰাজহুৱা শ্মশানৰ আজি নৱনিৰ্মিত তোৰণ, ফলক আৰু শিৱ মন্দিৰৰ দ্বাৰ আনুষ্ঠানিকভাবে উন্মোচন কৰা হয়। এই উপলক্ষে আজি বেলশৰ ৰাজহুৱা শ্মশান সমিতিৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে মৈনৰতলৰ ৰজা হৰিশ্চন্দ্ৰ মুক্তিধামত নিৰ্মীয়মাণ তোৰণ, ফলক, শিৱ মন্দিৰৰ দ্বাৰ আনুষ্ঠানিকভাবে উন্মোচন কৰে ক্ৰমে পিপলিবাৰীৰ স্থানীয় সমাজকৰ্মী প্ৰমোদ ঠাকুৰীয়া, বেলশৰৰ স্থানীয় সমাজকৰ্মী অনন্ত মেধি আৰু মুকুল নাৰায়ণ বৰ্মনে। ৰাজহুৱা শ্মশান সমিতিৰ সভাপতিৰ সঞ্চালনাত আৰু সম্পাদক হৰমোহন বৰ্মনে আঁত ধৰা অনুষ্ঠানটিত পুৱা বন্তি প্ৰজ্বলন কৰে বেলশৰৰ স্থানীয় সমাজকৰ্মী অনন্ত বৰ্মন আৰু বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰে বেলশৰৰ স্থানীয় সমাজকৰ্মী তাৰিণীচৰণ বৰ্মনে। ইয়াৰ পিছতেই শ্মশানৰ বিভিন্ন দাতাসকলক সম্বৰ্ধনা জনোৱা হয়। উল্লেখ্য যে চৰকাৰী অনুদান অবিহনে বৃহত্তৰ বেলশৰ, পিপলিবাৰী, কৈহাটী, ভয়ৰা গাঁৱকে ধৰি ইয়াৰ নিকটৱৰ্তী অঞ্চলৰ ৰাইজৰ আশাশুধীয়া প্ৰচেষ্টাত গঢ় লৈ উঠা শ্মশানখনৰ বাবে ভূমি, তোৰণ, শিৱ মন্দিৰ দান কৰে বেলশৰৰ দুই উদ্যমী ভাতৃ ব্যৱসায়ী জীতেন শইকীয়া আৰু প্ৰতুল শইকীয়াই। গুৱাহাটীত কৰ্মৰত এই দুই ব্যৱসায়ী দাতাক লৈ সমগ্ৰ অঞ্চলবাসী কৃতজ্ঞ। তদুপৰি শ্মশানখনৰ চিতাঘৰটো দান কৰিছে মুকুল নাৰায়ণ বৰ্মন আৰু চিতাৰ চাৰিটা খুঁটি আগবঢ়াইছে বেলশৰৰ বন বিভাগৰ অৱসৰী কৰ্মচাৰী পৰেশ বৰ্মনে। এই মূল দাতাসকলৰ লগতে আন আন দাতাসকলকো আজি শ্মশান কমিটীয়ে সম্বৰ্ধনা জনায়। ইপিনে, এই অনুষ্ঠান উপলক্ষে আয়োজন কৰা আয়তীৰ নাম প্ৰতিযোগিতাত প্ৰথম পাইকান বনমাজাৰ পূৰ্ণিমা হালৈৰ দল, দ্বিতীয় পিপলিবাৰীৰ ৰেৱতী মজুমদাৰৰ দল আৰু তৃতীয় স্থান বেলশৰৰ গায়ত্ৰী দাসৰ দলে লাভ কৰিবলৈ সক্ষম হৈছে। নিচুকনি বঁটা পাবলৈ সক্ষম হৈছে পাইকান বনমাজাৰ শ্যামকানু আয়তীৰ দলে।উল্লেখ্য যে বিগত সময়ত নলবাৰী জিলা পৰিষদে জিলাখনৰ বিভিন্ন প্ৰান্তত ৰাজহুৱা শ্মশান নিৰ্মাণৰ বাবে লাখ লাখ টকা ব্যয়েৰে আঁচনি ধাৰ্য কৰি শ্মাশান নিৰ্মাণ কৰে যদিও এনে আঁচনি বহু সময়ত ভেঁকো-ভাওনাত পৰিণত হয়। এনে পৰিস্থিতিত ৰাইজৰ দান-বৰঙণিৰে ৰাজহুৱা শ্মশান নিৰ্মাণ কৰাত সমিতিখন প্ৰশংসাৰ পাত্ৰ হৈ পৰিছে।

প্ৰেৰক অৰূপ ৰঞ্জন বৰ্মন

You might also like