ৰাজ্যত চেঞ্চুৰী কোবালে পেট্র’লৰ মূল্যই, দাম বাঢ়িছে ডিজেলৰোঃ কিন্তু আন্তর্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্য অতি নিম্নগামী
নিয়মীয়া বাৰ্তা, ১৬ জুলাইঃ ইন্ধনৰ ধাৰাবাহিক মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সর্বসাধাৰণ লোকক৷ প্রতিদিনে বাঢ়িছে পেট্র’ল–ডিজেলৰ দাম৷ দেশৰ বহু ৰাজ্যত ইতিমধ্যে পেট্র’লৰ দামে শতকৰ ক্লাবত প্রৱেশ কৰিছে৷ বৃহস্পতিবাৰে অসমতো সাধাৰণ পেট্র’লৰ মূল্যই শতকৰ ঘৰ অতিক্রম কৰিছে৷ লখিমপুৰ জিলাৰ ঢকুৱাখনাত কালিৰ দিনটোত প্রতিলিটাৰ পেট্র’ল ১০০.০৬ টকা দৰত বিক্রী হৈছে৷ একেদৰে ধেমাজি জিলাত কালি পেট্র’লৰ দাম হ’ল ১০০.১৪ টকা৷
ৰাজ্যৰ আন আন প্রান্ততো শীঘ্রে পেট্র’লৰ দামে প্রৱেশ কৰিব শতকৰ ক্লাবত৷ বহু ঠাইত ডিজেল বিক্রী হৈছে প্রতিলিটাৰত ৯০ টকাৰো অধিক দৰত৷ স্বাভাৱিকতে ঊর্ধ্বমুখী ইন্ধনৰ মূল্য সর্বসাধাৰণৰ বাবে হৈ পৰিছে বব নোৱাৰা বোজা৷ এহাতে, ক’ভিড পৰিস্থিতিত জনসাধাৰণৰ সন্মুখত জীৱন–জীৱিকাৰ অভাৱনীয় সংকট আহি পৰিছে, আনহাতে ইন্ধনৰ ব্যাপক মূল্যবৃদ্ধিৰ ফলত বজাৰত অত্যাৱশ্যকীয় সামগ্রী জুই–ছাই দামত বিক্রী হৈছে৷ এনে অভাৱনীয় সংকটৰ মুহূর্ততো পেট্র’ল–ডিজেলৰ মূল্য হ্রাস কৰিবলৈ কোনোধৰণৰ পদক্ষেপ লোৱা নাই কেন্দ্রীয় চৰকাৰখনে৷ তাৰ সলনি অধিক হাৰত আবকাৰী কৰৰ জৰিয়তে ৰাজহ সংগ্রহতহে ব্যস্ত হৈ পৰিছে চৰকাৰখন৷ কাজেই কৰৰ বোজাত দেশৰ নাগৰিকসকলৰ অৱস্থা পানীত হাঁহ নচৰাৰ দৰে হৈ পৰিছে৷
উল্লেখ্য যে ভাৰতত ইন্ধনৰ দামে সর্বকালৰ অভিলেখ ভংগ কৰাৰ সময়ত আমাৰ চুবুৰীয়া দেশসমূহত তেনেই কম দৰত বিক্রী হৈছে পেট্র’ল–ডিজেল৷ কাৰণ, আন্তর্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্য অতি নিম্নগামী হৈছে৷ কিন্তু তাৰ পিছতো ভাৰতত পেট্র’ল–ডিজেলৰ দাম ঊর্ধ্বগামী হোৱাৰ একমাত্র কাৰণটোৱে হ’ল উচ্চ হাৰৰ আবকাৰী কৰ৷ দেশত ইন্ধনৰ দামে অভিলেখ ৰচনা কৰা সময়ত কেন্দ্রীয় চৰকাৰেও আবকাৰী কৰ সংগ্রহত অভিলেখ সৃষ্টি কৰিছে৷ কৰ সংগ্রহৰ এই প্রৱণতাই মাধমাৰ শোধাইছে সাধাৰণ জনতাৰ মূৰত৷ এনে পৰিস্থিতিত অসমৰ প্রতিখন চহৰত পেট্র’লৰ মূল্যই শতকৰ ঘৰ চুবলৈ বেছিদিন নাই৷