নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দর্ভত নতুন তথ্য মন্ত্রীগোটে চূড়ান্ত নকৰাত কেন্দ্রক দিয়া নাই ৰিপ’ৰ্ট

নিয়মীয়া বাৰ্তা, ১৬ জুলাইঃ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সম্পর্কত কেন্দ্রীয় চৰকাৰক প্রতিবেদন দিবৰ বাবে অসম চৰকাৰে ২০১৯ চনৰ ১৪ জানুৱাৰীত মন্ত্রীগোট গঠন কৰিছিল যদিও নতুন চৰকাৰ গঠন হোৱাৰ পাছত নতুনকৈ কোনো মন্ত্রীগোট গঠন কৰা হোৱা নাই৷ উক্ত মন্ত্রীগোটে ১১খন বৈঠক অনুষ্ঠিত কৰিছে৷ কমিটীখনৰ প্রতিবেদন এতিয়ালৈকে চূড়ান্ত কৰিব পৰা হোৱা নাই বাবে কেন্দ্রীয় চৰকাৰলৈ প্রতিবেদন দাখিল কৰিব পৰা নাই৷ 

বৃহস্পতিবাৰে সদনত বিধায়ক ৰেকিবুদ্দিন আহমেদৰ এক প্রশ্নৰ উত্তৰত ভৈয়াম জনজাতি আৰু পিছপৰা শ্রেণী কল্যাণ বিভাগৰ মন্ত্রী ডাঃ ৰণোজ পেগুৱে সেই কথা সদৰী কৰে৷ সদনত মন্ত্রী ডাঃ পেগুৱে কয় যে ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিবৰ বাবে ৰাজ্য চৰকাৰে সময়ে সময়ে কেন্দ্রীয় চৰকাৰলৈ প্রস্তাৱ প্রেৰণ কৰি আহিছে৷ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ প্রক্রিয়াটো বর্তমান কেন্দ্রীয় চৰকাৰৰ বিবেচনাধীন হৈ আছে৷ কেন্দ্রীয় চৰকাৰে তেওঁলোকৰ এখন কমিটীৰ প্রতিবেদনমর্মে অসম চৰকাৰক এখন উচ্চ পর্যায়ৰ কমিটী গঠন কৰিবলৈ নির্দেশ দিয়ে আৰু এই কমিটীখনৰ পৰা কেন্দ্রীয় চৰকাৰে অসমৰ ছয় জনগোষ্ঠীৰ সংৰক্ষণৰ মাত্রা, অন্যান্য পিছপৰা শ্রেণীৰ সংৰক্ষণৰ হাৰ আৰু অসমত বর্তমানে বসবাস কৰা জনজাতিসকলৰ ৰক্ষা কৱচৰ বিষয়ে এখন প্রতিবেদন বিচাৰিছে৷ পূর্বৰ ৰাজ্য চৰকাৰে কেন্দ্রীয় চৰকাৰৰ আহ্বানত বিষয়টো চালি–জাৰি চোৱাৰ বাবে মন্ত্রী মণ্ডলীৰ এখন কমিটী গঠন কৰি দিয়ে আৰু কমিটীয়ে বিভিন্ন জনগোষ্ঠীৰ লগত বিষয়টোৰ ওপৰত আলোচনা কৰে৷

সেইদৰে বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাৰ আন এক প্রশ্নৰ উত্তৰত মন্ত্রী ডাঃ পেগুৱে কলিতা জনগোষ্ঠীৰ জনজাতিকৰণ সম্পর্কত কয় যে জনজাতিকৰণৰ বাবে কেন্দ্রীয় চৰকাৰে কিছুমান বৈশিষ্ট্য নির্ধাৰণ কৰি দিছে৷ কলিতা জনগোষ্ঠীক জনজাতিকৰণ সন্দর্ভত উক্ত বৈশিষ্ট্যসমূহ জনগোষ্ঠীটোৰ আছে নে নাই, তাৰ প্রতিবেদন বিচাৰি অসম অনুসূচিত জাতি আৰু জনজাতি গৱেষণা প্রতিষ্ঠানক অনুৰোধ কৰে৷ প্রতিষ্ঠানে জনাইছে যে যদিহে জনজাতিকৰণৰ নিয়মাৱলী তথা বৈশিষ্ট্যসমূহ কেন্দ্রীয় চৰকাৰে সৰলীকৰণ কৰে, তেতিয়াহ’লে কলিতা জনগোষ্ঠীৰ নৃ–তাত্ত্বিক প্রতিবেদন তৈয়াৰ কৰিব পৰা যাব৷

আনহাতে, বিধায়ক ৰমাকান্ত দেউৰীৰ আন এক প্রশ্নৰ উত্তৰত মন্ত্রী ডাঃ পেগুৱে কয় যে তিৱা, মিচিং আৰু ৰাভা জনগোষ্ঠীক সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তর্ভুক্ত কৰিবলৈ তথা সীমা নির্ধাৰণ সম্পর্কীয় বিষয়টো পৰীক্ষা কৰিবলৈ পূর্বৰ চৰকাৰৰ দিনত মন্ত্রী চন্দ্রমোহন পাটোৱাৰীৰ নেতৃত্বত কেবিনেট উপ–সমিতি এখন পুনৰ গঠন কৰিছে৷ বর্তমানৰ চৰকাৰে বিষয়টো চালি–জাৰি চাব৷ যদি কেন্দ্রীয় চৰকাৰে এই বিষয়ত কিবা ব্যৱস্থা লয়, ৰাজ্য চৰকাৰে সহযোগিতা আগবঢ়াব৷ সেইদৰে তিৱা স্বায়ত্ত পৰিষদত বর্তমানেও বহু তিৱা লোক পৰিষদৰ অন্তর্ভুক্ত নোহোৱাৰ প্রসংগত মন্ত্রী ডাঃ পেগুৱে কয় যে তিৱা লোকসকলক তিৱা স্বায়ত্ত পৰিষদত অন্তর্ভুক্ত কৰিবলৈ মৰিগাঁও, নগাঁও, হোজাই, কামৰূপ মেট্র’ আৰু ধেমাজি জিলাৰ উপায়ুক্তসকলক এক ক্ষেত্রভিত্তিক অধ্যয়ন কৰি প্রকৃত তথ্যসম্পন্ন প্রতিবেদন দিবলৈ আদেশ দিয়া হৈছে৷ প্রতিবেদনবোৰ এতিয়ালৈ বিভাগে লাভ কৰা নাই৷

You might also like