নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উন্নয়নৰ স্বাৰ্থত চাহ জনগোষ্ঠীৰ ৰাইজে বিজেপিক আদৰি লৈছে : ভৱেশ কলিতা

🔹 এচিএমএছৰ উপ-সভাপতি নবীন চন্দ্র কেওট, সমাজকৰ্মী ৰাও গজেন্দ্ৰ সিংসহ শতাধিক লোকৰ বিজেপিত যোগদান

বিশেষ বাৰ্তা, ৫ অক্টোবৰ : ভাৰতীয় জনতা পাৰ্টীৰ নীতি-আদৰ্শৰ লগতে প্রধানমন্ত্রী নৰেন্দ্র মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ উন্নয়নমূলক পদক্ষেপৰ প্ৰতি আকৃষ্ট হৈ আৰু চাহ জনগোষ্ঠীৰ ৰাইজৰ সৰ্বাংগীণ বিকাশৰ স্বাৰ্থত আজি অসম চাহ মজদুৰ সংঘৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি তথা টী বৰ্ড অৱ ইণ্ডিয়াৰ সদস্য নবীন চন্দ্র কেওট, অসম চাহ মজদুৰ সংঘ, ডিব্ৰুগড় জিলাৰ সভাপতি তাৰো ধানোৱাৰ, উপ-সভাপতিদ্বয় পুতুল গোসাইট, বিশাল ভাঁড়ী, নাওবৈচাৰ বিশিষ্ট সমাজকর্মী ৰাও গজেন্দ্র সিং, লখিমপুৰ জিলাৰ আটছাৰ সাংগঠনিক সম্পাদক বীৰে সিঙৰ লগতে কংগ্ৰেছ দলৰ কেইবাজনো সক্রিয় কর্মীয়ে আজি বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰে । ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত দলৰ বশিষ্ঠস্থিত মুখ্য কাৰ্যালয়ত অনুষ্ঠিত যোগদান কাৰ্যসূচীত ভাজপাৰ ৰাষ্ট্ৰীয় সম্পাদক কামাখ্যা প্রসাদ তাছা, সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজু, সাংসদ তথা সাধাৰণ সম্পাদক পল্লৱ লোচন দাস, অসম চৰকাৰৰ মন্ত্ৰীদ্বয় সঞ্জয় কিষাণ আৰু বিমল বৰা, বিধায়ক ৰূপেশ গোৱালাৰ লগতে দলীয় কার্যকর্তাসকল উপস্থিত আছিল। অনুষ্ঠানৰ আৰম্ভণিতে নৱাগতসকলক দলৰ মজিয়ালৈ আদৰণি জনাই কামাখ্যা প্ৰসাদ তাছাই কয়- ভাৰতীয় জনতা পাৰ্টীৰ শাসনকালত দেশত অভূতপূর্ব উন্নয়ন হৈছে৷ দেশৰ জনসাধাৰণে এই উন্নয়ন প্রত্যক্ষ কৰিছে আৰু সেয়ে ভাৰতীয় জনতা পার্টীক আন্তৰিকতাৰে আদৰি লৈছে। ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই কয়- ভাৰতীয় জনতা পাৰ্টী নিৰন্তৰে ৰাষ্ট্ৰ তথ্য সমাজ সেৱাত ব্ৰতী থকা এটা ৰাজনৈতিক দল। প্রতিষ্ঠাকালৰে পৰা বিজেপি দলৰ নিষ্ঠাৱান কার্যকৰ্তাই ৰাষ্ট্ৰ নির্মাণৰ হকে কাম কৰি আহিছে। ৰাষ্ট্ৰ নিৰ্মাণৰ মহান কার্যত ব্ৰতী হ’বলৈ আজি বিজেপি দলত যোগদান কৰা প্ৰতিজন সন্মানীয় ব্যক্তিকে উষ্ম আদৰণি জনাইছোঁ।

কলিতাই কয়- ভাৰতীয় জনতা পার্টীৰ কার্যকালত চাহ জনগোষ্ঠীৰ জনসাধাৰণে বিশেষ গতি লাভ কৰিছে। চাহ বাগিচাৰ লাইনৰ ৰাস্তা পকীকৰণ হৈছে। ঘৰে ঘৰে শৌচাগাৰ নিৰ্মাণ হৈছে। হিতাধিকাৰীয়ে বেংক একাউন্টত পোনপটীয়াকৈ বিভিন্ন সাহায্যৰ ধন লাভ কৰিছে। ঘৰে ঘৰে ৰন্ধন গেছ যোগান আৰু বিশুদ্ধ খোৱাপানী সংযোগ হৈছে। চাহ শ্রমিক ৰাইজে পকীঘৰ লাভ কৰিছে। প্ৰত্যেক ঘৰ চাহ শ্রমিকে ৰেচন কার্ড লাভ কৰিছে। আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত পাঁচ লাখ টকাৰ চিকিৎসাৰ বাবে সহায়ৰ নিশ্চিতি লাভ কৰিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে অসমৰ লাখ লাখ চাহ জনজাতীয় লোকে দীৰ্ঘদিন ধৰি ভুগি অহা সমস্যাসমূহ দৃঢ়তাৰে সমাধান কৰিছে। মুখ্যমন্ত্রীৰ বলিষ্ঠ নেতৃত্বৰ বাবে চাহ শ্রমিকসকলৰ মজুৰি বৃদ্ধি পোৱাৰ লগতে শিক্ষার্থীসকলৰ বাবে মেডিকেল, ইঞ্জিনীয়াৰিঙত আসন সংৰক্ষণৰ ব্যৱস্থা কৰাৰ লগতে চাহ জনজাতিৰ বাবে ৩ শতাংশ চাকৰি সংৰক্ষণৰ ব্যৱস্থা কৰিছে। ভাষণ প্ৰসংগত তেওঁ কংগ্ৰেছক ভ্ৰষ্টাচাৰী দল বুলি কটাক্ষ কৰি কয়- কংগ্ৰেছে দীৰ্ঘদিন ধৰি চাহ জনগোষ্ঠীৰ ৰাইজক শোষণ চলাই আছিল। কংগ্ৰেছৰ শোষণকাৰী চৰিত্ৰৰ পৰা পৰিত্ৰাণ পাবলৈ আৰু জনগোষ্ঠীটোৰ উন্নয়নৰ স্বাৰ্থত চাহ বাগিচা এলেকাৰ ৰাইজে এতিয়া বিজেপিক আদৰি লৈছে  বুলি কয়।

You might also like